• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2026 5:45 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ‘ব্যৱস্থাৰ বিৰুদ্ধে অকলে যুঁজা মানুহ’, ‘মধ্যবিত্তৰ নায়ক’, ‘নিজৰ দায়িত্বত অটল বিষয়া’ – তুকাৰাম মুণ্ডেক লৈ এতিয়া ছ’চিয়েল মিডিয়াত এনে বহু বিশেষণ বা উপমা দেখা যায়। তেওঁৰ ভিডিঅ’, ছবি আৰু বিভিন্ন ৰীল ছ’চিয়েল মিডিয়াত প্ৰায়েই ভাইৰেল হয়। কিন্তু এই চৰ্চাৰ আঁৰত থকা মানুহজন আচলতে কোন?

তুকাৰাম মুণ্ডে মহাৰাষ্ট্ৰৰ এগৰাকী আইএএছ বিষয়া। তেওঁ নিজকে ডাঙৰ কোনো বিশেষ ব্যক্তি বুলি নহয়, এগৰাকী চৰকাৰী কৰ্মচাৰী বুলিয়েই পৰিচয় দিয়ে। তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে নিয়ম। প্ৰশংসা হওক বা সমালোচনা, ৰাজনৈতিক চাপ হওক বা বাৰে বাৰে বদলি-কোনো কথাই তেওঁক নিয়মৰ পথৰ পৰা আঁতৰাব পৰা নাই। ২১ বছৰৰ প্ৰশাসনিক জীৱনত ২৫ বাৰ বদলি হোৱাৰ পিছতো তেওঁৰ কাম কৰাৰ ধৰণ সলনি হোৱা নাই।

Apply Now

বৰ্তমান তুকাৰাম মুণ্ডে মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰ আয়ুক্ত। দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যখনত খাদ্যৰ মান আৰু সুৰক্ষাৰ ওপৰত তেওঁ কঠোৰ নজৰ দিছে। ভেজাল খাদ্যৰ পৰা আৰম্ভ কৰি নামী-দামী ৰেস্তোৰাঁ, ক্লাব, কুইক-কমাৰ্চ সংস্থাৰ গুদাম, বিদ্যালয়ৰ আহাৰগৃহ আৰু চৰকাৰী কেন্টিনলৈকে সকলো তেওঁৰ নজৰৰ ভিতৰত আহিছে। নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপনৰ সৈতে পৰোক্ষভাৱে জড়িত সংস্থাসমূহো তেওঁৰ নজৰৰ পৰা সাৰি যোৱা নাই।

মু্ণ্ডেৰ লক্ষ্য একেবাৰে স্পষ্ট-এখন সুস্থ দেশ গঢ়াৰ। স্বাধীনতা দিৱসৰ এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ আগত তেওঁ কৈছিল যে এখন সুস্থ দেশৰ বাবে সুস্থ মানুহ প্ৰয়োজন। সুস্থ মানুহৰ বাবে নিৰাপদ খাদ্য আৰু ঔষধ অতি প্ৰয়োজনীয়। সেইবাবেই নিয়ন্ত্ৰক সংস্থাসমূহে নিজৰ দায়িত্ব কঠোৰভাৱে পালন কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰিছিল।

২৬ মে’ত খাদ্য আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পিছত মাত্ৰ দুমাহত তেওঁৰ নেতৃত্বত ৩ হাজাৰতকৈ অধিক পৰিদৰ্শন চলিছে। প্ৰায় ১৬৫টা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ স্থগিত কৰা হৈছে। ফলত মহাৰাষ্ট্ৰৰ হোটেল আৰু ৰেস্তোৰাঁৰ ব্যৱসায়ীসকলৰ মাজত তুকাৰাম মুণ্ডেৰ নাম এতিয়া যথেষ্ট ভয়ৰ কাৰণ হৈ পৰিছে।

অৱশ্যে মু্ণ্ডেৰ নিজৰ কথা অলপ বেলেগ। তেওঁ কয়, তেওঁ কোনো নতুন নিয়ম বনোৱা নাই। বহু বছৰ ধৰি দেশত খাদ্য সুৰক্ষাৰ বাবে আইন আছে। তেওঁ মাত্ৰ সেই আইন কঠোৰভাৱে কাৰ্যকৰী কৰিছে।

আগতে খাদ্য আৰু ঔষধ প্ৰশাসনৰ বিষয়া কোনো প্ৰতিষ্ঠানলৈ গৈ খাদ্যৰ নমুনা সংগ্ৰহ কৰিছিল। পৰীক্ষাৰ ফল পোৱাৰ পিছত ব্যৱস্থা লোৱা হৈছিল। কিন্তু মু্ণ্ডে এই পদ্ধতিত কিছু পৰিৱৰ্তন আনিছে। তেওঁৰ নেতৃত্বত চকুৰে দেখা তথ্য আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তৎক্ষণাত ব্যৱস্থা লোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

এই কঠোৰ কামৰ বাবে তেওঁ প্ৰশংসাৰ লগতে তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে। আমাজন ৰিটেইল ইণ্ডিয়াৰ এটা গুদামৰ অনুজ্ঞাপত্ৰ স্থগিত কৰাৰ ঘটনাত বম্বে উচ্চ ন্যায়ালয়ে খাদ্য আৰু ঔষধ প্ৰশাসনৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। আদালতে এনে পদক্ষেপ অতি কঠোৰ  বুলিও প্ৰশ্ন কৰিছিল।

তাৰ উত্তৰত মু্ণ্ডে কৈছিল, সকলো কাম আইন আৰু নিৰ্ধাৰিত নিয়ম অনুসৰিয়েই কৰা হৈছে। তেওঁৰ মতে, খাদ্যৰ পৰা জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ সম্ভাৱনা থাকিলে ২০০৬ চনৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন অনুসৰি নিৰ্দিষ্ট বিষয়াক তৎক্ষণাত অনুজ্ঞাপত্ৰ স্থগিত কৰাৰ ক্ষমতা দিয়া হৈছে।

আদালতে খাদ্য আৰু ঔষধ প্ৰশাসনে বাছি বাছি কেৱল বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নেকি, সেই সন্দেহো প্ৰকাশ কৰিছিল। তাৰ পিছদিনাই মু্ণ্ডেৰ দল বম্বে উচ্চ ন্যায়ালয়ৰ তিনিখন চৰকাৰী কেন্টিনত পৰিদৰ্শন চলায়। মু্ণ্ডেৰ দাবী অনুসৰি, ইয়াৰে দুটা কেন্টিনৰ বৈধ অনুজ্ঞাপত্ৰই নাছিল।

নিয়মৰ প্ৰতি তেওঁৰ এই কঠোৰ মনোভাৱ নতুন নহয়। ২০০৫ চনত ইউপিএছচি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ২০ নম্বৰ স্থান লাভ কৰি আইএএছ হোৱা মু্ণ্ডেৰ চাকৰিৰ আৰম্ভণিৰ দিনৰ পৰাই তেওঁৰ কঠোৰ কামৰ ধৰণ চৰ্চালৈ আহিছিল।

সোলাপুৰত প্ৰশিক্ষণৰ সময়ত বাৰশীত বেআইনী দখলদাৰিৰ বিৰুদ্ধে অভিযান চলাইছিল তেওঁ। অভিযানৰ সময়ত এজন দোকানদাৰে আত্মহত্যাৰ হুমকি দিয়াৰ পিছতো তেওঁ পিছ হুহকি নাযায়। আন এটা অভিযানত বেআইনী নিৰ্মাণ ভাঙিবলৈ যোৱাৰ সময়ত এগৰাকী বৃদ্ধাই কান্দি উঠিছিল যদিও তেওঁ অভিযান বন্ধ কৰা নাছিল। পিছত বিধানসভাত তেওঁৰ পদত্যাগৰ দাবী উঠিছিল আৰু অনুসূচিত জাতি-জনজাতিৰ ওপৰত অত্যাচাৰ প্ৰতিৰোধ আইনতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

এই ঘটনাবোৰেই হয়তো তেওঁৰ প্ৰশাসনিক চিন্তাধাৰা গঢ়ি তুলিছিল। কোনো সিদ্ধান্ত লোৱাৰ আগতে তেওঁ সাধাৰণতে তিনিটা কথা ভাবে-সিদ্ধান্তটো আইনসন্মত নে, নৈতিক নে আৰু জনস্বাৰ্থৰ পক্ষে নে। তেওঁৰ মতে, এই তিনিটাৰ ভিতৰত অন্তত দুটাৰ উত্তৰ ‘হয়’ হ’লে সিদ্ধান্ত ৰূপায়ণৰ দিশে আগবাঢ়িব পাৰি।

নান্দেৰৰ দেগলুৰৰ ওচৰত সহকাৰী জিলা শাসকৰ দায়িত্বত থাকোঁতে তেওঁ বালি মাফিয়াৰ বিৰুদ্ধেও কঠোৰ অভিযান চলাইছিল। সেই সময়ত তেওঁলৈ প্ৰাণনাশৰ হুমকি আহিছিল। ৰঙা চিয়াহীৰে লিখা এখন চিঠিত তেওঁক অভিযান বন্ধ কৰিবলৈ সকীয়াই দিয়া হৈছিল। তেওঁক নিৰাপত্তাৰক্ষীও দিয়া হৈছিল। কিন্তু অভিযান বন্ধ কৰা নাছিল।

সোলাপুৰত আন এটা ঘটনাত প্ৰায় ৫ হাজাৰ মানুহৰ উত্তেজিত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ কুইক ৰিঅ’ৱেকচন টীমক গুলী চলোৱাৰ নিৰ্দেশ দিছিল। তেওঁৰ যুক্তি আছিল, পৰিস্থিতি এনে পৰ্যায়লৈ গৈছিল যে তেওঁৰ দলৰ সদস্যসকলৰ জীৱন বিপদত পৰাৰ আশংকা হৈছিল। ঘটনাৰ পিছত সেই সিদ্ধান্তক লৈ বহু আলোচনা হৈছিল। কিন্তু মু্ণ্ডেৰ মতে, ঘটনাস্থলীত মুহূৰ্তৰ ভিতৰতে কঠিন সিদ্ধান্ত ল’বলগীয়া হয়।

সোলাপুৰৰ জিলা শাসক হিচাপে দায়িত্ব লৈ তেওঁ জল সংৰক্ষণৰ ক্ষেত্ৰতো উল্লেখযোগ্য কাম কৰিছিল। মাত্ৰ পাঁচ মাহত ১৩ হাজাৰ হেক্টৰ মাটিত জল সংৰক্ষণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। তেওঁৰ কাৰ্যকালত সোলাপুৰ মহাৰাষ্ট্ৰৰ সৰ্বোত্তম প্ৰদৰ্শন কৰা জিলাসমূহৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁ সৰ্বোত্তম জিলা শাসকৰ বঁটাও লাভ কৰিছিল। জল সংৰক্ষণৰ কামৰ বাবে তেওঁ ‘মহাৰাষ্ট্ৰৰ ৱাটাৰমেন’ হিচাপেও পৰিচিত হৈছিল।

কিন্তু তেওঁৰ প্ৰশাসনিক জীৱনৰ আটাইতকৈ বেছি চৰ্চিত সময় আছিল ক’ভিডৰ প্ৰথম ঢৌৰ সময়। সেই সময়ত তেওঁ নাগপুৰ পৌৰ নিগমৰ আয়ুক্ত আছিল। ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ বহু প্ৰশংসা লাভ কৰাৰ বিপৰীতে বিৰোধীৰ একাংশই তেওঁক ‘স্বৈৰাচাৰী’ বুলি সমালোচনা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়েও তেওঁৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ কৰিছিল বুলি প্ৰকাশ পাইছিল। মাত্ৰ সাত মাহৰ ভিতৰতে তেওঁৰ বদলি হোৱাৰ পিছত তেওঁৰ ঘৰৰ সন্মুখত বহু মানুহে সমৰ্থনত প্ৰতিবাদ কৰিছিল।

কিন্তু প্ৰশংসা বা সমালোচনা—দুয়োটাই তেওঁৰ মনোভাৱ সলনি কৰিব পৰা নাই। বদলিৰ বিষয়ে তেওঁৰ বক্তব্য অতি স্পষ্ট। তেওঁৰ মতে, কোনো বিষয়াক কেতিয়া, ক’ত আৰু কিয় বদলি কৰা হ’ব, সেই সিদ্ধান্ত চৰকাৰৰ। বিষয়াৰ কাম হৈছে য’তেই দায়িত্ব দিয়া হয়, তাত নিয়ম অনুসৰি কাম কৰা।

২০২২ চনত মুম্বাইত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিয়াল কল্যাণ আয়ুক্ত হিচাপে কাম কৰাৰ সময়তো তেওঁৰ কঠোৰ কৰ্মপদ্ধতি দেখা গৈছিল। তেওঁ বহু সময়ত নিশা আকস্মিকভাৱে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিছিল। চৰকাৰী কৰ্মসময়ত ব্যক্তিগত চিকিৎসালয় চলোৱাৰ অভিযোগত কেইবাজনো চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থাও লৈছিল। ইয়াৰ কিছুদিন পিছতেই তেওঁ পুনৰ বদলি হৈছিল।

সেই সময়ত তেওঁৰ মনত আন এটা বিষয়েও গুৰুত্ব লাভ কৰিছিল। সংক্রামক ৰোগৰ তুলনাত জীৱনশৈলীৰ সৈতে জড়িত ৰোগ ক্ৰমাৎ বৃদ্ধি পাইছে। মানুহে কি খায় আৰু কি পান কৰে, সেয়া স্বাস্থ্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। এই চিন্তাৰ পৰাই বিদ্যালয়ৰ কেন্টিনত জাংক ফুডৰ বিৰুদ্ধে তেওঁৰ কঠোৰ অৱস্থান গঢ় লৈ উঠিছিল।

নিজেও বাহিৰত খাবলৈ যাওঁতে মু্ণ্ডে যথেষ্ট সাৱধান। তেওঁৰ মতে, অত্যধিক তেল, নিমখ আৰু চেনি থকা খাদ্য নিয়মিতভাৱে খোৱা উচিত নহয়। কোনো ৰেস্তোৰাঁত খোৱাৰ আগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, বৈধ অনুজ্ঞাপত্ৰ আৰু খাদ্যৰ মানৰ কথাও চাই লোৱা উচিত। কাৰণ বিষয়টো কেৱল আজিৰ আহাৰৰ নহয়, মানুহৰ সম্পূৰ্ণ জীৱনশৈলীৰ সৈতে জড়িত।

ডমিনোজ, পিজ্জা হাট, ক্ৰিকেট ক্লাবৰ পৰা মুম্বাইৰ বহু পুৰণি আৰু নামী ৰেস্তোৰাঁলৈকে বিভিন্ন প্ৰতিষ্ঠানৰ বিৰুদ্ধে তেওঁ ব্যৱস্থা লৈছে। ঘোচৰ ক্ষেত্ৰতো তেওঁৰ অৱস্থান একেবাৰে কঠোৰ। তেওঁক ঘোচ দিয়াৰ কথা ভাবিলেও বহু বাৰ ভাবিব লাগিব—এয়াই তেওঁৰ স্পষ্ট বাৰ্তা।

তুকাৰাম মু্ণ্ডেৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰৰ এটা হৈছে তেওঁৰ পাৰিবাৰিক পটভূমি। মহাৰাষ্ট্ৰৰ বিড জিলাৰ খৰাংপীড়িত তাডচোন্না গাঁৱৰ এটা কৃষক পৰিয়ালত তেওঁৰ শৈশৱ কটাইছিল। দশম শ্ৰেণীলৈকে তেওঁ নিজেও কৃষিকৰ্ম কৰিছিল। এবাৰ পাঁচ পইচা কিলোগ্ৰাম দৰত পিয়াঁজ বিক্ৰী কৰিবলগীয়া হৈছিল। কেতিয়াবা ফচল বিক্ৰী নোহোৱাত নষ্টও কৰিবলগীয়া হৈছিল। সেই অভিজ্ঞতাই হয়তো খাদ্য, কৃষক আৰু চৰকাৰী নীতিৰ প্ৰভাৱৰ বিষয়ে তেওঁৰ চিন্তাধাৰাত গভীৰ ছাপ পেলাইছে।

তেওঁৰ জীৱনত এতিয়ালৈকে ২৫ বাৰ বদলি হৈছে। বহু পদতে সম্পূৰ্ণ কাৰ্যকাল শেষ কৰাৰ সুযোগো তেওঁ লাভ কৰা নাই। কিন্তু বৰ্তমানৰ দায়িত্বত তেওঁ কিমান দিন থাকিব, সেই বিষয়ে তেওঁ খুব বেছি চিন্তা নকৰে। তেওঁৰ বাবে প্ৰশাসনিক সফলতাৰ অৰ্থও অলপ বেলেগ। ভাৰতত নিৰাপদ আৰু মানসম্পন্ন খাদ্যৰ দাবী যদি এদিন জনআন্দোলনত পৰিণত হয়, তেন্তে সেই দিনটোকেই তেওঁ নিজৰ আটাইতকৈ ডাঙৰ সফলতা বুলি গণ্য কৰিব বিচাৰে।

তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বুলিও আলোচনা আৰম্ভ হৈছে। কিন্তু মু্ণ্ডে নিজেই সেই সম্ভাৱনা নাকচ কৰিছে। তেওঁৰ স্পষ্টবাদী স্বভাৱ আৰু নিয়মত অটল মনোভাৱৰ বাবে ৰাজনীতিত তেওঁ সহজে খাপ খাব নোৱাৰিব পাৰে বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

সেয়ে ৰাজনীতি নহয়, প্ৰশাসনেই তেওঁৰ যুঁজৰ মঞ্চ। ২১ বছৰত ২৫ বাৰ বদলি হোৱাৰ পিছতো তেওঁৰ হাতত আজিও একেই অস্ত্ৰ—আইন, নিয়ম আৰু জনস্বাৰ্থ। মহাৰাষ্ট্ৰৰ পাঁচ তাৰকা হোটেলৰ পৰা পথৰ কাষৰ সৰু আহাৰৰ দোকানলৈকে এতিয়া বহু লোকেই জানে, নিয়ম ভংগ কৰিলে মু্ণ্ডেৰ দল আহিব পাৰে। তেওঁৰ বাবে পদ সলনি হয়, স্থান সলনি হয়, কিন্তু নিয়মৰ প্ৰতি দায়বদ্ধতা সলনি নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd