• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2026 5:37 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জেন জি’ প্ৰজন্মক লৈ অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱত আৰু যোগগুৰু বাবা ৰামদেৱৰ মাজত চলি থকা বাকযুদ্ধত এইবাৰ যেন যতি পৰিল। কংগনাৰ তীব্ৰ আক্ৰমণৰ পাছত এই বিষয়টো আৰু আগুৱাই নিব নোখোজে বুলি স্পষ্ট কৰি দিলে বাবা ৰামদেৱে। দেশৰ মানুহে তেওঁক ভালদৰে চিনি পায় আৰু দেশৰ বাবে তেওঁৰ অৱদানৰ কথাও জানে বুলি উল্লেখ কৰি এই বিতৰ্কত নতুনকৈ একো ক’ব নোখোজাৰ কথা প্ৰকাশ কৰে তেওঁ।

দেওবাৰে সাংবাদিকৰ আগত ৰামদেৱে কয় যে তেওঁ এই বিষয়টো আৰু ডাঙৰ কৰিব বিচৰা নাই। দেশৰ মানুহে স্বামী ৰামদেৱ কোন আৰু দেশৰ প্ৰতি তেওঁৰ অৱদান কি, সেই কথা ভালদৰে জানে। সেয়েহে এনে মন্তব্যৰ ওপৰত পুনৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন তেওঁ অনুভৱ কৰা নাই বুলিও কয়।

Apply Now

এই বিতৰ্কৰ আৰম্ভণি হৈছিল কংগনা ৰাণাৱতে আজিৰ যুৱ প্ৰজন্মক ‘জেনেৰেচন গাটাৰ’ অৰ্থাৎ ‘নর্দমাৰ প্ৰজন্ম’ বুলি কৰা এক মন্তব্যক লৈ। কংগনাৰ এই মন্তব্য প্ৰকাশ পোৱাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰামদেৱে কংগনাৰ শিক্ষা, অতীত আৰু ব্যক্তিগত জীৱনক লৈও প্ৰশ্ন তুলিছিল।

ৰামদেৱে কংগনাক কটাক্ষ কৰি তেওঁৰ অতীত আৰু জীৱনৰ সাফল্যৰ বিষয়ে প্ৰশ্ন কৰিছিল। লগতে আজিৰ যুৱ প্ৰজন্মক ‘নর্দমাৰ প্ৰজন্ম’ বুলি কোৱাটো বিকৃত মানসিকতাৰ পৰিচয় বুলিও মন্তব্য কৰিছিল যোগগুৰুজনে।

কিন্তু ৰামদেৱৰ এই মন্তব্যৰ পাছত নীৰৱ হৈ নাথাকিল কংগনা। ছ’চিয়েল মিডিয়াত তেওঁ পোনপটীয়াকৈ ৰামদেৱক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ চলায়। নিজৰ ব্যক্তিগত জীৱনক লৈ মন্তব্য নকৰিবলৈ সকীয়াই দি কংগনাই ৰামদেৱৰ বিৰুদ্ধে পুৰণি বিতৰ্কৰ কথাও উত্থাপন কৰে।

কংগনাই দাবী কৰে যে ৰামদেৱে তেওঁৰ যৌৱন বা ব্যক্তিগত জীৱনক লৈ অনুমান-গুজৱৰ আশ্ৰয় লোৱা উচিত নহয়। লগতে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হোৱা বিষয়টোও তেওঁ উত্থাপন কৰে। কংগনাৰ মতে, সেয়ে তেওঁক চৰিত্ৰৰ পাঠ পঢ়োৱাৰ নৈতিক অধিকাৰ ৰামদেৱৰ নাই।

উল্লেখ্য যে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ ৰামদেৱ আৰু পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তীব্ৰ ভৰ্ৎসনা হৈছিল। সেই পুৰণি ঘটনাকে কংগনাই এইবাৰ নিজৰ প্ৰত্যুত্তৰত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। কংগনাৰ এই আক্ৰমণৰ পাছতেই ৰামদেৱে সুৰ নৰম কৰি এই বিতৰ্কত আৰু অংশ ল’ব নোখোজাৰ কথা প্ৰকাশ কৰাত সমগ্ৰ ঘটনাই নতুন ৰূপ লৈছে। এই বাকযুদ্ধই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd