বিবাহ বিচ্ছেদৰ এক গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে। ন্যায়ালয়ৰ মতে, কৰ্মসূত্ৰে স্বামী স্থানান্তৰিত হ’লে ভোডাফোনৰ বিজ্ঞাপনৰ কুকুৰটোৰ দৰে পত্নীয়ে সদায় তেওঁৰ পিছে পিছে যোৱাটো আশা কৰিব নোৱাৰি আৰু স্বামীয়েও সদায় পত্নীক লগত নিব নোৱাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্যৰে উচ্চ ন্যায়ালয়খনে বিগত ১৬ বছৰ ধৰি পৃথক হৈ থকা এহাল দম্পতীৰ বিবাহ বিচ্ছেদত ছীলমোহৰ মাৰে।
ন্যায়াধীশ জি আৰ স্বামীনাথন আৰু এম ডি সুমথিৰ খণ্ড বিচাৰপীঠে শিৱগংগাইৰ এখন পাৰিবাৰিক আদালতৰ ৰায় নাকচ কৰি এই পৰ্যবেক্ষণ আগবঢ়ায়। পূৰ্বে পাৰিবাৰিক আদালতখনে স্বামীৰ বিবাহ বিচ্ছেদৰ আৱেদন নাকচ কৰি কৈছিল যে চাকৰিৰ বাবে পত্নীক এৰি থৈ যোৱাটো বৈবাহিক দায়িত্বৰ উলংঘন আৰু পত্নীক লগত ৰখাটো স্বামীৰ পৰম কৰ্তব্য। এই যুক্তি খণ্ডন কৰি উচ্চ ন্যায়ালয়ে কয়, “পত্নীক সদায় লগত লৈ ফুৰাটো সম্ভৱ নহ’বও পাৰে। স্বামী এজন সৈনিক হ’লে সেনাৰ চাউনিত পাৰিবাৰিক ঘৰ পতাটো সম্ভৱ নহয়। সেয়েহে পত্নীয়ে পাহৰিব নোৱাৰা ভোডাফোনৰ বিজ্ঞাপনৰ কুকুৰটোৰ দৰে আচৰণ কৰিব বুলি আশা কৰিব নোৱাৰি।”
১৯৯২ চনত বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীৰ বৰ্তমান চাৰিটা সন্তান আছে। ৬৭ বছৰীয়া স্বামীগৰাকীয়ে চাকৰিৰ বাবে মুম্বাইলৈ যোৱাৰ সময়ত পত্নীক লগত নিব পৰা নাছিল। পৰৱৰ্তী সময়ত স্বামীয়ে পত্নীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ তুলি বিবাহ বিচ্ছেদ বিচাৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তৃতীয় ব্যক্তিজনক গোচৰৰ পক্ষভুক্ত নকৰাৰ বাবে স্বামীৰ এই অভিযোগৰ আইনী ভিত্তি নথকা বুলি স্পষ্ট কৰি দিয়ে।
স্বামীৰ অভিযোগ প্ৰমাণ নোহোৱাৰ পাছতো ন্যায়ালয়ে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰাৰ মূল ভিত্তি আছিল উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক দৃষ্টিভংগী। হিন্দু বিবাহ আইন, ১৯৫৫-ত ‘সম্পৰ্কৰ স্থায়ী ভাঙোন’ পোণপটীয়াভাৱে বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে উল্লেখ নাই। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰাকেশ ৰমণ বনাম কবিতা গোচৰৰ ৰায়ৰ আধাৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰে যে দীৰ্ঘদিনীয়া বিচ্ছেদ, সহবাসৰ অনুপস্থিতি আৰু পুনৰ মিলনৰ কোনো সম্ভাৱনা নথকা অৱস্থাটোৱেই হৈছে এক প্ৰকাৰৰ মানসিক ‘নিষ্ঠুৰতা’ ১৩(১)(আই-এ)।
উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ১৬ বছৰৰ দীঘলীয়া বিচ্ছেদৰ পাছত দুয়োৰে মাজত প্ৰচণ্ড তিক্ততাৰ সৃষ্টি হৈছে আৰু এই মৃত সম্পৰ্কটোক আইনী কাগজৰ নামত জীয়াই ৰাখিবলৈ বাধ্য কৰোৱাটোৱেই দুয়োৰে বাবে আটাইতকৈ ডাঙৰ শাস্তি বা নিষ্ঠুৰতা। এই আইনী ভিত্তিত ন্যায়ালয়ে বিবাহখন ভংগ কৰি স্বামীক পত্নীৰ ভৰণ-পোষণৰ বাবে এককালীনভাৱে ৭ লাখ টকা জমা দিবলৈ নিৰ্দেশ দিয়ে। পাৰিবাৰিক আদালতত এই ধন পৰিশোধৰ পাছতে বিবাহ বিচ্ছেদ কাৰ্যকৰী হ’ব।





