ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিতন্ত্ৰ সংবেদনশীল এলেকা পূৰ্বৰ ১০ কিলোমিটাৰৰ পৰা মাত্ৰ ১-৩ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈ বিতৰ্ক চলিথকাৰ সময়তে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ (IUCN) ‘ৱৰ্ল্ড হেৰিটেজ আউটলুক’ৰ শেহতীয়া প্ৰতিবেদনত সকীয়াই দিছে যে বাহ্যিক হেঁচা আৰু অপৰিকল্পিত নিৰ্মাণকাৰ্যই কাজিৰঙাৰ দীৰ্ঘম্যাদী জৈৱ-পৰিৱেশলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দীৰ্ঘম্যাদী জৈৱ-পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি বাহ্যিক চাপ আৰু চাৰিওফালৰ ভূ-প্ৰকৃতিৰ পৰিৱৰ্তনে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ (IUCN) ‘ৱৰ্ল্ড হেৰিটেজ আউটলুক’ৰ শেহতীয়া মূল্যায়ন প্ৰতিবেদনত এই সতৰ্কবাণী প্ৰদান কৰা হৈছে। বিশেষকৈ ৰাজ্য চৰকাৰে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰ সংবেদনশীল এলেকা পূৰ্বৰ ১০ কিলোমিটাৰৰ পৰা মাত্ৰ ১ ৰ পৰা ৩ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে প্ৰকাশ পোৱা আইইউচিএনৰ এই পৰ্যবেক্ষণে বিশেষ তাৎপৰ্য বহন কৰিছে।
প্ৰকৃতিপ্ৰেমী আৰু সংৰক্ষণ কৰ্মীসকলে চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে, সংবেদনশীল এলেকাৰ এনে হ্ৰাসে কাষৰীয়া কাৰ্বি আংলং পাহাৰত ধ্বংসাত্মক উদ্যোগিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ লগতে অনিয়ন্ত্ৰিত পৰ্যটন উদ্যোগ গঢ়ি তোলাত ইন্ধন যোগাব। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে থকা কাৰ্বি আংলঙৰ পাহাৰীয়া বনাঞ্চল কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে বাৰিষাৰ বানপানীৰ সময়ত এক অপৰিহাৰ্য আশ্ৰয়স্থল। এই পাহাৰ আৰু কাজিৰঙা একেলগে এক অবিচ্ছিন্ন পৰিস্থিতিতন্ত্ৰৰ অংশ। সংবেদনশীল এলেকা সংকোচন কৰিলে কাজিৰঙাৰ সামগ্ৰিক পৰিৱেশতন্ত্ৰত অপূৰণীয় ক্ষতি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে।
আইইউচিএনৰ প্ৰতিবেদন অনুসৰি, উদ্যানখনৰ সীমামূৰীয়া অঞ্চলত অপৰিকল্পিত আন্তঃগাঁথনি নিৰ্মাণ, বাণিজ্যিক নিৰ্মাণকাৰ্য আৰু বিলাসী ৰিজৰ্টৰ অনিয়ন্ত্ৰিত বৃদ্ধিয়ে প্ৰাকৃতিক বাসস্থানৰ ওপৰত প্ৰচণ্ড চাপ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও ভূ-প্ৰকৃতি আৰু প্ৰাণীৰ চলাচলোৱা কৰিড’ৰসমূহৰ পৰিৱৰ্তনে বিশেষকৈ বাৰিষাৰ সময়ত কাৰ্বি আংলং পাহাৰলৈ যোৱাৰ বন্যপ্ৰাণীৰ ঐতিহাসিক পথসমূহ বিপদাপন্ন কৰি তুলিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত বাৰিষাৰ বানপানীৰ তীব্ৰতা বৃদ্ধিয়েও বন্যপ্ৰাণী আৰু উদ্যানখনৰ আন্তঃগাঁথনিৰ বাবে সংকট বৃদ্ধি কৰিছে।
অৱশ্যে, ২০২৫ চনৰ সংৰক্ষণ আউটলুকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিছু উদ্বেগজনক যদিও সামগ্ৰিক অৱস্থা ভাল (Good with Some Concerns) হিচাপে স্থান দিয়া হৈছিল। চোৰাং চিকাৰ প্ৰতিৰোধত বন বিভাগৰ সফলতা আৰু গঁড়ৰ সুস্থিৰ জনসংখ্যাক প্ৰতিবেদনত প্ৰশংসা কৰিছিল। কিন্তু ভূমি বেদখলৰ ফলত বাসস্থান সংকোচন, মাইকেনিয়া আৰু কচুৰি পোনাৰ দৰে আক্ৰমণাত্মক উদ্ভিদৰ বৃদ্ধি, পশুধনৰ অবাধ চৰণ, খহনীয়া আৰু প্ৰস্তাৱিত এলিভেটেড হাইৱে’ নিৰ্মাণক ভৱিষ্যতৰ মূল প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰা হৈছে। আইইউচিএনে স্পষ্ট কৰি দিছে যে কাজিৰঙাৰ বিশ্বজনীন ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ হ’লে সমন্বিত পৰিকল্পনা, স্থানীয় সম্প্ৰদায়ৰ সহযোগিতা আৰু দীৰ্ঘম্যাদী সংৰক্ষণ কৌশল গ্ৰহণ কৰাটো অতি জৰুৰী।





