বিশ্বৰ বিভিন্ন দেশত নতুন প্ৰজন্মৰ মদ্যপানৰ অভ্যাসত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ‘জেন জি’ (Gen Z) অৰ্থাৎ আজিৰ যুৱ প্ৰজন্ম আগৰ বহু প্ৰজন্মৰ তুলনাত মদৰ পৰা কিছু পৰিমাণে আঁতৰি থকা দেখা যায়। আমেৰিকা, ব্ৰিটেইনৰ পৰা আৰম্ভ কৰি ভাৰতৰ মুম্বাই, পুনেৰ দৰে ডাঙৰ চহৰতো একে ধৰণৰ ছবিয়েই পোহৰলৈ আহিছে। স্বাস্থ্যৰ প্ৰতি সজাগতা, মানসিক সুস্থতাৰ প্ৰতি গুৰুত্ব, আৰ্থিক হিচাপ-নিকাচ আৰু সামাজিক মাধ্যমৰ প্ৰভাৱত বহু যুৱক-যুৱতী এতিয়া মদ্যপানৰ ক্ষেত্ৰত অধিক সচেতন হৈ পৰিছে।
এতিয়া বহু যুৱক-যুৱতীৰ মাজত ‘মাইণ্ডফুল ড্ৰিংকিং’ (Mindful Drinking) অৰ্থাৎ পৰিমিত বা সীমিত পৰিমাণত মদ্যপান কৰাৰ ধাৰণা জনপ্ৰিয় হৈ উঠিছে। দীঘলীয়া সময় ধৰি একেলগে বহি আড্ডা দি মদ্যপান কৰাৰ সলনি বিশেষ অনুষ্ঠান বা নিৰ্দিষ্ট সময়তহে পান কৰাৰ প্ৰৱণতা বাঢ়িছে। আনকি কেতিয়াবা সম্পূৰ্ণ এটা মাহ মদ্যপানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাৰ অভ্যাসো বহু লোকৰ মাজত দেখা যায়। এনে পৰিৱৰ্তন দেখি স্বাভাৱিকভাৱেই ধাৰণা হ’ব পাৰে যে মদৰ বজাৰ হয়তো দুৰ্বল হৈ পৰিছে; কিন্তু বজাৰৰ তথ্যই একেবাৰে বিপৰীত ছবিতাহে আঙুলিয়াই দিয়ে।
ভাৰতৰ আগশাৰীৰ মদ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহৰ আয় আৰু লাভ বৃদ্ধি পাইছে। ৰাডিকো খৈতান, ইউনাইটেড স্পিৰিটছ আদি প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো এই ধাৰা স্পষ্ট। অৰ্থাৎ যুৱ প্ৰজন্মই মদ্যপান সম্পূৰ্ণৰূপে এৰি দিয়া নাই; বৰং তেওঁলোকৰ পছন্দৰহে সলনি ঘটিছে। কম পৰিমাণে পান কৰি অধিক উন্নত মানৰ, অধিক দামৰ আৰু বিশেষ ধৰণৰ পানীয় বাছি লোৱাৰ প্ৰৱণতা বাঢ়িছে। বজাৰত এই ধাৰাক ‘প্ৰিমিয়ামাইজেচন’ (Premiumization) বুলি কোৱা হয়।
আগৰ দৰে কেৱল কম দামৰ সাধাৰণ মদ্যপানৰ ওপৰত নিৰ্ভৰ নকৰি নতুন প্ৰজন্মই এতিয়া পানীয়ৰ গুণমান, সোৱাদ আৰু অভিজ্ঞতাক অধিক গুৰুত্ব দিছে। তেওঁলোকৰ বাবে কেৱল মদ খোৱাটোৱেই মূল কথা নহয়, বৰং কি খাইছে, কেনে ধৰণৰ সোৱাদ, ইয়াৰ বিশেষত্ব কি আৰু ইয়াৰ আঁৰত থকা কাহিনী কি, সেইবোৰো গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষ অনুষ্ঠানত অলপ পৰিমাণে উচ্চ মানৰ পানীয় উপভোগ কৰাটো বহু যুৱক-যুৱতীৰ নতুন পছন্দ হৈ উঠিছে।
ভাৰতীয় ‘ছিংগল মল্ট’ৰ (Single Malt) দৰে বিশেষ পানীয়ই এতিয়া দেশৰ বাহিৰতো চৰ্চা লাভ কৰিছে। ইয়াৰ লগতে স্থানীয় কেঁচামাল আৰু পৰম্পৰাগত ধৰণে প্ৰস্তুত কৰা কিছুমান বিশেষ পানীয়ৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাইছে। সাধাৰণ প্লেন ভদকাৰ সলনি বিভিন্ন সোৱাদযুক্ত (Flavored) ভদকাৰ চাহিদাও বাঢ়িছে। ককটেল সংস্কৃতিৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে যুৱক-যুৱতীৰ মাজত নতুন সোৱাদ আৰু নতুন অভিজ্ঞতা লাভ কৰাৰ আগ্ৰহো বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, জেন জিৰ মদ্যপান এতিয়া পুৰণি অভ্যাস বা নিয়মৰ ওপৰত নিৰ্ভৰশীল নহয়। তেওঁলোকে বিশেষ উপলক্ষ, নতুন অভিজ্ঞতা আৰু নিজস্ব পছন্দক অধিক গুৰুত্ব দিয়ে। অৰ্থাৎ পৰিমাণ কমিলেও খৰচ কমা নাই। সস্তা মদৰ সাধাৰণ আড্ডাৰ ঠাই ক্ৰাফ্ট ককটেল, উচ্চমানৰ পানীয় আৰু স্থানীয় প্ৰিমিয়াম ব্ৰেণ্ডে ল’বলৈ আৰম্ভ কৰিছে।
সেয়ে জেন জিয়ে মদ সম্পূৰ্ণৰূপে এৰি দিছে বুলি কোৱাটো হয়তো সঠিক নহ’ব। আচল পৰিৱৰ্তন ঘটিছে তেওঁলোকৰ পছন্দত। কমকৈ পান কৰা, কিন্তু ভাল পানীয়ৰ বাবে অধিক ধন খৰচ কৰা—এই নতুন ধাৰাই এতিয়া মদৰ বজাৰৰ ছবিখন সলনি কৰি দিছে। যুৱ প্ৰজন্মৰ হাতত গিলাচ সৰু হৈছে যদিও সেই গিলাচৰ ভিতৰৰ পানীয়ৰ দাম আৰু মান দুয়োটাই যেন ডাঙৰ হৈ উঠিছে।





