সমগ্ৰ বিশ্বৰ অৰ্থনীতি অনিশ্চয়তাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে ভাৰতীয় অৰ্থনীতিয়ে দেখুৱালে আশাব্যঞ্জক ছবি। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক অৰ্থাৎ এপ্ৰিলৰ পৰা জুনলৈ দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি ৭.৮ শতাংশ বৃদ্ধি পালে। সদ্য প্ৰকাশিত চৰকাৰী পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ প্ৰকৃত জিডিপিৰ মূল্য ৮১.৩৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই মূল্য আছিল ৭৫.৪৬ লাখ কোটি টকা। অৰ্থাৎ এবছৰৰ ব্যৱধানত অৰ্থনীতিৰ বৃদ্ধি হৈছে ৭.৮ শতাংশ।
এই বৃদ্ধিৰ হাৰ অৰ্থনীতিবিদসকলৰ পূৰ্বানুমানতকৈও বেছি। মানিকন্ট্ৰোলে কৰা এক সমীক্ষাত ১৭জন বিশেষজ্ঞই প্ৰথম ত্ৰৈমাসিকত জিডিপি বৃদ্ধিৰ হাৰ প্ৰায় ৭.৩ শতাংশ হ’ব পাৰে বুলি ধাৰণা কৰিছিল। আনহাতে, ৫৮জন অৰ্থনীতিবিদৰ মাজত কৰা আন এক সমীক্ষাত বৃদ্ধিৰ হাৰ ৭.১ শতাংশৰ ওচৰত থাকিব বুলি পূৰ্বানুমান কৰা হৈছিল।
কিন্তু চৰকাৰী পৰিসংখ্যাই সেই সকলো অনুমান অতিক্ৰম কৰি ৭.৮ শতাংশ বৃদ্ধি দেখুৱালে। বিশ্ব অৰ্থনীতিত মন্দাৱস্থাৰ আশংকা, যোগান ব্যৱস্থাত বাধা আৰু যুদ্ধৰ পৰিণতিত তেলৰ মূল্য বৃদ্ধিৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতীয় অৰ্থনীতি এই গতিত আগবাঢ়ি যোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে।
এই সফলতাক দেশবাসীৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমাজমাধ্যমত দিয়া এটা পোষ্টত তেওঁ উল্লেখ কৰে যে বিশ্বজুৰি যোগান সংকট আৰু অনিশ্চয়তা অব্যাহত থকাৰ মাজতো ৭.৮ শতাংশ অৰ্থনৈতিক বৃদ্ধি এক উল্লেখযোগ্য কৃতিত্ব। তেওঁৰ মতে, এই ফল ভাৰতীয় লোকৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু অদম্য প্ৰচেষ্টাৰ প্ৰতিফলন।
প্ৰধানমন্ত্ৰীয়ে নিজৰ পোষ্টত নাম উল্লেখ নকৰাকৈ সমালোচকসকলকো কটাক্ষ কৰে। তেওঁৰ মতে, যিসকলে কেৱল দেশৰ দুৰ্বলতা বিচাৰি ফুৰে, এই বৃদ্ধিৰ পৰিসংখ্যাই তেওঁলোকক উপযুক্ত উত্তৰ দিছে। লগতে তেওঁ কয়, ভাৰতৰ উজ্জ্বলতা দিনক দিনে অধিক বৃদ্ধি পাইছে।
এফালে বিশ্ব অৰ্থনীতি নানা চাপৰ সন্মুখীন হৈ থকাৰ সময়তে আনফালে ভাৰতৰ ৭.৮ শতাংশ জিডিপি বৃদ্ধিয়ে দেশৰ অৰ্থনৈতিক স্থিতি আৰু সম্ভাৱনাক লৈ নতুনকৈ আশাৰ সৃষ্টি কৰিছে। যদিও এই পৰিসংখ্যাৰ সুফল সাধাৰণ জনতাৰ জীৱনত কিমান প্ৰতিফলিত হয়, সেয়া অহা দিনত লক্ষ্যণীয় হ’ব।





