সন্তানক হেৰুৱাৰ শোকৰ মাজতেই এক মহান নিদৰ্শন দাঙি ধৰিলে এহাল পিতৃ-মাতৃয়ে। মটৰচাইকেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৭ বছৰীয়া পুত্ৰৰ অংগদান কৰি আন কেইবাজনো লোকক নৱজীৱন দিয়াৰ সিদ্ধান্ত ল’লে শোকস্তব্ধ পিতৃ-মাতৃয়ে। সোমবাৰে চিকিৎসালয় কৰ্তৃপক্ষই এই কথা সদৰী কৰে।
জানিব পৰা মতে, মৃত কিশোৰজনৰ নাম আছিল আধিল। কেৰালাৰ পেৰিন্থালমান্নাৰ বাসিন্দা আধিল মালাপ্পুৰমৰ মান্নাৰমালাত কেটাৰিঙৰ কাম শেষ কৰি উভতি অহাৰ সময়তে এক ভয়ংকৰ বাইক দুৰ্ঘটনাত পতিত হয়। গুৰুতৰভাৱে আহত কিশোৰজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই তেওঁ মৃত্যুক আঁকোৱালি লয়।
পুত্ৰৰ মৃত্যুৰ পাছত পিতৃ-মাতৃয়ে তেওঁৰ অংগদান কৰাৰ এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সাংবাদিকৰ আগত শোকস্তব্ধ পিতৃ-মাতৃয়ে কয় যে পুত্ৰক হেৰুওৱাৰ বেদনা তেওঁলোকে কোনোমতেই সহ্য কৰিব পৰা নাই। তথাপিও, তেওঁলোকে বিচাৰে যে পুত্ৰৰ মৃত্যুৰ জৰিয়তে আন কেইজনমান ৰোগীয়ে জীৱন ঘূৰাই পাওক। তেওঁলোকে কয়, “তাক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় দিয়াটো আমি মানি ল’ব পৰা নাই। তাৰ পিছতো আমি বিচাৰোঁ যে তাৰ জৰিয়তে অন্ততঃ কেইজনমান ৰোগী জীয়াই থাকক। সি যে ক’ৰবাত এতিয়াও জীয়াই আছে, সেই অনুভৱটো পাবলৈকে আমি এই সিদ্ধান্ত লৈছোঁ।”
প্ৰথমে পৰিয়ালটোৱে পুত্ৰৰ হৃদযন্ত্ৰটোও দান কৰিব বিচাৰিছিল যাতে সেয়া আন কোনোবা ব্যক্তিৰ বুকুত স্পন্দিত হৈ থাকে। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই জনায় যে হৃদযন্ত্ৰৰ ভাল্ভত জন্মগত বিজুতি থকাৰ বাবে সেয়া দান কৰিব পৰা নাযাব। এই বিজুতিৰ কথা পৰিয়ালটোৱে পূৰ্বে নাজানিছিল। ইয়াৰ পিছত পৰিয়ালটোৱে তেওঁৰ দুয়োটা বৃক্ক (কিডনী) আৰু যকৃৎ (লিভাৰ) দান কৰাৰ সিদ্ধান্ত লয়।
পিতৃ-মাতৃয়ে লগতে জনায় যে অংগসমূহ কোনে লাভ কৰিব সেয়া তেওঁলোকে নাজানে, কাৰণ নিয়ম অনুসৰি এই তথ্যসমূহ গোপন কৰি ৰখা হয়। চৰকাৰী সংস্থাৰ অধীনত পঞ্জীয়নভুক্ত ৰোগীসকলকহে এই অংগসমূহ দান কৰা হ’ব। আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, চিকিৎসালয়ত অংগ সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত কিশোৰজনৰ মৃতদেহ পৰিয়ালৰ হাতত অৰ্পণ কৰা হ’ব।





