কলকাতাৰ যুৱভাৰতীত মোহনবাগানক ৪-১ গ’লত বিধ্বস্ত কৰি কেৱল যে ডুৰাণ্ড কাপৰ খিতাপেই দখল কৰিলে এনে নহয়, বৰঞ্চ আৰ্থিকভাৱেও এক বৃহৎ সকাহ লাভ কৰিলে ইষ্টবেংগলে। চেম্পিয়ন হোৱাৰ সুবাদত দলটোৱে এক কোটিৰো অধিক টকাৰ বিশাল ধনৰাশী লাভ কৰিছেআনহাতে, খিতাপ দখলৰ যুঁজত পৰাস্ত হ’লেও ৰানাৰ্ছ-আপ মোহনবাগান আৰু প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা কেইবাগৰাকীও খেলুৱৈক বৃহৎ আৰ্থিক পুৰস্কাৰ আৰু বিলাসী উপহাৰেৰে সন্মানিত কৰা হৈছে।
প্ৰতিযোগিতাখনৰ দলীয় পুৰস্কাৰসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে চেম্পিয়নৰ ট্ৰফীৰ লগতে পুৰস্কাৰৰ ধন হিচাপে ইষ্টবেংগলে ১ কোটি ২১ লাখ টকা লাভ কৰিছে। ৰানাৰ্ছ-আপ হোৱাৰ বাবে তেওঁলোকক ৬০ লাখ টকা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ছেমিফাইনেলত প্ৰৱেশ কৰা এছ চি দিল্লী আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰতিটো দলে ২৫ লাখ টকাকৈ লাভ কৰাৰ বিপৰীতে শেষ আঠত স্থান লাভ কৰা ইণ্ডিয়ান আৰ্মি, জামছেদপুৰ, শ্বিলং লাজং আৰু ৰায়েংদাই দলে পুৰস্কাৰ হিচাপে ১৫ লাখ টকাকৈ লাভ কৰিছে।
দলীয় পুৰস্কাৰৰ সমান্তৰালকৈ ব্যক্তিগত শিতানৰ পুৰস্কাৰসমূহো আছিল যথেষ্ট আকৰ্ষণীয়। ফাইনেলত চাৰিটা গ’ল হজম কৰিলেও সমগ্ৰ প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ গ’লৰক্ষকৰ পুৰস্কাৰ অৰ্থাৎ ‘গ’ল্ডেন গ্লাভছ’ লাভ কৰিছে বিশাল কাইথে। তেওঁ প্ৰতিযোগিতাখনৰ তিনিখন মেচত কোনো গ’ল খোৱা নাছিল। শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে মোহনবাগানৰ এইগৰাকী খেলুৱৈয়ে ৩ লাখ টকা আৰু এখন গাড়ী উপহাৰ হিচাপে লাভ কৰিছে।
আনহাতে, ছেমিফাইনেলৰ পৰা বিদায় ল’লেও নৰ্থ-ইষ্ট ইউনাইটেডৰ ষ্ট্ৰাইকাৰ আলাদিন আজাৰাইয়ে ডুৰাণ্ড কাপত সৰ্বাধিক ৯ টা গ’ল কৰি ‘গ’ল্ডেন বুট’ লাভ কৰিছে। মৰক্কোৰ এইগৰাকী ফুটবলাৰক ৩ লাখ টকা আৰু এখন গাড়ী প্ৰদান কৰা হৈছে।
প্ৰতিযোগিতাখনৰ আটাইতকৈ আকৰ্ষণীয় খেলুৱৈগৰাকী আছিল ইষ্টবেংগলক চেম্পিয়ন কৰাৰ নেপথ্যৰ নায়ক এডমাণ্ড লালৰিণডিকা। ফাইনেলত তেওঁ দুৰ্দান্ত হেটট্ৰিক অৰ্জন কৰে। উল্লেখযোগ্য যে, কলকাতা ডাৰ্বিত ভাইচুং ভুতীয়াৰ পাছত ইষ্টবেংগলৰ হৈ এইটোৱেই হৈছে দ্বিতীয়টো হেটট্ৰিক। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘গ’ল্ডেন বল’ জয় কৰি এডমাণ্ডে ৩ লাখ টকা আৰু এখন গাড়ী লাভ কৰিছে।


