মধ্যপ্ৰদেশত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ জনপ্ৰিয় ইউটিউবাৰ ছবি ভৰষনী আৰু তেওঁৰ মাতৃ সাৰিকা ভৰষনীয়ে। এই দুৰ্ঘটনাত ছবি ভৰষনীৰ পিতৃ শ্যামলাল, এগৰাকী আত্মীয় আৰু বাহনৰ চালক গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে পুৱা মধ্যপ্ৰদেশৰ ৰামাখেড়ি গাঁৱৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।
পৰিয়ালৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশৰ হাতৰসৰ বাসিন্দা ছবি ভৰষনীয়ে পিতৃ-মাতৃ, এগৰাকী আত্মীয় আৰু বাহনৰ চালকৰ সৈতে মধ্যপ্ৰদেশৰ উজ্জয়িনীত থকা মহাকাল মন্দিৰলৈ পূজা আগবঢ়াবলৈ গৈ আছিল। তেওঁলোক এখন চাৰিচকীয়া বাহনত যাত্ৰা কৰি থকাৰ সময়তে ৰামাখেড়ি গাঁৱৰ ওচৰত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে। প্ৰচণ্ড খুন্দাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে তচনচ হৈ পৰে।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই ছবি ভৰষনী আৰু তেওঁৰ মাতৃ সাৰিকা ভৰষনীৰ মৃত্যু হয়। বিকট শব্দ শুনি ওচৰৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে আৰু উদ্ধাৰ অভিযানত হাত আগবঢ়ায়। আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকে ছবি আৰু তেওঁৰ মাতৃক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা বুলি জনায়। আনহাতে, আহত পিতৃসহ বাকীসকলক প্ৰাথমিক চিকিৎসাৰ পাছত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল, সেই বিষয়ে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বাহনখনৰ নিয়ন্ত্ৰণ কিয় হেৰাল আৰু দুৰ্ঘটনাৰ আঁৰত আন কোনো কাৰণ আছিল নেকি, সেই বিষয়ে অনুসন্ধান চলাইছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে ছবি ভৰষনীয়ে ২০২১ চনত নিজৰ ইউটিউব চেনেল আৰম্ভ কৰিছিল। জীৱনশৈলী আৰু উৎসাহব্যঞ্জক বিষয়ক ভিডিঅ’ৰ জৰিয়তে তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁৰ ইউটিউব একাউণ্টত প্ৰায় ৭ লাখ অনুসৰণকাৰী আছিল। জনপ্ৰিয় এই ইউটিউবাৰৰ আকস্মিক মৃত্যুৰ খবৰে তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।





