নেপালত বানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই বিপৰ্যয়ত এতিয়ালৈকে অন্তত ৫০০ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে, হাজাৰৰো অধিক লোক সন্ধানহীন হৈ আছে। সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’ আৰু ছবিয়ে বিপৰ্যয়ৰ ভয়ংকৰ ৰূপ স্পষ্ট কৰিছে। এই ঘটনাৰ মাজতে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য – প্ৰায় পাঁচ মাহ পূৰ্বেই দুটা পৃথক প্ৰতিবেদনত হিমালয় অঞ্চলত ভয়ংকৰ বিপদৰ আশংকাৰ কথা সতৰ্ক কৰি দিয়া হৈছিল।
হিন্দুকুশ হিমালয় অঞ্চলৰ লোকসকলৰ কল্যাণৰ বাবে কাম কৰা এটা আন্তঃৰাষ্ট্ৰীয় জ্ঞান আৰু শিক্ষা প্ৰতিষ্ঠানে প্ৰকাশ কৰা দুটাকৈ প্ৰতিবেদনত কোৱা হৈছিল যে অঞ্চলটোৰ হিমবাহ অতি দ্ৰুতগতিত গলিছে। প্ৰতিবেদন অনুসৰি, নতুন সহস্ৰাব্দ আৰম্ভ হোৱাৰ পাছত প্ৰায় ২৫ বছৰত হিমবাহ গলাৰ গতি আগৰ তুলনাত দুগুণ হৈছে। ইয়াৰ উপৰি, চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰকাশিত আন দুটা প্ৰতিবেদনতো হিমবাহ সংকুচিত হৈ অহাৰ ভয়ংকৰ ছবি দাঙি ধৰা হৈছিল।
প্ৰতিবেদনসমূহত দাবী কৰা হৈছিল যে ১৯৯০ৰ পৰা ২০২০ চনৰ ভিতৰত হিমবাহসমূহৰ মুঠ আয়তনৰ প্ৰায় ১২ শতাংশ গলি গৈছে। আনহাতে, ১৯৭৫ চনৰ পাছত বহু হিমবাহত বৰফৰ ঘনত্ব ২৭ মিটাৰ পৰ্যন্ত কমিছে। অৰ্থাৎ হিমালয়ৰ বৰফৰ ভঁৰাল যে ক্ৰমাৎ দুৰ্বল হৈ আহিছে, সেই বিষয়ে বহু পূৰ্বেই বিজ্ঞানীসকলে সতৰ্ক কৰি আহিছিল।
অৱশ্যে নেপালৰ শেহতীয়া এই ভয়ংকৰ বিপৰ্যয়ৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ আঁৰত একাধিক কাৰক থাকিব পাৰে। ইয়াৰ ভিতৰত হিমবাহ গলি যোৱা আৰু অতি উচ্চতাত হোৱা ধাৰাসাৰ বৰষুণ অন্যতম গুৰুত্বপূৰ্ণ কাৰণ বুলি ধৰা হৈছে। প্ৰায় ৪ হাজাৰ মিটাৰ উচ্চতাত তুষাৰপাতৰ মাজতে একেৰাহে বৰষুণ হোৱাটোৱে পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিব পাৰে।
এটা কেন্দ্ৰীয় সংস্থাৰ এগৰাকী বিজ্ঞানীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, হিমবাহ দ্ৰুতগতিত গলি যোৱা আৰু এনেদৰে অবিৰত বৰষুণ হোৱাৰ মাজত নিশ্চিতভাৱে সম্পৰ্ক থাকিব পাৰে। ফলত হিমবাহৰ পৰা পানীৰ প্ৰবাহ বৃদ্ধি পোৱাৰ লগতে পাহাৰীয়া অঞ্চলত হঠাতে বিপুল পৰিমাণৰ পানী নামি আহি ভয়ংকৰ বানৰ সৃষ্টি কৰাৰ আশংকাও বৃদ্ধি পায়।
ইফালে বিপৰ্যস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। ধ্বংসস্তূপ আঁতৰাই সন্ধানহীন লোকসকলক বিচাৰি আছে উদ্ধাৰকাৰী দলে। বহু গাঁও চকুৰ পলকতে ধ্বংস হৈ গৈছে। প্ৰত্যক্ষদৰ্শীসকলৰ মুখত এতিয়াও সেই ভয়ংকৰ মুহূৰ্তৰ আতংক। কোনো আগজাননী নোহোৱাকৈ হঠাতে নামি অহা প্ৰবল পানীয়ে বহু লোকৰ জীৱন তছনছ কৰি পেলাইছে।
এই বিপৰ্যয়ত ভাৰতীয় নাগৰিকো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে ২৮৮ জন ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। অৱশ্যে কেন্দ্ৰই স্পষ্ট কৰিছে যে এই সংখ্যা প্ৰাথমিক তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে আৰু বাস্তৱ সংখ্যা ইয়াতকৈ অধিক হ’ব পাৰে।
ডাঙৰ প্ৰশ্নটো এতিয়া এটাই – যেতিয়া পাঁচ মাহ পূৰ্বেই হিমবাহ গলি যোৱা, বৰফৰ ঘনত্ব কমি অহা আৰু জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱৰ বিষয়ে প্ৰতিবেদনত সতৰ্কবাণী দিয়া হৈছিল, তেন্তে সেই সতৰ্কবাণীক কিয় গুৰুত্ব দিয়া নহ’ল? নেপালৰ সাম্প্ৰতিক বিপৰ্যয়ে পুনৰ দেখুৱাই দিলে, প্ৰকৃতিৰ সংকেতক অৱহেলা কৰাৰ মূল্য কিমান ভয়ংকৰ হ’ব পাৰে।





