ভাৰতক কেৱল এখন শক্তিশালী দেশ হিচাপে নহয়, সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে কাম কৰা এখন দেশ হিচাপে গঢ়ি তোলাৰ আহ্বান জনালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। টৰণ্ট’ত অনুষ্ঠিত ‘হিন্দু বিশ্ব বন্ধু – এম্ব্ৰেচ দ্য ৱৰ্ল্ড ইন ফ্ৰেণ্ডশ্বিপ’ শীৰ্ষক অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে ভাৰত ‘মহাশক্তি’ হৈ নহয়, নিজৰ নিঃস্বাৰ্থ সেৱা আৰু মানৱীয় চৰিত্ৰৰ বাবেহে ‘বিশ্বগুৰু’ হিচাপে পৰিচিত হৈছে।
ভাগৱতে কয়, “কোনোবাই ভাৰতক মহাশক্তি বুলি ক’ব পাৰে, কিন্তু ভাৰত মহাশক্তি নাছিল। ই বিশ্বৰ সেৱা কৰিছিল আৰু নিজৰ চৰিত্ৰৰ জৰিয়তে ‘বিশ্বগুৰু’ হৈছিল” তেওঁৰ মতে, ভাৰতীয় সভ্যতাৰ মূল আদৰ্শ হৈছে সকলোৰে প্ৰতি বন্ধুত্ব, বিপদত আশ্ৰয় আৰু বৈচিত্ৰ্যৰ প্ৰতি সন্মান।
ভাৰতৰ অতীতৰ মানৱীয় ভূমিকা উল্লেখ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ পৰা অহা শৰণাৰ্থীসকলক জামনগৰৰ মহাৰজাই আশ্ৰয় দিয়াৰ কথা সোঁৱৰণ কৰে। যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত সেই পোলেণ্ডৰ লোকসকলক নিৰাপত্তা আৰু আশ্ৰয় প্ৰদান কৰি তেওঁলোকে নিজ দেশলৈ ঘূৰি যাব পৰা পৰ্যন্ত সহায় কৰা হৈছিল বুলি ভাগৱতে উল্লেখ কৰে। তেওঁৰ মতে, ভাৰতৰ এনে মানৱীয় সহায়ৰ বহু উদাহৰণ অতীতৰ পৰা আজিলৈ অব্যাহত আছে।
আধুনিক সময়ৰ উদাহৰণ দি ভাগৱতে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সময়ত ভাৰতীয় নাগৰিকৰ লগতে আন সাতখন দেশৰ নাগৰিককো ভাৰতীয় সামৰিক বিমানে উদ্ধাৰ কৰাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, সংকটৰ সময়ত কেৱল নিজৰ মানুহৰ বাবেই নহয়, বিপদত পৰা আন দেশৰ লোকৰ বাবেও ভাৰতে সহায়ৰ হাত আগবঢ়াই আহিছে।
তেওঁ লগতে কয় যে মুছলমান, খ্ৰীষ্টান, ইহুদী আৰু পাৰ্চীসকলেও ইতিহাসৰ বিভিন্ন সময়ত ভাৰতত শান্তিপূৰ্ণভাৱে আশ্ৰয় লাভ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত নিৰ্যাতনৰ সন্মুখীন হোৱা লোকসকলে ভাৰতত নিৰাপত্তা আৰু আশ্ৰয় বিচাৰি পাইছে বুলি তেওঁ মন্তব্য কৰে।
ভাৰতীয় সভ্যতাৰ বিস্তাৰৰ কথাও ভাষণত উল্লেখ কৰে ভাগৱতে। তেওঁ কয় যে ভাৰতীয়সকলে অতীতত মেক্সিকোৰ পৰা চাইবেৰিয়ালৈকে বিভিন্ন অঞ্চললৈ ভ্ৰমণ কৰিছিল। হিমালয় অতিক্ৰম কৰি খোজকাঢ়ি আৰু সৰু নাও ব্যৱহাৰ কৰি দক্ষিণ-পূব এছিয়ালৈ গৈছিল যদিও কোনো দেশ দখল কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে জ্ঞান, জ্যোতিৰ্বিজ্ঞান, আয়ুৰ্বেদ আৰু সভ্যতাৰ মূল্যবোধ বিলাইছিল বুলি তেওঁ দাবী কৰে।
ভাগৱতে কয়, “এইটোৱেই ভাৰতৰ পৰম্পৰা, এইটোৱেই ভাৰতৰ স্বভাৱ।” তেওঁৰ মতে, বিপদত পৰা কোনো লোকে সহায় বিচাৰিলে ভাৰত কেতিয়াও সহায় কৰিবলৈ পিছপৰি থকা নাই। কেতিয়াবা সহায় বিচৰাৰ আগতেই ভাৰতে সহায়ৰ হাত আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে।
ভাৰতীয় সংস্কৃতিৰ পৰিচয় ব্যাখ্যা কৰি ভাগৱতে ‘হিন্দু’ শব্দটোক কোনো নিৰ্দিষ্ট ভাষা, উপাসনা পদ্ধতি বা জীৱনধাৰাৰ মাজত সীমাবদ্ধ কৰিব নোৱাৰি বুলি কয়। তেওঁৰ মতে, হিন্দু চিন্তাধাৰাৰ মূল কথা হৈছে সকলোকে সন্মান কৰা আৰু সকলোকে গ্ৰহণ কৰা।





