শনিবাৰে আবেলি হায়দৰাবাদৰ মাধাপুৰ অঞ্চলত এটা নিৰ্মীয়মাণ সাত মহলীয়া ভৱন খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে তীব্ৰ অভিযান চলাই আছে।
জানিব পৰা মতে, আঞ্জায়া নগৰত থকা প্ৰায় ৫০ বৰ্গগজ মাটিত নিৰ্মাণ কৰি থকা অৱস্থাতে ভৱনটো হঠাতে হুৰমুৰকৈ কাষৰ এটা এপাৰ্টমেণ্টৰ ওপৰত খহি পৰে। ইয়াৰ ফলত এপাৰ্টমেণ্টটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হয়। সুৰক্ষাৰ খাতিৰত লগে লগে ওচৰৰ এটা হোষ্টেলো খালী কৰি দিয়া হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত শ্ৰমিক দুজন মধ্যপ্ৰদেশৰ মহাবত আৰু উমেশ। প্ৰাথমিক তথ্য অনুসৰি তেওঁলোকে ভৱনটোত টাইলছৰ কাম কৰি আছিল। আনহাতে, গুৰুতৰভাৱে আহত ৰমন ৰেড্ডী নামৰ আন এজন ব্যক্তিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুৰ্ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ দলে দ্ৰুতগতিকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ধ্বংসাৱশেষৰ মাজত আৰু কোনো লোক আৱদ্ধ হৈ থকাৰ আশংকাত এটা ডগ স্কোৱাডো (প্ৰশিক্ষিত কুকুৰৰ দল) নিয়োগ কৰা হৈছে। চাইবাৰাবাদৰ পৌৰ আয়ুক্ত সৃজনাই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ওচৰৰ আন ভৱনসমূহৰ কিবা ক্ষতি হৈছে নেকি তাৰো সমীক্ষা চলাই আছে।
এই সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছ বিধায়ক আৰেকাপুডি গান্ধীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ জনোৱা মতে, এই সাত মহলীয়া ভৱনটো সম্পূৰ্ণ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। প্ৰায় চাৰিমাহ পূৰ্বে বিষয়াসকলে ইয়াৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দিছিল যদিও শেহতীয়াকৈ পুনৰ বেআইনীভাৱে কাম আৰম্ভ কৰা হৈছিল। কাষৰীয়া ভৱনটোৰ সৈতে সংলগ্ন কৰি মাটিৰ তলৰ মহলাৰ কাম সম্প্ৰসাৰণ কৰিবলৈ যোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত চলি থকা অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।





