গুৱাহাটী বিশ্ববিদ্যালয়ত ‘ফ্ৰম গেৰিলা ফাইটাৰ টু এ পিচমেকাৰ’ (From Guerrilla Fighter to a Peacemaker) শীৰ্ষক এখন বিশেষ বক্তৃতানুষ্ঠান সফলতাৰে সম্পন্ন হৈ যায়। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ (MNF) সভাপতি জোৰামথাংগাই। উল্লেখযোগ্য যে, এই বিশেষ অনুষ্ঠানতে অতীতৰ শৈক্ষিক দিনবোৰৰ স্মৃতি পুনৰ সজীৱ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিজৰ স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।
অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান (OKDISCD), গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠান আৰু চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ যুটীয়া উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক অখিল ৰঞ্জন দত্তৰ আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি ঘটে।
নিজৰ গ্ৰন্থ ‘From Guerrilla Fighter to Chief Minister’-ৰ আলম লৈ উপস্থিত শিক্ষাৰ্থী আৰু গৱেষকসকলক সম্বোধন কৰি জোৰামথাংগাই কয়, “মোৰ জীৱন-যাত্ৰা হৈছে সংঘাতৰ পৰা শান্তিলৈ, বিদ্ৰোহৰ পৰা ৰাজনীতিলৈ এক দীঘলীয়া যাত্ৰা।” তেখেতে লগতে কয় যে এই যাত্ৰাই তেওঁক পাৰস্পৰিক বুজাবুজি, সহনশীলতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰাইছে।
“শান্তি আৰু উন্নয়নৰ বাবে সমাজৰ সকলোৰে মাজত বিশ্বাস, সহযোগিতা আৰু একেলগে আগবাঢ়ি যোৱাৰ মানসিকতা অতি প্ৰয়োজনীয়,” বুলি তেওঁ মন্তব্য কৰে। এনে এক গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদানৰ সুযোগ দিয়াৰ বাবে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই জোৰামথাংগাৰ জীৱনৰ ওপৰত আলোকপাত কৰি এক তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে। তেখেতে কয়, “সন্মানীয় জোৰামথাংগাদেৱৰ জীৱন-যাত্ৰা কেৱল এগৰাকী ৰাজনীতিবিদৰ যাত্ৰা নহয়, ই সংঘাতৰ পৰা শান্তি আৰু কঠিন বাস্তৱৰ মাজেৰে গণতান্ত্ৰিক মূল্যবোধৰ দিশে আগবাঢ়ি যোৱাৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী।” তেখেতৰ অভিজ্ঞতা আৰু শান্তিৰ প্ৰতি থকা অটুট বিশ্বাসে নতুন প্ৰজন্মক সমাজৰ বাবে এক ইতিবাচক ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰাণিত কৰিব বুলি উপাচাৰ্যগৰাকীয়ে আশা প্ৰকাশ কৰে।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিজো নেচনেল ফ্ৰণ্টৰ জ্যেষ্ঠ উপ-সভাপতি তথা বিধায়ক ড° আৰ. লালথাংগ্লিয়ানা, অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাস আৰু সঞ্চালক অধ্যাপিকা শ্বাশ্বতী চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথি, অধ্যাপক-অধ্যাপিকা, গৱেষক আৰু শিক্ষাৰ্থী উপস্থিত থাকে।


