• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

'বন্দে মাতৰম' বিতৰ্কক লৈ কংগ্ৰেছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে বিজেপি। দেওবাৰে ৰাজস্থানৰ চিতোৰগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক তীব্ৰ নিচানা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ছোনিয়া গান্ধীৰ এই কাৰ্যক এক 'পাপ' বুলি আখ্যা দি দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 8:40 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বন্দে মাতৰম’ বিতৰ্কক লৈ কংগ্ৰেছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে বিজেপি। দেওবাৰে ৰাজস্থানৰ চিতোৰগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক তীব্ৰ নিচানা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ছোনিয়া গান্ধীৰ এই কাৰ্যক এক ‘পাপ’ বুলি আখ্যা দি দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, দেওবাৰে বিয়লি নবান্নত এখন সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও।

 

Apply Now

বিতৰ্কৰ সূত্ৰপাত ক‘ত?

 

এই বিতৰ্কৰ সূত্ৰপাত হৈছিল শনিবাৰে, অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা। দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ পৰিৱেশন কৰি থকাৰ সময়ত দলীয় কৰ্মীসকলৰ সৈতে কথা পাতি থকা দেখা গৈছিল ছোনিয়া গান্ধীক। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বন্দে মাতৰম গাই আছে। তাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীও উপস্থিত আছিল। গীতটি চলি থকাৰ মাজতে ছোনিয়া গান্ধীক কাৰোবাক কিছু নিৰ্দেশ দি থকা দেখা গৈছে।

 

শনিবাৰেই বিজেপিৰ তৰফৰ পৰা দাবী কৰা হৈছিল যে সম্পূৰ্ণ বন্দে মাতৰম গীতটো গোৱাৰ সময়ত ছোনিয়া গান্ধীয়ে অস্বস্তি বোধ কৰিছিল। দেশৰ সাংস্কৃতিক চেতনা, ঐতিহ্য আৰু জাতীয়তাবাদৰ প্ৰতি গান্ধী পৰিয়ালৰ এই অস্বস্তিক লৈ সৰৱ হৈ পৰে গেৰুৱা দলটো।

 

বঙ্কিমচন্দ্ৰৰ পৰিয়ালৰ পত্ৰ

 

দেওবাৰে এই বিষয়টোক লৈ কংগ্ৰেছক অধিক শলঠেকত পেলোৱাৰ কৌশল গ্ৰহণ কৰে বিজেপিয়ে। ইতিমধ্যে নৈহাটীৰ বিজেপি বিধায়ক তথা বন্দে মাতৰমৰ স্ৰষ্টা যুগৰ্ষি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ পৰিয়ালৰ সদস্য সুমিত্ৰ চট্টোপাধ্যায়ে ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সম্পূৰ্ণ বন্দে মাতৰম গোৱাত বাধা দিয়াৰ অভিযোগ তুলি সুমিত্ৰই পত্ৰখনত লিখে, “কংগ্ৰেছ কৰ্মীসকলে যেতিয়া বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ পূৰ্ণাংগ ৰূপ পৰিৱেশন কৰি আছিল, তেতিয়া আপোনাৰ শাৰীৰিক ভাষাত যি দৃশ্যমান অস্বস্তি, বিৰক্তি আৰু বাৰে বাৰে ৰখাই দিয়াৰ প্ৰয়াস প্ৰকাশ পাইছে, সেয়া মোক গভীৰভাৱে মৰ্মাহত কৰিছে।” পত্ৰখনত তেওঁ ছোনিয়া গান্ধীক আত্মবিশ্লেষণ কৰাৰ লগতে বিনাচৰ্তে ক্ষমা খুজিবলৈ আহ্বান জনায়।

 

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

 

ছোনিয়ালৈ লিখা সুমিত্ৰৰ সেই পত্ৰখন হাতত লৈ নবান্নত সংবাদমেল সম্বোধন কৰে শুভেন্দু অধিকাৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বন্দে মাতৰম আছিল বিপ্লৱীসকলৰ সঞ্জীৱনী মন্ত্ৰ। ইয়াক অপমান কৰা মানে দেশপ্ৰেম আৰু সৰ্বোপৰি বঙ্কিমচন্দ্ৰক অপমান কৰা। বংগভূমিৰ পৰা মই ইয়াৰ তীব্ৰ নিন্দা কৰিছোঁ।” এই প্ৰসংগতে ৰাজ্যিক কংগ্ৰেছ নেতৃত্বকো নিচানা কৰি তেওঁ কয়, “পশ্চিমবংগ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ কোনো ক্ষমতা নাই। তেওঁলোকৰ পৰা আমি একো আশা নকৰোঁ। পিছে ছোনিয়া গান্ধীৰ পৰা প্ৰতিক্ৰিয়া আশা কৰিম।”

 

অমিত শ্বাহৰ কঠোৰ সমালোচনা

 

সমগ্ৰ ঘটনাক ‘লজ্জাজনক’ বুলি অভিহিত কৰি দেওবাৰে অমিত শ্বাহে কয়, “কংগ্ৰেছৰ কাৰ্যালয়ত বন্দে মাতৰম পৰিৱেশন কৰি থকাৰ সময়ত ছোনিয়া গান্ধীয়ে কংগ্ৰেছ সভাপতিক গীতটো গাবলৈ বাধা দিয়ে। আমি টিভিত সকলোৱে দেখিছোঁ।” ছোনিয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি শ্বাহে লগতে কয়, “১৪০ কোটি ভাৰতবাসীয়ে আপোনাক দেখিছে। আপুনি যি পাপ কৰিলে, সেয়া দেশবাসীয়ে কেতিয়াও নাপাহৰে। কংগ্ৰেছৰ লোকসকলৰ লাজ পোৱা উচিত।”

 

কংগ্ৰেছৰ স্পষ্টীকৰণ

 

অৱশ্যে শনিবাৰেই বিজেপিয়ে উত্থাপন কৰা এই অভিযোগ অস্বীকাৰ কৰিছিল কংগ্ৰেছে। তেওঁলোকৰ দাবী, ইন্দিৰা ভৱনৰ কাৰ্যসূচীত বন্দে মাতৰম সম্পূৰ্ণকৈ গোৱা হৈছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে স্পষ্ট কৰি দিয়ে যে মল্লিকাৰ্জুন খাৰ্গে বহুত সময় ধৰি থিয় হৈ আছিল, সেয়েহে ছোনিয়া গান্ধীয়ে তেওঁৰ বাবে এখন চকী আনিবলৈহে নিৰ্দেশ দিছিল; ইয়াত গীতটোক অৱমাননা কৰাৰ কোনো প্ৰশ্নই নুঠে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd