শিল্প আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দেশৰ অন্যতম আগশাৰীৰ ৰাজ্য মহাৰাষ্ট্ৰত যোৱা পাঁচটা বিত্তীয় বৰ্ষত ৩৬ হাজাৰৰো অধিক ব্যক্তিগত কোম্পানী বন্ধ বা বিলুপ্ত হৈছে। উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ এগৰাকী সাংসদে কৰা লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে সংসদত এই তথ্য প্ৰকাশ কৰিছে।
কেন্দ্ৰৰ এই তথ্যক লৈ বিৰোধীয়ে পুনৰ নিবনুৱা সমস্যাৰ বিষয়টো উত্থাপন কৰিছে। যি পাঁচ বছৰৰ তথ্য সংসদত দিয়া হৈছে, তাৰ বেছিভাগ সময় মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছিল। দেৱেন্দ্ৰ ফড়ণৱিছৰ আগতে একনাথ শিন্দে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল।
চৰকাৰী তথ্য অনুসৰি, যোৱা পাঁচটা বিত্তীয় বৰ্ষত মহাৰাষ্ট্ৰত মুঠ ৩৬,২১১টা ব্যক্তিগত কোম্পানী liquidation, dissolution অথবা struck off প্ৰক্ৰিয়াৰ মাজেৰে গৈছে। অৰ্থাৎ এই কোম্পানীসমূহ বন্ধ, বিলুপ্ত অথবা চৰকাৰী তালিকাৰ পৰা বাদ পৰিছে।
ইয়াৰ ভিতৰত সৰ্বাধিক ১৪,৬১৩টা কোম্পানী ব্যৱসায়িক সেৱা খণ্ডৰ। ইয়াৰ পাছত উৎপাদন, খনি আৰু অন্যান্য খণ্ডত ৬,৫৮২টা কোম্পানী বন্ধ হৈছে। বাণিজ্য বা ট্ৰেডিং খণ্ডত ৪,১৯৬টা, কমিউনিটি, ব্যক্তিগত আৰু সামাজিক সেৱা খণ্ডত ৩,৩৩৬টা আৰু নিৰ্মাণ খণ্ডত ২,৩৫৬টা কোম্পানী বন্ধ হৈছে।
ইয়াৰ উপৰি গুদামজাতকৰণ আৰু যোগাযোগ খণ্ডত ১,৩৩৬টা, কৃষি আৰু আনুষংগিক কাম-কাজত ১,১৭৮টা, ৰিয়েল এষ্টেট আৰু ভাড়া ব্যৱসায়ত ১,১৪৯টা, বিত্তীয় খণ্ডত ১,০১২টা, বিদ্যুৎ, গেছ আৰু পানী যোগান খণ্ডত ৩৮৭টা আৰু বীমা খণ্ডত ৪১টা কোম্পানী বন্ধ বা বিলুপ্ত হৈছে।
জিলাভিত্তিক হিচাপত মুম্বই চহৰত সৰ্বাধিক ১২,০০৯টা কোম্পানী বন্ধ বা বিলুপ্ত হৈছে। ইয়াৰ পাছত পুনেত ৬,৪৩৩টা আৰু থানেত ৪,৭০৪টা কোম্পানী বন্ধ হৈছে। নাগপুৰত ১,৪৭৮টা, নাছিকত ৮৪০টা, ৰায়গড়ত ৮২২টা আৰু ঔৰংগাবাদত ৬৫৪টা কোম্পানী এই তালিকাত আছে।
ইফালে কোলাপুৰত ৪২৯টা, আহমেদনগৰত ৩০৮টা, ছোলাপুৰত ২৬২টা, ছাংলিত ২৪৭টা, জলগাঁৱত ২১৫টা, সাতাৰাত ১৯৬টা, বান্দ্ৰা চহৰাঞ্চলত ১৭২টা, নান্দেৰত ১৬৯টা, লাতুৰত ১৬৩টা আৰু অমৰাৱতীত ১৫১টা কোম্পানী বন্ধ হৈছে। ‘অন্যান্য’ শ্ৰেণীত ৫,৬৩৬টা কোম্পানী অন্তৰ্ভুক্ত হৈছে।
মুম্বই চহৰ, পুনে আৰু থানে—এই তিনিটা অঞ্চলতে মুঠ ২৩,১৪৬টা কোম্পানী বন্ধ হৈছে। অৰ্থাৎ মহাৰাষ্ট্ৰত বন্ধ হোৱা মুঠ কোম্পানীৰ প্ৰায় ৬৪ শতাংশ এই তিনিটা অঞ্চলতে।
মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সাৱন্তে চৰকাৰক সমালোচনা কৰি কয় যে ৰাজনৈতিক হস্তক্ষেপ আৰু দুৰ্নীতিৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ক্ষতিগ্ৰস্ত হৈছে। তেওঁৰ মতে, ব্যৱসায় আৰু উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাত চৰকাৰ ব্যৰ্থ হৈছে। কোম্পানী বন্ধ হোৱাৰ এই পৰিসংখ্যাই চৰকাৰৰ ‘কৰ্মক্ষম বৃহৎ জনসংখ্যাৰ সম্ভাৱনা ব্যৱহাৰ’ৰ দাবীৰ সৈতে সাংঘৰ্ষিক বুলিও তেওঁ মন্তব্য কৰে।
আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ শেহতীয়া মন্তব্যৰ কথাও উল্লেখ কৰে সাৱন্তে। ভাগৱতে যুৱক-যুৱতীসকলৰ এটা অংশই চাকৰিৰ সলনি ব্যৱসায় আৰম্ভ কৰিব লাগিব বুলি কৈছিল। কিন্তু মহাৰাষ্ট্ৰত হাজাৰ হাজাৰ কোম্পানী বন্ধ হোৱাৰ তথ্যই সেই বাৰ্তাৰ বাস্তৱ ছবিখনক লৈ প্ৰশ্ন উত্থাপন কৰিছে বুলি সাৱন্তে দাবী কৰে।
সাৱন্তে লগতে দাবী কৰে যে প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা FDI আকৰ্ষণৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ কৰ্ণাটকৰ তুলনাত পিছ পৰিছে। তেওঁৰ মতে, সংসদত কেন্দ্ৰীয় চৰকাৰে দিয়া এই পৰিসংখ্যাই মহাৰাষ্ট্ৰৰ ব্যৱসায়িক পৰিৱেশ আৰু চাকৰিৰ সুযোগক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।





