• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2026 8:45 pm
94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ জনপ্ৰিয় ইউটিউবাৰ ছবি ভৰষনী আৰু তেওঁৰ মাতৃ সাৰিকা ভৰষনীয়ে। এই দুৰ্ঘটনাত ছবি ভৰষনীৰ পিতৃ শ্যামলাল, এগৰাকী আত্মীয় আৰু বাহনৰ চালক গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে পুৱা মধ্যপ্ৰদেশৰ ৰামাখেড়ি গাঁৱৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

পৰিয়ালৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশৰ হাতৰসৰ বাসিন্দা ছবি ভৰষনীয়ে পিতৃ-মাতৃ, এগৰাকী আত্মীয় আৰু বাহনৰ চালকৰ সৈতে মধ্যপ্ৰদেশৰ উজ্জয়িনীত থকা মহাকাল মন্দিৰলৈ পূজা আগবঢ়াবলৈ গৈ আছিল। তেওঁলোক এখন চাৰিচকীয়া বাহনত যাত্ৰা কৰি থকাৰ সময়তে ৰামাখেড়ি গাঁৱৰ ওচৰত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। প্ৰচণ্ড খুন্দাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে তচনচ হৈ পৰে।

Apply Now

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই ছবি ভৰষনী আৰু তেওঁৰ মাতৃ সাৰিকা ভৰষনীৰ মৃত্যু হয়। বিকট শব্দ শুনি ওচৰৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে আৰু উদ্ধাৰ অভিযানত হাত আগবঢ়ায়। আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকে ছবি আৰু তেওঁৰ মাতৃক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা বুলি জনায়। আনহাতে, আহত পিতৃসহ বাকীসকলক প্ৰাথমিক চিকিৎসাৰ পাছত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, সেই বিষয়ে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বাহনখনৰ নিয়ন্ত্ৰণ কিয় হেৰাল আৰু দুৰ্ঘটনাৰ আঁৰত আন কোনো কাৰণ আছিল নেকি, সেই বিষয়ে অনুসন্ধান চলাইছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ছবি ভৰষনীয়ে ২০২১ চনত নিজৰ ইউটিউব চেনেল আৰম্ভ কৰিছিল। জীৱনশৈলী আৰু উৎসাহব্যঞ্জক বিষয়ক ভিডিঅ’ৰ জৰিয়তে তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ ইউটিউব একাউণ্টত প্ৰায় ৭ লাখ অনুসৰণকাৰী আছিল। জনপ্ৰিয় এই ইউটিউবাৰৰ আকস্মিক মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

‘আপোনালোক জেন-জি নহয়, আন্দোলনৰ প্ৰকৃত উদ্দেশ্য কি?’ চিজেপি নেতাক প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ

October 21, 2026 2:37 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd