বেটিঙত তেওঁ ব্যৰ্থ হৈছিল, সেইটোৱে অনুৰাগীৰ মনত হতাশাৰো সৃষ্টি কৰিছিল! কিন্তু এইবাৰ বৈভৱ সূৰ্য্যবংশীয়ে বলিঙত দুটা উইকেট দখল কৰি সেই হতাশা দূৰ কৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে দুলীপ ট্ৰফীৰ খেলখনত সূৰ্যবংশীয়ে বলিং কৰিবলৈ খেলপথাৰত নামি দুজন বেটছমেনক আউট কৰে। তাৰ ওপৰত ভিত্তি কৰিয়েই পূৰ্বাঞ্চলৰ দলটো জয়ৰ যথেষ্ট ওচৰ চাপিছে।
ইপিনে, বেংগালুৰুৰ মাটিত বল হাতত লৈ বৈভৱৰ তাণ্ডৱে সমালোচকসকলৰ মুখ বন্ধ কৰিছে। তেন্তে সূৰ্যবংশীয়ে এইবাৰ অল ৰাউণ্ডাৰ হিচাপে জাতীয় দলত নিজৰ নাম উজলাব নেকি?
চলিত দুলীপ ট্ৰফীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে অভিষেক মেচত সূৰ্যবংশীয়ে ৬ বলত ৮ ৰান কৰি আউট হৈ যায়। এই পৰিস্থিতিত ইষ্ট জ’নৰ বাছনি সমিতিখনক হতাশ কৰি তুলিছিল। বৈভৱৰ অনুৰাগীসকলো বিচলিত হৈ পৰিল। অৱশ্যে বেটিঙেৰে একো কৰিব নোৱাৰিলেও এইগৰাকী বিহাৰৰ কিশোৰে বল হাতত লৈ বিধ্বংসী হৈ পৰে। ইয়াৰ পৰা দেখা যায় যে তেওঁ বেটিঙৰ লগতে বলিঙতো যথেষ্ট পাকৈত।
আজি ইষ্টাৰ্ণ জ’নৰ বলাৰসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বেটছমেনৰ এটাৰ পিছত এটাকৈ উইকেট দখল কৰে। আৰু সেই তালিকাত প্ৰৱেশ কৰি সূৰ্যবংশীয়ে দলটোক জয়ৰ বাটত এখন সেউজীয়া কাৰ্পেট পাৰি দিলে!
মঙলবাৰে বৈভৱে বল হাতত লৈ চাৰিটা বলত দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি বিপক্ষ দলৰ ৰানৰ গতি লেহেমীয়া কৰি দিয়ে। আটাইতকৈ ডাঙৰ কথাটো হ’ল উত্তৰ পূৰ্বাঞ্চলে ইতিমধ্যে পূৰ্বাঞ্চলৰ ৰাণৰ বিশাল পাহাৰ অতিক্ৰম কৰিবলৈ সংগ্ৰাম কৰি আছে। তাৰ ওপৰত বৈভৱৰ আধিপত্যই প্ৰতিপক্ষক অসহায় কৰি তুলিছে।
Vaibhav Sooryavanshi provides Double Delight ✌️
Picks up 2⃣ wickets in the over. 2 excellent catches as well. 🙌
North East Zone are 79/7 in the 2nd innings after following on.
Scorecard ▶️ https://t.co/XJFhfvvTIU#DuleepTrophy pic.twitter.com/NnYbBPnrja
— BCCI Domestic (@BCCIdomestic) August 25, 2026
প্ৰতিবেদন লিখাৰ সময়লৈকে উত্তৰ পূৰ্বাঞ্চলে ৪৩.৫ অভাৰত ১২০ ৰানত ৮টা উইকেট হেৰুৱাইছিল। সেয়ে, বৈভৱৰ প্ৰতিপক্ষ দলটোৱে মাত্ৰ দুটা উইকেট লৈ বিধ্বস্ত অৱস্থাত যুঁজি দিছে। ক’ব পাৰি যে উত্তৰ পূৰ্বাঞ্চলে ৮টা উইকেট হেৰুৱাৰ পিছত খেলখনৰ ফলাফল ইয়াতেই নিৰ্ণয় হৈ গৈছে!


