বদহজম, গেছ আৰু এচিডিটিৰ সমস্যা বৰ্তমান প্ৰতিঘৰ মানুহৰ বাবেই এক সাধাৰণ কথাত পৰিণত হৈছে। খালী পেটত গেছ আৰু ভৰা পেটত এচিডিটিৰ বাবে পেটৰ অস্বস্তিত ভোগা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰতীয় পাকঘৰত উপলব্ধ এবিধ সাধাৰণ মছলাই আপোনাক এই সমস্যাৰ পৰা সকাহ দিব পাৰে। মুম্বাইৰ স্বাস্থ্য আৰু জীৱনশৈলী বিশেষজ্ঞ লিউক কুটিনহোৱে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে গেছ-এচিডিটি নিৰাময়ৰ বাবে আইতা-আইতাহঁতৰ দিনৰ পৰম্পৰাগত ৰন্ধনশৈলীৰ ওপৰত ভৰসা কৰাৰ পৰামৰ্শ দিছে। পুষ্টিবিজ্ঞান আৰু বিকল্প চিকিৎসাৰ চৰ্চা কৰা তথা বহু তাৰকাৰ স্বাস্থ্য পৰামৰ্শদাতা লিউকে এইক্ষেত্ৰত বিশেষভাৱে ‘হিং‘ৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে।
যেতিয়া মানুহৰ মাজত বৰ্তমানৰ দৰে স্বাস্থ্য সচেতনতাৰ ইমান প্ৰসাৰ নাছিল, তেতিয়া পাকঘৰৰ মছলাবোৰেই আছিল একোবিধ ‘ছুপাৰফুড‘। ইয়াৰ ভিতৰত হিং অন্যতম। আগৰ দিনত প্ৰায় সকলো ৰন্ধনতে, বিশেষকৈ দাইল বা মাহজাতীয় শস্যৰ সৈতে হিং ব্যৱহাৰ কৰা হৈছিল। সোৱাদ বৃদ্ধি কৰাৰ লগতে বদহজম আৰু গেছৰ সমস্যা কমোৱাই আছিল ইয়াৰ মূল উদ্দেশ্য। বিশেষজ্ঞগৰাকীৰ মতে, হিংয়ে হজমত সহায় কৰা উৎসেচকৰ ক্ষৰণ বৃদ্ধি কৰে, যাৰ ফলত পেট ফুলা আৰু অস্বস্তি দূৰ হয়। ইয়াৰ উপৰিও আহাৰ তিয়াই ৰখা, গজালি মেলা, আচাৰ বনোৱা বা কম জুইত লাহে লাহে ৰন্ধা আদি পৰম্পৰাগত পদ্ধতিবোৰে খাদ্যৰ ভিতৰৰ গাঁথনি সলনি কৰি হজমত বাধা জন্মোৱা উপাদানবোৰ কমাই পেলায় আৰু খাদ্যৰ পুষ্টিগুণ সহজে শৰীৰত প্ৰৱেশ কৰাত সহায় কৰে।
লিউকে পৰামৰ্শ দিছে যে হিংৰ লগত জিৰা, হালধি আৰু আদা মিহলাই ৰান্ধিলে খাদ্যৰ সোৱাদ বঢ়াৰ লগতে হজম শক্তি আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। অৱশ্যে তেওঁ সকীয়াই দিছে যে অতিৰিক্ত পৰিমাণৰ হিং ব্যৱহাৰ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হোৱাৰ লগতে আন স্বাস্থ্যজনিত সমস্যাও হ‘ব পাৰে।





