• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

সজ্জন কুমাৰৰ ৰাজনৈতিক জীৱন দীঘলীয়া আছিল। দিল্লীৰ ৰাজনীতিত তেওঁ এজন প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2026 8:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ বৃহস্পতিবাৰে ৮০ বছৰ বয়সত মৃত্যু হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে শেহতীয়াকৈ তেওঁক দিল্লীৰ ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে তাতেই তেওঁৰ মৃত্যু হয়। প্ৰাথমিকভাৱে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী বাৰ্ধক্যজনিত বিভিন্ন ৰোগত ভুগি থকা বুলি জানিব পৰা গৈছে।

১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ দুজন শিখ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। সেই ঘটনাৰ লগে লগে ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ আৰম্ভ হয়। কেইবাদিনো ধৰি চলি থকা হিংসাত বহু লোকে প্ৰাণ হেৰুৱালে। শিখৰ ঘৰ, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ধৰ্মীয় স্থানতো আক্ৰমণ কৰা হয়।

Apply Now

সেই সংঘৰ্ষত ৰাজনৈতিকভাৱে প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ এটা অংশই হিংসাত সহযোগিতা আগবঢ়োৱা আৰু আক্ৰমণৰ নেতৃত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সেই তালিকাত সজ্জন কুমাৰ আৰু জগদীশ টাইটলাৰৰ নামো আছিল। সজ্জন কুমাৰৰ বিৰুদ্ধে দিল্লীৰ ৰাজনগৰ অঞ্চলত শিখ পৰিয়ালৰ ৫ জন সদস্যক হত্যা কৰাৰ লগতে গুৰদ্বাৰাত অগ্নিসংযোগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।

কিন্তু দাঙ্গাৰ পিছত দীৰ্ঘদিন ধৰি সজ্জন কুমাৰৰ বিৰুদ্ধে কোনো কাৰ্যকৰী আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। তিনি দশকৰো অধিক সময় ধৰি তেওঁ ৰাজনীতিত সক্ৰিয় আছিল। ১৯৮৪ চনৰ দাঙ্গাৰ তদন্তৰ বাবে গঠন কৰা কেইবাখনো আয়োগ আৰু সমিতিৰ প্ৰতিবেদনত তেওঁৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। জানিব পৰা মতে ন্যায়াধীশ ৰংগনাথ মিশ্ৰ আয়োগ আৰু জৈন-আগৰৱাল পেনেলৰ প্ৰতিবেদনতো তেওঁৰ নাম উল্লেখ কৰা হোৱা নাছিল।

পিছলৈ অৱশ্যে ৰাজনগৰ অঞ্চলৰ হত্যাকাণ্ডৰ গোচৰত তেওঁৰ বিৰুদ্ধে তদন্তই নতুন গতি লাভ কৰে। এই গোচৰত সত্ৰ আদালতে কংগ্ৰেছৰ প্ৰাক্তন কাউন্সিলাৰ বলবন খোকৰ, প্ৰাক্তন নৌসেনা বিষয়া কেপ্তেইন ভাগমলকে ধৰি কেইবাজনো লোকক দোষী সাব্যস্ত কৰে। কিন্তু সেই সময়ত সজ্জন কুমাৰক দোষমুক্ত কৰা হৈছিল।

তাৰ পিছত সেই ৰায়ৰ বিৰুদ্ধে চিবিআইয়ে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনায়। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ২০১৮ চনৰ ১৮ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে।নিম্ন ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰি সজ্জন কুমাৰক দোষী সাব্যস্ত কৰে। তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। আদালতৰ নিৰ্দেশৰ পিছতে প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকীয়ে তিহাৰ জেললৈ গৈ শাস্তি ভুগিবলৈ আৰম্ভ কৰে।

সজ্জন কুমাৰৰ ৰাজনৈতিক জীৱন দীঘলীয়া আছিল। দিল্লীৰ ৰাজনীতিত তেওঁ এজন প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। পিছলৈ তেওঁ সাংসদও হয়। কিন্তু ১৯৮৪ চনৰ দাঙ্গাৰ অভিযোগে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ ওপৰত দীঘলীয়া প্ৰভাৱ পেলাইছিল। এই গোচৰৰ বিচাৰ শেষ হ’বলৈ কেইবাদশক সময় লাগিছিল।

চৰকাৰী তথ্য অনুসৰি ১৯৮৪ চনত শিখ বিৰোধী দাঙ্গাত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। কিন্তু বিভিন্ন বেচৰকাৰী হিচাপ অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা বহু বেছি। দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শিখ সম্প্ৰদায়ৰ ওপৰত সংঘটিত আক্ৰমণৰ স্মৃতি এতিয়াও ভাৰতীয় ৰাজনীতিত এক অতি স্পৰ্শকাতৰ বিষয়।

দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত তিহাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে কাৰাবাস খাটিছিল সজ্জন কুমাৰ। বাৰ্ধক্য আৰু অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁৰ জীৱনৰ অন্ত পৰে। তেওঁৰ মৃত্যুৱে ১৯৮৪ চনৰ দাঙ্গাৰ বিচাৰ, ৰাজনৈতিক দায়বদ্ধতা আৰু কেইবা দশক ধৰি চলি থকা আইনী যুঁজক পুনৰ চৰ্চালৈ আনিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd