• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2026 1:26 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই যেন কমি আহিল চৰকাৰী ধন আৰু ব্যক্তিগত ব্যৱসায়ৰ সীমাৰেখা। পুনৰ পোহৰলৈ আহিছে সদা চৰ্চিত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ চৰকাৰী ধন লাভৰ কাহিনী।

অসম বিধানসভাত ২০২৬ চনৰ জুলাইত দাখিল কৰা তথ্য অনুসৰি, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ আগৰ পাঁচটা বিত্তীয় বৰ্ষ—২০১৬-১৭ৰ পৰা ২০২০-২১লৈ—ৰাজ্য চৰকাৰে সংবাদ মাধ্যম আৰু প্ৰচাৰৰ বাবে মুঠ ১৪৫.০১ কোটি টকা ব্যয় কৰিছিল। ইয়াৰ বিপৰীতে ২০২১-২২ৰ পৰা ২০২৫-২৬লৈ পাঁচটা বিত্তীয় বৰ্ষত এই ব্যয় বৃদ্ধি হৈ ৪৬০.৮২ কোটি টকা হৈছে। অৰ্থাৎ পাঁচ বছৰৰ ব্যৱধানত চৰকাৰী বিজ্ঞাপন আৰু প্ৰচাৰ ব্যয় তিনিগুণতকৈও অধিক হৈছে।

Apply Now

২০২৩-২৪ বিত্তীয় বৰ্ষত ব্যয়টোৱে একেবাৰে ১৬০.৯০ কোটি টকাৰ শিখৰত উপনীত হয়। ২০২১-২২ত ৭২.৮৩ কোটি, ২০২২-২৩ত ৭৮.৬৯ কোটি, ২০২৪-২৫ত ৬৯.১৭ কোটি আৰু ২০২৫-২৬ত ৭৯.২৩ কোটি টকা ব্যয় হোৱা বুলি বিধানসভাৰ তথ্যত উল্লেখ আছে।

অৱশ্যে ২০২১-২২ৰ পৰিসংখ্যাত ২০২১ চনৰ এপ্ৰিল মাহো অন্তৰ্ভুক্ত—অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই ১০ মে’ ২০২১ত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ আগৰ সময়ো সেই হিচাপৰ ভিতৰত আছে।

এই বৃহৎ চৰকাৰী বিজ্ঞাপন ব্যয়ৰ অংশীদাৰসকলৰ ভিতৰত আছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা মেনেজিং ডাইৰেক্টৰ ৰিণিকি ভূঞা শৰ্মা।

‘নিউজলণ্ড্ৰী’ৰ অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি, ২০২১-২২ৰ পৰা ২০২৪ চনৰ আগষ্টলৈ প্ৰাইড ইষ্টে প্ৰায় ২০.১১ কোটি টকাৰ চৰকাৰী বিজ্ঞাপন লাভ কৰিছিল। তাৰ বিপৰীতে ২০১০-১১ৰ পৰা ২০২০-২১লৈ ১১টা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে লাভ কৰা চৰকাৰী বিজ্ঞাপনৰ পৰিমাণ আছিল প্ৰায় ১০.৪০ কোটি টকা।

২০২০-২১ত প্ৰায় ২.৬৮ কোটি টকা বিজ্ঞাপন ৰাজহ লাভ কৰা প্ৰতিষ্ঠানটোৱে ২০২১-২২ত ৫.৫২ কোটি টকা লাভ কৰে। ২০২২-২৩ত সেই অংক ৩.৭৪ কোটিলৈ হ্ৰাস পালেও ২০২৩-২৪ত ই ১০.০৪ কোটি টকালৈ বৃদ্ধি পায়। ২০২৪-২৫ৰ আগষ্টলৈ ৭৮.৮৯ লাখ টকাৰ ব্যয় নথিভুক্ত কৰা হৈছে।

সেয়েহে, চৰকাৰৰ মুঠ বিজ্ঞাপন ব্যয় আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন মিডিয়া গোটলৈ যোৱা বিজ্ঞাপনৰ ধন দুয়োটা বৃদ্ধি পোৱাটোৱে স্বাভাৱিকভাৱেই প্ৰশ্নৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আৰু কেতবোৰ বিস্ফোৰক অভিযোগ।

২০২৩ চনত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টক প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত ১০ কোটিৰ চাবচিডি অনুমোদন হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি অসম ৰাজনীতিত তীব্ৰ বিতৰ্ক হৈছিল।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰমাণসহকাৰে অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ সৈতে জড়িত কোম্পানীটোৱে খাদ্য-প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ বাবে ১০ কোটিৰ চাবচিডি লাভ কৰিছে। ইয়াৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰি আদালতৰ দাৰস্থ হৈছিল  ৰিণিকি ভূঞা শৰ্মা।

কেৱল এয়াই নহয়, ২০২১ চনত ‘দ্য ৱায়াৰ’ আৰু ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত RBS Realtors Private Limited নামৰ এটা প্ৰতিষ্ঠানে প্ৰায় ১৮ একৰ চৰকাৰী মাটিৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠাপক আছিল ৰিণিকি ভূঞা শৰ্মা। অনুসন্ধানটোত চৰকাৰী নথি আৰু ‘ধৰিত্ৰী’পৰ্টেলৰ তথ্যৰ উদ্ধৃতি দি কোৱা হৈছিল যে মাটিৰ এটা অংশ ভূমিহীন লোক আৰু প্ৰতিষ্ঠানৰ বাবে সংৰক্ষিত চিলিং চাৰপ্লাছ মাটি আছিল।

প্ৰতিবেদন অনুসৰি, ২০০৯ চনত প্ৰায় ৬.৯২ একৰ চিলিং চাৰপ্লাছ মাটি মূলতে চৰকাৰৰ পৰা লাভ কৰা লোকসকলৰ পৰা উক্ত প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰিছিল আৰু কিছুমান ক্ষেত্ৰত চৰকাৰী অনুমোদন লাভৰ কেইমাহমানৰ ভিতৰতে মাটি বিক্ৰী হোৱা বুলি নথিৰ উদ্ধৃতি দিয়া হৈছিল।

এই অভিযোগৰ পিছত বিৰোধী দলসমূহে তদন্তৰ দাবী কৰিছিল। RBS Realtors-ৰ পৰৱৰ্তী নাম Vasistha Realtors হোৱা বুলিও অনুসন্ধানত উল্লেখ কৰা হৈছিল। যাৰ ফলত প্ৰতিষ্ঠানটোৰ ফালৰ পৰা ‘দ্য ৱায়াৰ’লৈ আইনী নোটিছো প্ৰেৰণ কৰা হৈছিল।

২০২৪ চনত ৰিণিকি ভূঞা শৰ্মাৰ সৈতে জড়িত আন এটা মাটি ক্ৰয়ক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

মাজুলীত প্ৰায় ১৮ বিঘাৰো অধিক মাটি ক্ৰয়ৰ তথ্য প্ৰকাশ পাইছিল। প্ৰতিবেদন অনুসৰি, লেনদেন দুটা ২০২২ চনৰ মে’ আৰু ২০২৩ চনৰ জুনত হৈছিল। মাটি ক্ৰয়ৰ সৈতে Ekaa Estates LLP-ৰ নামো জড়িত আছিল, যিটো ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰৰ সৈতে জড়িত বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

এনেদৰে না না  অভিযোগ উত্থাপন হৈ আহিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে। এতিয়া প্ৰশ্নটো হ’ল – মাটিৰ ক্ষেত্ৰত কি কেলেংকাৰী সংঘটিত কৰিছিল ৰিণিকি ভূঞা শৰ্মাই? মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ পিছতো কিদৰে কৃষকৰ বাবে অহা ঋণৰ চাবচিটি লাভ কৰিলে তেওঁ? মাটি ক্ৰয়ৰ ক্ষেত্ৰত কি কেলেংকাৰী সংঘটিত কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে? এইবোৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ বিচাৰিছে অসমৰ সচেতন ৰাইজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd