অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী, জৈৱ-বৈচিত্ৰ্য আৰু সংকটৰ গৰাহত পৰা পৰিৱেশতন্ত্ৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত ৰাজ্যজুৰি প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছে। কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ চৰকাৰী প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদী পদযাত্ৰা উলিওৱা হয়। বন্যপ্ৰাণীৰ বিচৰণভূমি, বনাঞ্চল, জলাহভূমি আৰু জৈৱ-বৈচিত্ৰ্য ধ্বংসৰ পথ মুকলি কৰি ভুৱা উন্নয়নৰ নামত কাজিৰঙাক বিপদৰ মুখলৈ ঠেলি দিয়া বিজেপি চৰকাৰৰ এই সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহ’ব বুলি দলটোৱে স্পষ্ট কৰি দিয়ে।
ইপিনে, মৰিগাঁৱত সাংবাদিকৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছেও বিচাৰে, কিন্তু সেই অৰ্থনৈতিক উন্নয়নে থলুৱা উদ্যোগ আৰু থলুৱা লোকক প্ৰাধান্য দিয়াৰ লগতে থলুৱাৰ ভূমি অধিকাৰ নিশ্চিত কৰিব লাগিব আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। কাৰ্বি আংলঙৰ পাহাৰত আজিও নিয়ন্ত্ৰণহীনভাৱে অবৈধ খনন চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নাগালেণ্ডৰ অবৈধ খননৰ ফলতেই নাজিৰা আৰু শিৱসাগৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। এই খনন ইয়াতেই বন্ধ নকৰিলে কাজিৰঙাৰ অৱস্থাও এদিন নাজিৰাৰ দৰে হ’ব। সেয়েহে অবৈধ খননৰ ফলত কাজিৰঙা যাতে কেতিয়াও নেপালীখুঁটিলৈ পৰিৱৰ্তন হ’বলৈ নাপায়, তাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
কাজিৰঙাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সহযোগত গুৱাহাটীত এক বিশাল পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ সমান্তৰালকৈ কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং আৰু নগাঁও জিলা কংগ্ৰেছ কমিটীয়েও পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যজুৰি গঢ়ি তোলা এই প্ৰতিবাদী আন্দোলনৰ অংশ হিচাপে বৰপেটা, বাক্সা, বঙাইগাঁও আৰু চিৰাং জিলা কংগ্ৰেছ কমিটীয়েও পদযাত্ৰা উলিয়ায়। একেদৰে আজি শোণিতপুৰ, লখিমপুৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, মাজুলী, পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটকে ধৰি প্ৰতিখন জিলাতে কংগ্ৰেছ কৰ্মীসকলে কাজিৰঙা ৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহি পদযাত্ৰা কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰে।





