দিল্লীৰ যন্তৰ মন্তৰত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ ‘সংৰক্ষণ নীতি’ৰ বিৰুদ্ধে শুকুৰবাৰে যন্তৰ মন্তৰত সমবেত হয় প্ৰতিবাদকাৰী।
অভিযোগ অনুসৰি এই কাৰ্যসূচীৰ বাবে আৰক্ষীৰ অনুমতি নথকাৰ পিছতো প্ৰতিবাদকাৰীসকলে সমবেত হয়। খবৰ অনুসৰি দিল্লী আৰক্ষী আৰু ৰেপিড একচন ফৰ্চে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে।
এই কাৰ্যসূচী মূলতঃ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছিল। সেই প্ৰমোচনৰ পৰিপ্ৰেক্ষিতত এই দিনটোৰ বাবে এই সমাৱেশৰ আহ্বান কৰা হৈছিল। যদিও দিল্লী আৰক্ষীয়ে কৈছিল যে যন্তৰ মন্তৰত কোনো ধৰণৰ সমাৱেশ বা বিক্ষোভৰ অনুমতি নাই। পিছত আৰক্ষী প্ৰশাসনে ৰামলীলা ময়দানত সন্ধিয়া ৪ বজালৈ সৰ্বাধিক ৫০০ লোকৰ উপস্থিতিৰে শান্তিপূৰ্ণ কাৰ্যসূচীৰ অনুমতি দিয়ে।
প্ৰতিবাদকাৰীসকলে দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত জাতিভিত্তিক সংৰক্ষণ বিলুপ্ত কৰিবলৈ দাবী জনায়। ইয়াৰ পৰিৱৰ্তে কেৱল যোগ্যতা আৰু অৰ্থনৈতিক যোগ্যতাকহে অগ্ৰাধিকাৰ দিয়া উচিত।
‘এক জাতি, এক পৰিচয়’ নীতি মানি চলি জাতি ব্যৱস্থা বিলুপ্ত কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে জনায়। কেৱল দৰিদ্ৰ, বিশেষভাৱে সক্ষম বা শ্বহীদ পৰিয়ালৰ সন্তানৰ বাবেহে বিশেষ চৰকাৰী সাহায্য থকা উচিত।
অৱশ্যে শুকুৰবাৰে পুৱাৰে পৰা যন্তৰ মন্তৰত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু প্ৰতিবাদকাৰীৰ সমাগম হ’বলৈ আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে ভিৰ বাঢ়িবলৈ ধৰে। প্ৰতিবাদকাৰীসকলে তাৰ পৰা যাবলৈ অমান্তি হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীক আঁতৰাই নিয়াৰ লগতে গাড়ী বাছত ভৰ্তি কৰি লৈ যায় বুলি অভিযোগ উঠিছে। কেইবাজনকো গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে জুন মাহত ককৰোচ জনতা পাৰ্টিয়ে দিল্লীৰ যন্তৰ মন্তৰত NEET প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল। প্ৰায় দুমাহ ধৰি দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰে।


