২০১৮ চনৰ মাইবঙ ৰে’ল ষ্টেচনত সংঘটিত আৰক্ষীৰ গুলীচালনাৰ ঘটনাক লৈ প্ৰায় আঠ বছৰ ছয় মাহ পাছত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ডিমা হাচাও জিলাৰ মাইবঙত প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীত দুজন লোক নিহত আৰু আন কেইবাজনো লোক আহত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত আদালতে অসম চৰকাৰক নিহতসকলৰ পৰিয়াল আৰু গুৰুতৰভাৱে আহত লোকসকলক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। অৱশ্যে ঘটনাটোৰ নতুনকৈ স্বতন্ত্ৰ তদন্ত কৰোৱাৰ আবেদন আদালতে নাকচ কৰিছে।
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ এন. উন্নি কৃষ্ণন নায়াৰৰ বিভাগীয় বিচাৰপীঠে ৰিচাৰ্ড ছাংগিয়ুঙে দাখিল কৰা লেখ আবেদন নিষ্পত্তি কৰি এই নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ ভাতৃ সুনুজিত ছাংগিয়ুঙ ২০১৮ চনৰ ২৫ জানুৱাৰীত মাইবঙ ৰে’ল ষ্টেচনত সংঘটিত গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল।
আদালতে নিহত প্ৰবেন হাকমুছ আৰু মিথুন ডিব্ৰাগেডেৰ পৰিয়ালক ৩ লাখকৈ টকা দিয়াৰ নিৰ্দেশ দিয়ে। একেদৰে আলপনা লাংথাছা, থাইছৰিং হোজাই আৰু সুনুজিত ছেংগিয়ুঙ নামৰ তিনিজন গুৰুতৰভাৱে আহত লোকক ২ লাখকৈ টকা ক্ষতিপূৰণ দিব লাগিব। এই ধন অসম চৰকাৰে তিনিমাহৰ ভিতৰত আদায় দিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিছে।
২০১৮ চনৰ জানুৱাৰী মাহত ডিমাছা সংগঠনসমূহে ডিমা হাচাওৰ কিছুমান অঞ্চলক প্ৰস্তাৱিত ‘গ্ৰেটাৰ নাগালিম’ৰ সৈতে সংযুক্ত কৰাৰ আশংকাৰ প্ৰতিবাদত আন্দোলন গঢ়ি তুলিছিল। খচৰা নাগা শান্তি চুক্তি সম্পৰ্কীয় এক সংবাদ প্ৰকাশ পোৱাৰ পাছতেই ডিমা হাচাওৰ ভূমি আৰু সীমাৰ ভৱিষ্যৎ লৈ উদ্বেগ অধিক বৃদ্ধি পাইছিল। ইয়াৰ পিছত জাদিখে নালছ’ হছম, ডিমাছা ষ্টুডেণ্টছ ইউনিয়ন আৰু ডিমাছা মাদাৰ্ছ এছ’চিয়েচনকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।
ঘটনাৰ দিনা মাইবঙ ৰে’ল ষ্টেচনৰ ওচৰত ৰে’লপথত প্ৰতিবাদকাৰীসকল সমবেত হৈছিল। আবেদনকাৰীৰ অভিযোগ আছিল যে কোনো আগজাননী নিদিয়াকৈ আৰক্ষীয়ে প্ৰথমে লাঠীচালনা কৰে আৰু তাৰ পিছত নিৰস্ত্ৰ লোকৰ ওপৰত নির্বিচাৰে গুলী চলায়। এই গুলীচালনাত দুজন লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়।
কিন্তু অসম চৰকাৰে আদালতত আৰক্ষীৰ ব্যৱস্থাক সমৰ্থন কৰি কয় যে প্ৰতিবাদকাৰীসকলে যাত্ৰীবাহী ৰে’ল অৱৰোধ কৰাৰ লগতে ৰে’লৰ সম্পত্তি ক্ষতিগ্ৰস্ত কৰিছিল, শিলগুটি নিক্ষেপ কৰিছিল আৰু ৰে’লখনত জুই লগোৱাৰ চেষ্টা কৰিছিল। চৰকাৰৰ মতে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা, কন্দুৱা গেছ আৰু ৰাবাৰ গুলীৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহাত শেষত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল।
আবেদনকাৰীৰ হৈ অধিবক্তা বিক্ৰম ৰাজখোৱাই আদালতত যুক্তি আগবঢ়াই কয় যে ঘটনাটোৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষকৰ তদন্ত, দণ্ডাধীশৰ তদন্ত আৰু এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল যদিও এই তিনিওটা তদন্তে ঘটনাৰ প্ৰকৃত সত্য উন্মোচন কৰিব পৰা নাছিল। বৰং আৰক্ষী আৰু বিষয়াসকলক ৰক্ষা কৰাৰ চেষ্টা কৰা হৈছিল বুলি তেওঁ দাবী কৰে। আহত লোকসকলৰ শৰীৰৰ কঁকালৰ ওপৰভাগত গুলীৰ আঘাত পোৱাৰ কথা উল্লেখ কৰি তেওঁ আৰক্ষীয়ে অত্যধিক আৰু নির্বিচাৰ শক্তি প্ৰয়োগ কৰিছিল বুলি যুক্তি আগবঢ়ায়।
ইয়াৰ লগতে তেওঁ উচ্চতম ন্যায়ালয়ৰ ‘Nilabati Behera বনাম State of Orissa’ আৰু ‘D.K. Basu বনাম State of West Bengal’ গোচৰৰ ৰায়ক উদ্ধৃত কৰি মৌলিক অধিকাৰ উলংঘনৰ ক্ষেত্ৰত জনসাধাৰণৰ আইনী অধিকাৰৰ ভিত্তিত ক্ষতিপূৰণ দিয়াৰ পক্ষে যুক্তি আগবঢ়ায়।
আনহাতে অসম চৰকাৰৰ হৈ জ্যেষ্ঠ চৰকাৰী অধিবক্তাই একোজনীয়া তদন্ত আয়োগৰ প্ৰতিবেদন দাঙি ধৰি কয় যে অন্য সকলো অসামৰিক ব্যৱস্থা ব্যৰ্থ হোৱাৰ পাছতেই আৰক্ষীয়ে গুলীচালনা কৰিছিল। আৰক্ষী বিষয়াসকলে ৰে’ল ষ্টেচনৰ ওপৰলৈ থকা প্লেটফৰ্মৰ পৰা গুলী চলোৱাৰ বাবেই আহতসকলৰ বহুজনৰ শৰীৰৰ কঁকালৰ ওপৰভাগত গুলী লাগিছিল বুলিও চৰকাৰৰ পক্ষই আদালতক জনায়।
আদালতে লক্ষ্য কৰে যে ঘটনাটোৰ সন্দৰ্ভত পঞ্জীয়ন হোৱা দুটা আৰক্ষী গোচৰৰ ইতিমধ্যে নিজ নিজ আইনী প্ৰক্ৰিয়া আগবাঢ়িছে। ইয়াৰে এটা গোচৰত ছজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু আনটো গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে। ঘটনাটোৰ পৰা বহু বছৰ পাৰ হৈ যোৱা আৰু ইতিমধ্যে একাধিক তদন্ত সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ নতুনকৈ স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজন নাই বুলি আদালতে মত প্ৰকাশ কৰে। অৱশ্যে কোনো পক্ষ অসন্তুষ্ট হ’লে সাধাৰণ ফৌজদাৰী আইনৰ অধীনত উপযুক্ত আইনী পথ গ্ৰহণ কৰিব পাৰিব বুলি আদালতে স্পষ্ট কৰে।
একেসময়তে আদালতে এই কথাও উল্লেখ কৰে যে প্ৰতিবাদৰ সময়ত পৰিস্থিতি হিংসাত্মক ৰূপ লৈছিল যদিও আহতসকলৰ শৰীৰত দেখা পোৱা আঘাতৰ ধৰণে আৰক্ষীৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণৰূপে সমানুপাতিক নাছিল বুলি সূচায়। ‘Anita Thakur বনাম Government of J&K’ গোচৰকে ধৰি উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়সমূহৰ আধাৰত আদালতে মত প্ৰকাশ কৰে যে আৰক্ষীৰ ব্যৱহাৰে সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত সুৰক্ষিত মৌলিক অধিকাৰ উলংঘা কৰিছিল।
গুৱাহাটী উচ্চ ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে এই ক্ষতিপূৰণ বিশেষ ক্ষতিপূৰণ হিচাপে জনসাধাৰণৰ আইনী অধিকাৰৰ ভিত্তিত দিয়া হৈছে। চৰকাৰে ইয়াৰ পূৰ্বে কোনো ক্ষতিপূৰণ আদায় দিছিল যদিও এই ধন তাৰ পৰা পৃথক আৰু অতিৰিক্ত হিচাপে গণ্য হ’ব। লগতে ভুক্তভোগীসকলে ক্ষতিপূৰণৰ বাবে পৃথক দেৱানী গোচৰ ৰুজু কৰিলে এই আদালতৰ নিৰ্দেশে তাত কোনো বাধা সৃষ্টি নকৰে।
২০১৮ চনত দাখিল কৰা লেখ আবেদনটো এনেদৰেই নিষ্পত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰায় এটা দশকৰ কাষ চাপি অহা মাইবঙ গুলীচালনা কাণ্ডত ভুক্তভোগীসকলৰ অধিকাৰ আৰু আৰক্ষীৰ শক্তি প্ৰয়োগৰ সীমাক লৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা দি গ’ল।


