• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

'বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ সময়ত আলফা উগ্ৰপন্থীয়ে আৰ এছ এছৰ আন কেইবাজনো জ্যেষ্ঠ নেতা-কৰ্মীকো হত্যা কৰিছিল।'

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 9:09 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটোঃ সংগ্ৰহীত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটোঃ সংগ্ৰহীত।

39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা(স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ নেতাক মহিমান্বিত কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰৰ পৰা (১৬ আগষ্ট) ৩৩৫ ঘণ্টীয়া অনশনl বহিব গুৱাহাটীৰ এগৰাকী আৰ এছ এছ কৰ্মীয়ে।

আৰ এছ এছৰ কৰ্মী হিতেশ্বৰ চক্ৰৱৰ্তীয়ে দেওবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰি ৩০ আগষ্টৰ পুৱা ১০ বজালৈকে গুৱাহাটীৰ অসম সচিবালয়ৰ বিপৰীতে দিছপুৰত অনশন কাৰ্যসূচী অব্যাহত ৰাখিব।

Apply Now

চক্ৰৱৰ্তীয়ে কয় যে মুখ্যমন্ত্ৰী শৰ্মাই যোৱা ১০ জুলাইত ৰাজহুৱাভাৱে কৰা পৰেশ বৰুৱাৰ সৈতে জড়িত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব। চক্ৰৱৰ্তীৰ মতে, মুখ্যমন্ত্ৰীয়ে বৰুৱাক “বিপ্লৱী” বুলি অভিহিত কৰি আলফা(স্বাধীন) নেতাগৰাকীৰ প্ৰতিকৃতি বা দেৱাল চিত্ৰ অংকন কৰিবলৈ আহ্বান জনাইছিল।

সশস্ত্ৰ আলফা বিদ্ৰোহৰ সৈতে বৰুৱাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু সংগঠনটোৰ অসমত হিংসাৰ ইতিহাস থকাৰ বাবেই শৰ্মাৰ এই মন্তব্য বিতৰ্কৰ বিষয় হৈ পৰিছে।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চক্ৰৱৰ্তীয়ে বিশেষকৈ আলফা উগ্ৰপন্থীয়ে আৰ এছ এছৰ নেতা-কৰ্মীৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰেশ বৰুৱাক “বিপ্লৱী” বুলি অভিহিত কৰাৰ যথাযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

হিন্দুত্ব আৰু আৰ এছ এছৰ কথা বাৰে বাৰে উল্লেখ কৰা মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্য বিশেষভাৱে দুৰ্ভাগ্যজনক বুলি যুক্তি দি চক্ৰৱৰ্তীয়ে প্ৰশ্ন কৰে,“পৰেশ বৰুৱাক বিপ্লৱী বুলি কোৱাটো ন্যায়সংগত নে?”

চক্ৰৱৰ্তীয়ে ১৯৯১ চনৰ ১৬ আগষ্টত বৰপেটা ৰোডত নিষিদ্ধ আলফাই গুলীয়াই হত্যা কৰা আৰ এছ এছ নেতা প্ৰমোদ নাৰায়ণ দীক্ষিতৰ কথা স্মৰণ কৰে। তেওঁ লগতে ২০০৫ চনৰ ৩০ আগষ্টত আলফা উগ্ৰপন্থীয়ে নলবাৰীত স্কুললৈ যোৱাৰ পথত (য’ত তেওঁ শিক্ষক হিচাপে কাম কৰিছিল) গুলীয়াই হত্যা কৰা আন এজন আৰ এছ এছ নেতা শুক্লেশ্বৰ মেধিক হত্যা কৰাৰ কথাও উল্লেখ কৰে ।

চক্ৰৱৰ্তীৰ মতে, বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ সময়ত আলফা উগ্ৰপন্থীয়ে আৰ এছ এছৰ আন কেইবাজনো জ্যেষ্ঠ নেতা-কৰ্মীকো হত্যা কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি চক্ৰৱৰ্তীয়ে কয়, ‘হিন্দুত্ব আৰু আৰ এছ এছৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ দেৱাল চিত্ৰ আঁকিবলৈ আবেদন কৰাটো দুৰ্ভাগ্যজনক।

তেওঁ কয় যে প্ৰস্তাৱিত অনশনৰ সময় ইচ্ছাকৃতভাৱে ১৬ আগষ্টত আৰম্ভ কৰা হৈছে, কিয়নো সেই দিনটো প্ৰমোদ নাৰায়ণ দীক্ষিতৰ হত্যাৰ বৰ্ষপূৰ্তি আৰু ৩০ আগষ্টত শুক্লেশ্বৰ মেধিৰ মৃত্যুৰ বাৰ্ষিকীত এই প্ৰতিবাদৰ অন্ত পৰিব।

‘প্ৰমোদ জীক হত্যা কৰা দিনটোৰ পৰা ৩০ আগষ্টত শুক্লেশ্বৰ মেধিক হত্যা কৰা দিনলৈকে মই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিম।’

পৰেশ বৰুৱাক লৈ কৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক ক্ষমা খুজিবলৈ দাবী জনাইছে চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰীয়ে যদি ক্ষমা খুজিবলৈ অস্বীকাৰ কৰে তেন্তে শৰ্মাই তেওঁৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰে।

চক্ৰৱৰ্তীয়ে লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পৰেশ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছে।

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ নেতাৰ দেৱাল চিত্ৰ অংকনৰ আহ্বান জনাব পাৰে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। আলফাৰ সমৰ্থনত কবিতা লিখাৰ অভিযোগত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰাৰ সৈতে তুলনা কৰি চক্ৰৱৰ্তীয়ে প্ৰশ্ন কৰে যে নিষিদ্ধ সশস্ত্ৰ সংগঠনৰ নেতাৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ ৰাজহুৱাভাৱে আবেদন জনোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কিয় ব্যৱস্থাৰ সন্মুখীন নহ’ব।

চক্ৰৱৰ্তীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে আৰ এছ এছৰ প্ৰতি ৰাজহুৱা সমৰ্থন আৰু আলফা(স্বাধীন)ৰ মুৰব্বীগৰাকীৰ বিষয়ে কৰা মন্তব্যৰ বৈপৰীত্যৰ কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd