শনিবাৰে, ২২ আগষ্টৰ (২০২৬) দিনা প্ৰণৱ দলেৰ মুক্তিৰ দাবীত আয়োজন কৰা চচলৰ অৱস্থান ধৰ্মঘটলৈ ময়ো গৈছিলোঁ। তাত কিছু সময় কাটাই তাৰ পৰা আঁতৰি অহাৰ আগতে বিদিশাই এটি গীত গাইছিল। তেওঁ কৈছিল যে আগেয়ে এনে যি কোনো কাৰ্যসূচীত হেনো প্ৰণৱৰ লগত একেলগে তেওঁ সেই গীতটো গাইছিল। সেই গীতটো উপলক্ষটোৰ লগত ইমান খাপ খাই গৈছিল! গীতটো আছিল—
गाव छोडब नही, जंगल छोडब नही,
माय माटी छोडब नही लडाय छोडब नही।
बाँध बनाए, गाँव डुबोए, कारखाना बनाए,
जंगल काटे, खदान खोदे, सेंक्चुरी बनाए,
जल जंगल जमीन छोडी हमिन कहा कहा जाए,
विकास के भगवान बता हम कैसे जान बचाए॥
जमुना सुखी, नर्मदा सुखी, सुखी सुवर्णरेखा,
गंगा बनी गन्दी नाली, कृष्णा काली रेखा,
तुम पियोगे पेप्सी कोला, बिस्लरी का पानी,
हम कैसे अपना प्यास बुझाए, पीकर कचरा पानी?॥
पुरखे थे क्या मूरख जो वे जंगल को बचाए,
धरती रखी हरी भरी नदी मधु बहाए,
तेरी हवसमें जल गई धरती, लुट गई हरियाली,
मचली मर गई, पंछी उड गई जाने किस दिशाए॥
मंत्री बने कम्पनी के दलाल हम से जमीन छीनी,
उनको बचाने लेकर आए साथ में पल्टनी,
हो… अफसर बने है राजा ठेकेदार बने धनी,
गाँव हमारी बन गई है उनकी कोलोनी॥
बिरसा पुकारे एकजुट होवो छोडो ये खामोशी,
मछवारे आवो, दलित आवो, आवो आदिवासी,
हो खेत खालीहान से जागो नगाडा बजाओ,
लडाई छोडी चारा नही सुनो देस वासी॥
এই গীতটো আদিবাসী জীৱনগাথা নহয়নো বাৰু? বিদিশাই গীতটো গাই থাকোঁতে মোৰ প্ৰণৱলৈ বৰকৈ মনত পৰিছিল। তাত তেওঁৰ অনুপস্থিতি অনুভৱ কৰিছিলোঁ। বিদিশাই কৈছিল প্ৰণৱৰ কথা ওলালেই আপোনা-আপুনি তেওঁৰ চকুপানী ওলায় বুলি। এতিয়া মোৰ মনত পৰিছে— এবাৰ এনেকৈ ক’ৰবাত এটা ডেকা ল’ৰা-ছোৱালীৰ জুমত প্ৰণৱ আৰু বিদিশক মই একেলগে পাইছিলোঁ। হয়, হয়, সেই ছোৱালীজনী বিদিশাই আছিল। তেতিয়া কিন্তু বিদিশা মোৰ চিনাকি নাছিল। বিদিশক মই চিনি পোৱাৰ এবছৰো হোৱা নাই।
প্ৰণৱক মই বৰ মৰম কৰোঁ। কেতিয়াবা ক’ৰবাৰ পৰা হঠাৎ ফোন এটা কৰিব— “Pareshda, how are you? I am fine, but what about you? Long time no see!” তাৰ পিছত মোৰ ওচৰলৈ আহিব। নৰ্থ-ইষ্ট নাও (North-East Now) ৰ কিবা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবহি। বিদিশাৰ লগত মই তেওঁ পঢ়া কিতাপৰ বিষয়ে এটা সাক্ষাৎকাৰ লৈছিলোঁ। তেনে এটা সাক্ষাৎকাৰ কেইমাহমান আগতে প্ৰণৱৰ লগতো লৈছিলোঁ। এতিয়া মনত পেলাবলৈ চেষ্টা কৰিছোঁ— এই সম্প্ৰতিভ যুৱকজনক মই কেতিয়া প্ৰথম লগ পাইছিলোঁ! মনত পৰিছে। আমি— মানে অজিত কুমাৰ ভূঞা, শান্তনু বৰঠাকুৰ, মনজিৎ মহন্ত, মীৰা বৰঠাকুৰ, কমল মেধী, মই আৰু কোন আছিল জানো? এৰা, কমল মেধী তেতিয়াও বিজেপিলৈ যোৱা নাছিল। আমি দিহিং-পাটকাইৰ পৰিৱেশ সমস্যাৰ বুজ ল’বলৈ ২০২০ চনৰ ২৩ মে’ৰ দিনা উজনিলৈ গৈছিলোঁ। সেইদিনা দুপৰীয়াৰ ভাতসাজ আমি খাইছিলোঁ কাজিৰঙাৰ প্ৰণৱৰ ঘৰত। সেইদিনাই মই প্ৰথম প্ৰণৱক লগ পাইছিলোঁ। ইমান সম্প্ৰতিভ ল’ৰা! মই শান্তনুক প্ৰণৱৰ বিষয়ে সুধিছিলোঁ। প্ৰণৱে তেতিয়া গুৱাহাটী আই আই টি (IIT)-ত কিবা এটা বিষয়ত গৱেষণা কৰি আছিল আৰু অঞ্চলটোৰ নিজৰ মানুহখিনিৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰি আছিল।
প্ৰণৱে আচলতে কি কৰিছিল? মাধৱ গাডগিলৰ আত্মজীৱনী The Walk Up The Hill: Living With People And Nature-ৰ কথা মই যোৱা সময়ছোৱাত বৰকৈ কৈ আছিলোঁ নহয়। তাৰ ন নম্বৰ অধ্যায়টো হৈছে Hunters, Poachers, Forests। এই অধ্যায়টো পঢ়িলেহে আমরা বুজি পাম প্ৰণৱে কৰি থকা কামৰ তাৎপৰ্য। আমাৰ হাবি-জংঘল প্ৰথমতে স্থানীয় মানুহৰ পৰা আইন কৰি কাঢ়ি লৈছিল ইংৰাজে। তেওঁলোকে তাৰ কেইবা শতিকা আগতে নিজৰ হাবি আৰু বন্যপ্ৰাণীৰ মুদা মাৰিছিল। ব্ৰিটিছ ৰজা ‘উইলিয়াম কনকাৰৰে’ (William the Conqueror) ১০৬৬ চনতে ইংলেণ্ডৰ হাবি-বননি নিজৰ অধীনলৈ নি তাৰ হাবি আৰু বন্যপ্ৰাণী প্ৰায় শেষেই কৰিছিল। বিজ্ঞান-প্ৰযুক্তিৰ আৱিৰ্ভাৱৰ বাবেই ইংলেণ্ডত প্ৰথমে শিল্প-বিপ্লৱৰ সূচনা হৈছিল। বিজ্ঞান-প্ৰযুক্তিত আগবঢ়া হোৱা কাৰণেই ব্ৰিটিছে প্ৰায় সমগ্ৰ বিশ্ব নিজৰ অধীনলৈ আনিব পাৰিছিল। উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশৰ জনসাধাৰণক সম্পূৰ্ণৰূপে পৰাধীন কৰি তাৰ সম্পদৰ অবাধ লুণ্ঠন কৰে। ভাৰত আৰু অন্যান্য এছীয় দেশ, য’ত তেওঁলোকে স্থানীয় মানুহক সম্পূৰ্ণৰূপে পৰাভূত কৰিব পৰা নাছিল, সেইবোৰ দেশৰ সম্পদবোৰ ইংলেণ্ডলৈ লৈ গৈছিল। ভাৰতত ব্ৰিটিছ ৰাজৰ এটা প্ৰধান উদ্দেশ্য আছিল বন্য সম্পদৰ শোষণ। দেশ স্বাধীন হোৱাৰ পিছতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল। ব্ৰিটিছৰ সলনি হাবিতলীয়া ৰাইজৰ ওপৰত বন বিভাগৰ দৌৰাত্ম্য আৰম্ভ হৈছিল। বন বিভাগৰ কৰ্তৃত্ব আৰু মজবুত কৰা হৈছিল ১৯৭২ চনত অনা ‘বন্যপ্ৰাণী সংৰক্ষণ আইন’ৰ যোগেদি। তাৰ পিছত, প্ৰথমবাৰৰ বাবে ২০০৬ চনত অনা Forest Rights Act (FRA 2006) ৰ যোগেদি বনাঞ্চলত বসবাস কৰা অনুসূচিত লোক আৰু অন্যান্য লোকসকলক যথেষ্ট অধিকাৰ দিয়া হৈছিল। কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত নানা ধৰণৰ সংশোধন আনি ২০২৩ চনত ১৯৮০ আৰু ২০০৬ চনৰ আইন একেবাৰে সেৰসেৰীয়া কৰি পেলালে। এইখিনিতে আমি এটা কথা মন কৰা উচিত। ঐতিহাসিকভাৱে বনবাসীসকলেই বন সুৰক্ষাত মুখ্য ভূমিকা লৈ আহিছে। আজি ভূমিস্খলনে অসমৰ বানপানীৰ সমস্যা কেনে ভয়াবহ কৰি তুলিছে আমি সকলোৱে দেখিছোঁ। ঠিক তেনে ধৰণৰ ঘটনা ঘটিছিল চুইজাৰলেণ্ডত ১৮৬০ চনমানত। পৰিস্থিতি বিষম হোৱা দেখি তাৰ জনসাধাৰণে (মনত ৰাখিব— জনসাধাৰণে, চৰকাৰে নহয়) বৃক্ষৰোপণৰ ওপৰত মন-পুতি লাগিছিল আৰু তেনেকৈয়ে সমস্যাটোৰ সমাধান হৈছিল। গতিকে বনৰ ওপৰত বনবাসীৰ অধিকাৰৰ কথাটো বৰ দৰকাৰী। কিন্তু বন যদি বহুজাতিকৰ ৰম্যভূমি কৰি পেলোৱা হয়, সি আৰু বন হৈ নাথাকে। কাজিৰঙাত পঞ্চতাৰকা হোটেল কিয়, কাজিৰঙাত হেলিপেড কিয়? প্ৰণৱহঁতে কাৰ বিৰোধিতা কৰিছে? বনবাসীৰ অধিকাৰৰ হকে আৰু বহুজাতিকৰ বিৰুদ্ধে মাত মাতিছে। সেইকাৰণেই প্ৰণৱৰ বিৰুদ্ধে NSA (ৰাষ্ট্ৰীয় নিৰাপত্তা আইন) লগোৱা হৈছে। সেইদিনাৰ প্ৰতিবাদটোত ক্ষতিগ্ৰস্ত লোকসকল আছিল, কিন্তু তাত মই এনে বহু শিক্ষিত ডেকা ল’ৰা-ছোৱালী লগ পাইছিলোঁ যিবোৰ কিন্তু ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা নাছিল। এই যে আমাৰ তৰুণ প্ৰজন্মই প্ৰণৱৰ হৈ আৰু বহুজাতিকৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে, সেইটোৱেই আমাৰ আশা। এনে ঐক্যবদ্ধ প্ৰচেষ্টাৰ বাবেই প্ৰণৱক একদিন মুকলি কৰি দিবলৈ তেওঁলোক বাধ্য হ’ব।




