প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনৰ কাষতে থকা তিনিটা বস্তি উচ্ছেদ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। মঙলবাৰে এক কঠোৰ নিৰ্দেশনাযোগে ন্যায়ালয়ে তিনিশৰো অধিক বস্তিবাসী পৰিয়ালক চৰকাৰে আৱণ্টন কৰা স্থানলৈ যাবলৈ ৬ সপ্তাহৰ সময়সীমা বান্ধি দিয়াৰ লগতে, নিৰ্দেশ অমান্য কৰিলে আৰক্ষীৰ জৰিয়তে উচ্ছেদ চলোৱা হ’ব বুলি সকীয়াই দিছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ সমীপৰ লোককল্যাণ মাৰ্গ থকা এই বস্তিকেইটা আঁতৰাবলৈ চৰকাৰে পূৰ্বৰে পৰা তৎপৰতা অৱলম্বন কৰিছিল বুলি সদৰী কৰিছে । কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ তৰফৰ পৰা সংশ্লিষ্ট বাসিন্দাসকলক যোৱা ৬ মাৰ্চৰ ভিতৰতে ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল। উচ্ছেদৰ সমান্তৰালকৈ গৃহহীন হোৱা পৰিয়ালসমূহৰ পুনৰ্সংস্থাপনৰ বাবেও কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী সংস্থা ‘দিল্লী আৰবান শ্বেল্টাৰ ইমপ্ৰুভমেণ্ট ব’ৰ্ড’ৰ উদ্যোগত তেওঁলোকৰ বাবে বিকল্প বাসস্থানৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিবলৈ দিছে।
জানিব পৰা মতে ইতিমধ্যে ছাভদা ঘেভৰাৰ ডি ইউ এছ আই বি কলনীত বস্তিবাসীসকলৰ বাবে ফ্লেট আৱণ্টন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনস্থ ‘লেণ্ড এণ্ড ডেভেলপমেণ্ট অফিচ’ৰ তৰফৰ পৰা সেই তিনিটা বস্তিৰ লোকসকলক উক্ত ফ্লেটসমূহলৈ যাবলৈ কোৱা হৈছিল। কিন্তু তাৰ পাছতো সেই স্থান খালী নকৰাত এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে বস্তিবাসীসকলৰ বাবে সৰ্বোচ্চ ৬ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।





