• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

দুয়োটা ক্ষেত্ৰতে কেইবাটাও লক্ষণ ইটোৰ লগত সিটোৰ মিল আছে। বিশেষজ্ঞসকলৰ মতে, সন্দেহ হ’লে হাৰ্ট এটেকৰ সম্ভাৱনাক সহজভাৱে ল’ব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 7:24 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ বুকুৰ ধপধপনি, উশাহ-নিশাহ লোৱাত অসুবিধা, বুকু গধুৰ লগা বা মূৰ ঘূৰাইছে, এনে পৰিস্থিতিত বহু লোকে ভয় খায়। কিন্তু এই লক্ষণসমূহ কেৱল এংজাইটি বা পেনিক এটেকৰ বাবেই নেকি, নে ইয়াৰ আঁৰত আছে হাৰ্ট এটেক?

এই বিষয়ত বিভ্ৰান্তি হোৱাটো স্বাভাৱিক। কাৰণ দুয়োটা ক্ষেত্ৰতে কেইবাটাও লক্ষণ ইটোৰ লগত সিটোৰ মিল আছে। বিশেষজ্ঞসকলৰ মতে, সন্দেহ হ’লে হাৰ্ট এটেকৰ সম্ভাৱনাক সহজভাৱে ল’ব নালাগে।

Apply Now

এংজাইটি বা পেনিক এটেকৰ ক্ষেত্ৰত হঠাতে তীব্ৰ ভয়, অস্থিৰতা বা বিপদৰ ভয়ৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগে লগে বুকুৰ ধপধপনি, বুকুৰ বিষ বা চাপ, ঘাম ওলোৱা, উশাহ লোৱাত কষ্ট পোৱা, মূৰটো পাতল লগা বা বমি বমি ভাৱ আদি হ’ব পাৰে। কেতিয়াবা লক্ষণবোৰ অতি সোনকালে তীব্ৰতৰ হৈ পৰে আৰু কিছু সময়ৰ পিছত লাহে লাহে কমি যায়।

আনহাতে, হাৰ্ট এটেকত বুকুৰ মাজভাগত চাপ, চেপি ধৰা বা গধুৰ লগা আদি অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। এই অস্বস্তি কেইমিনিটমান থাকিব পাৰে, তাৰ পিছত কিছু সময়ৰ বাবে কমি আহি পুনৰ আৰম্ভ কৰিব পাৰে। বিষ বা অস্বস্তি এখন বা দুয়োখন হাত, পিঠি, ডিঙি, কান্ধ বা পেটলৈ বিয়পিব পাৰে। ইয়াৰ লগত উশাহ লোৱাত কষ্ট, ঠাণ্ডা ঘাম, বমি বমি ভাৱ বা মূৰ ঘূৰোৱা আদি লক্ষণো দেখা দিব পাৰে।

বিশেষকৈ মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণসমূহ সদায় বৰ স্পষ্ট নহ’বও পাৰে। বুকুৰ অস্বস্তিৰ উপৰিও অস্বাভাৱিক ভাগৰ, উশাহ লোৱাত কষ্ট, বমি বমি ভাৱ বা পিঠি, কান্ধ বা ডিঙিত অস্বস্তি অনুভৱ কৰিব পাৰে। ফলত এই লক্ষণসমূহ কেৱল গেছ বা এংজাইটি বুলি ভাবি আওকাণ কৰাটো বিপদজনক হ’ব পাৰে।

ঘৰতে নিশ্চিতভাৱে কোৱা সম্ভৱ নহয় যে সেয়া এংজাইটি নে হাৰ্ট এটেক। বিশেষকৈ যদি আপোনাৰ নতুনকৈ বুকুৰ বিষ, উশাহ-নিশাহৰ কষ্ট, ঠাণ্ডা ঘাম, মূৰ ঘূৰোৱা, বা শৰীৰৰ ওপৰৰ অংশত বিষ হয় তেন্তে তৎক্ষণাত জৰুৰী চিকিৎসা গ্ৰহণ কৰা উচিত। সন্দেহ থাকিলেও অপেক্ষা নকৰাটোৱে নিৰাপদ। কাৰণ হাৰ্ট এটেক হ’লে সোনকালে চিকিৎসা আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়।

বুকুৰ লক্ষণসমূহ ‘কেৱল এংজাইটি’ বুলি ধৰি ল’ব নালাগে আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক। সময়মতে আৰু সঠিক পৰীক্ষা তথা চিকিৎসাই গুৰুতৰ বিপদৰ পৰা হাত সৰাৰ আটাইতকৈ নিৰাপদ উপায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm
২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd