ৰাজধানী দিল্লীত পুনৰ এবাৰ ২০১২ চনৰ নিৰ্ভয়াকাণ্ডৰ দৰে এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এখন চলন্ত শ্লীপাৰ বাছৰ ভিতৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত বাছখনৰ চালক আৰু কণ্ডাক্টৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৪ আগষ্টত পৰিয়ালৰ সৈতে হোৱা মনোমালিন্যৰ বাবে কিশোৰীগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি সম্পৰ্কীয় ককায়েকৰ ঘৰলৈ বুলি যাত্ৰা কৰিছিল। প্ৰবল বৰষুণ আৰু আন্ধাৰৰ বাবে তেওঁ ভুলবশতঃ গন্তব্যস্থানৰ সলনি পৰী চ’কত বাছৰ পৰা নামি যায়। সেই সময়তে নয়দাৰ ছেক্টৰ ৬৩-লৈ যোৱাৰ কথা কৈ এখন শ্লীপাৰ বাছে তেওঁক সহায় কৰাৰ অচিলাৰে বাছত তুলি লয়। যাত্ৰাপথতে কণ্ডাক্টৰজনে কিশোৰীগৰাকীৰ সৈতে অশালীন আচৰণ আৰম্ভ কৰে আৰু বাধা দিয়াত প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতে চালক আৰু কণ্ডাক্টৰ দুয়ো মিলি কিশোৰীগৰাকীক অকথ্য নিৰ্যাতন চলায়।
নিৰ্যাতনৰ অন্তত অভিযুক্ত দুজনে কিশোৰীগৰাকীক কাশ্মীৰী গেট বাছ আস্থানৰ সমীপৰ ৰিং ৰোডত পেলাই থৈ যায়। ভুক্তভোগীয়ে লগে লগে কাশ্মীৰী গেট আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। অভিযোগ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযান চলায় আৰু তিমাৰপুৰ অঞ্চলৰ এটা পাৰ্কিঙৰ পৰা চালক কুলদ্বীপ আৰু কণ্ডাক্টৰ সন্দীপক গ্ৰেপ্তাৰ কৰে। অপৰাধত ব্যৱহৃত বাছখনো আৰক্ষীয়ে জব্দ কৰিছে বুলি সদৰী কৰিছে।
আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰিছে যে ঘটনাৰ দিনা বাছখন মেৰামতিৰ বাবে সুৰজপুৰৰ এটা গেৰেজলৈ নিয়া হৈছিল। তাৰ পৰা তিমাৰপুৰলৈ উভতি অহাৰ পথতেই পৰী চ’কত কিশোৰীগৰাকীক বাছত তুলি লৈছিল। পৰী চ’কৰ পৰা কাশ্মীৰী গেটলৈ প্ৰায় ৪৭ কিলোমিটাৰ যাত্ৰাপথত এই কাণ্ড সংঘটিত কৰা হয়। শ্লীপাৰ বাছখনৰ খিৰিকীত ডাঠ পৰ্দা লগোৱা থকাৰ বাবে ভিতৰত কি ঘটি আছিল, সেয়া বাহিৰৰ পৰা কোনেও ধৰিব পৰা নাছিল।
২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত চলন্ত বাছত ২৩ বছৰীয়া পেৰামেডিকেলৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা নিৰ্ভয়াকাণ্ডৰ দৰেই এই ঘটনাই পুনৰবাৰ ৰাজধানী চহৰখনত মহিলাৰ সুৰক্ষাক লৈ তীব্ৰ প্ৰশ্নৰ উত্থাপন কৰিছে। শেহতীয়াভাৱে সমগ্ৰ দেশতে মহিলাৰ সুৰক্ষাক লৈ প্ৰতিবাদ চলি থকাৰ মাজতেই সংঘটিত এই ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।





