• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 4:10 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যালয়ৰ মাচুল বাঢ়িছে, কিন্তু নিয়মীয়াকৈ পাঠদানেই নহয়! এনে এক অভিযোগক কেন্দ্ৰ কৰি পাকিস্তানৰ ইছলামাবাদস্থিত ছাৰহাদ বিশ্ববিদ্যালয়ত সৃষ্টি হ’ল তীব্ৰ উত্তেজনা। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে এজন সেনা বিষয়াই বলপ্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হোৱাত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ মাচুল অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে। কিন্তু সেই অনুপাতে নিয়মীয়াকৈ পাঠদান অনুষ্ঠিত নহয়। এই বিষয়ত কৰ্তৃপক্ষক একাধিকবাৰ অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে। ফলত বহুদিন ধৰি জমা হৈ থকা ক্ষোভে সোমবাৰে প্ৰতিবাদৰ ৰূপ লয়।

Apply Now

শ্লোগান দি আৰু হাতত প্লেকাৰ্ড লৈ বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। পৰিস্থিতি শান্ত কৰিবলৈ বিশ্ববিদ্যালয়ৰ মুৰব্বী ড° আইনাই প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে। কিন্তু অভিযোগ অনুসৰি, আন্দোলনকাৰীসকলে তেওঁৰ সৈতে আলোচনাত বহিবলৈ সন্মতি নিদিলে।

ইয়াৰ পাছতে ড° আইনাই তেওঁৰ স্বামীক ঘটনাস্থলীলৈ মাতি পঠিয়ায়। তেওঁ পাকিস্তান সেনাৰ এজন বিষয়া বুলি জানিব পৰা গৈছে। সেনা বিষয়াজন বিশ্ববিদ্যালয় চৌহদত উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অভিযোগ উঠিছে যে তেওঁ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক লাঠিৰে প্ৰহাৰ কৰি ছত্ৰভংগ কৰাৰ চেষ্টা কৰে।

ইতিমধ্যে ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই। ভিডিঅ’টোত দেখা গৈছে বুলি দাবী কৰা অনুসৰি, সেনা বিষয়াজনে প্ৰতিবাদকাৰীক জোৰকৈ আঁতৰাই পঠিয়াইছে আৰু কেইবাজনো ছাত্ৰৰ চোলাত ধৰি টানি লৈ গৈছে।

ঘটনাৰ এক পৰ্যায়ত তেওঁ হাতত থকা পিস্তল উলিয়াই শূন্যলৈ গুলীচালনা কৰা বুলিও ভিডিঅ’টোত দেখা গৈছে। এই ঘটনাৰ পাছত বিশ্ববিদ্যালয় চৌহদত উত্তেজনা আৰু আতংক অধিক বৃদ্ধি পায়। মাচুল বৃদ্ধি, পাঠদান নোহোৱাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ দমনৰ নামত বলপ্ৰয়োগৰ অভিযোগে এতিয়া পাকিস্তানত এই ঘটনাক লৈ নতুন বিতৰ্কৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd