• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2026 11:17 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ হালদ্বানীত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ সভাস্থলত কৰা ‘শুদ্ধিকৰণ যজ্ঞ’ক লৈ ৰাজনৈতিক বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈছে। হালদ্বানী আৰক্ষীয়ে জনোৱা অনুসৰি, বাল্মীকি সম্প্ৰদায়ৰ এজন সদস্যই দাখিল কৰা অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ মতে, ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰ ভিতৰত বিভিন্ন গোটৰ মাজত বিদ্বেষ বৃদ্ধি কৰাৰ অভিযোগ আৰু ইচ্ছাকৃতভাৱে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ সৈতে জড়িত ধাৰাও আছে। ইয়াৰ উপৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯-ৰ ধাৰাও গোচৰটোত সংযোজন কৰা হৈছে।

Apply Now

হালদ্বানীৰ জৱাহৰ নগৰৰ বাসিন্দা তথা শ্ৰী ৰাম সেনা ধৰ্মাৰ্থ সেৱা ন্যাসৰ সদস্য অমিত কুমাৰে আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তেওঁৰ দাবী অনুসৰি, ১১ আগষ্টত ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা ‘যজ্ঞ আৰু পৰিষ্কাৰ অভিযান’ৰ সময়ত তেওঁ নিজে উপস্থিত আছিল। পিছত ২৯ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে এই ঘটনাক লৈ কৰা মন্তব্যই তেওঁৰ সম্প্ৰদায়ৰ অনুভূতিত আঘাত কৰিছে বুলি অভিযোগকাৰীয়ে দাবী কৰে।

অমিত কুমাৰৰ অভিযোগ, ৰাহুল গান্ধীয়ে এই ‘শুদ্ধিকৰণ’ অনুষ্ঠানৰ সৈতে জড়িত লোকসকলক অস্পৃশ্যতাবাদী আৰু দলিতবিৰোধী হিচাপে উপস্থাপন কৰিছে। তেওঁৰ মতে, এই মন্তব্যৰ জৰিয়তে ঘটনাটোক জাতিগত ৰূপ দিয়া হৈছে, যাৰ ফলত বাল্মীকি সম্প্ৰদায়ৰ লোকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে।

অভিযোগপত্ৰত কুমাৰে নিজকে অনুসূচিত জাতি সম্প্ৰদায়ৰ বুলি উল্লেখ কৰি দাবী কৰে যে উক্ত অনুষ্ঠানত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগতে অনুসূচিত জাতিৰ লোকো জড়িত আছিল। তেওঁৰ মতে, এই অনুষ্ঠানৰ সৈতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ জাতিগত পৰিচয়ৰ কোনো সম্পৰ্ক নাছিল।

এই ঘটনাক কেন্দ্ৰ কৰি ১১ আগষ্টৰ পৰা উত্তৰাখণ্ডৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে ৮ আগষ্টত হালদ্বানীৰ ৰামলীলা ময়দানত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। অভিযোগ অনুসৰি, সেই সভাৰ পিছত ১১ আগষ্টত একাংশ লোকে ময়দানত ‘শুদ্ধিকৰণ যজ্ঞ’ আয়োজন কৰে।

কংগ্ৰেছে এই ঘটনাক বিজেপিৰ দলিতবিৰোধী মানসিকতাৰ প্ৰতিফলন বুলি অভিহিত কৰিছে। আনহাতে, বিজেপিয়ে এই কাৰ্যক সমৰ্থন কৰি দাবী কৰে যে খাৰ্গেৰ সভাৰ পিছত স্থানটো আৱৰ্জনাৰে ভৰি পৰিছিল আৰু ধৰ্মীয় স্থানত অনুচিত ধৰণৰ শ্লোগানো দিয়া হৈছিল।

২৯ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত ৰাহুল গান্ধীয়ে এই ঘটনাক লৈ কঠোৰ সমালোচনা কৰে। তেওঁ ‘শুদ্ধিকৰণ’ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন অনুসৰি এজাহাৰ ৰুজু কৰাৰ দাবী জনায়। ইয়াৰ পিছতে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী বাদ্ৰাইও এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ঘটনাটোক ‘নিন্দনীয় আৰু লজ্জাজনক মানসিকতা’ৰ প্ৰতিফলন বুলি অভিহিত কৰে। তেওঁ এই কাৰ্যই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আইন উলংঘন কৰা বুলি অভিযোগ কৰে।

এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে হালদ্বানী আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত ‘শুদ্ধিকৰণ’ কাণ্ডটোৱে নতুন ৰাজনৈতিক মোৰ লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd