হঠাৎ বুকুৰ ধপধপনি, উশাহ-নিশাহ লোৱাত অসুবিধা, বুকু গধুৰ লগা বা মূৰ ঘূৰাইছে, এনে পৰিস্থিতিত বহু লোকে ভয় খায়। কিন্তু এই লক্ষণসমূহ কেৱল এংজাইটি বা পেনিক এটেকৰ বাবেই নেকি, নে ইয়াৰ আঁৰত আছে হাৰ্ট এটেক?
এই বিষয়ত বিভ্ৰান্তি হোৱাটো স্বাভাৱিক। কাৰণ দুয়োটা ক্ষেত্ৰতে কেইবাটাও লক্ষণ ইটোৰ লগত সিটোৰ মিল আছে। বিশেষজ্ঞসকলৰ মতে, সন্দেহ হ’লে হাৰ্ট এটেকৰ সম্ভাৱনাক সহজভাৱে ল’ব নালাগে।
এংজাইটি বা পেনিক এটেকৰ ক্ষেত্ৰত হঠাতে তীব্ৰ ভয়, অস্থিৰতা বা বিপদৰ ভয়ৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগে লগে বুকুৰ ধপধপনি, বুকুৰ বিষ বা চাপ, ঘাম ওলোৱা, উশাহ লোৱাত কষ্ট পোৱা, মূৰটো পাতল লগা বা বমি বমি ভাৱ আদি হ’ব পাৰে। কেতিয়াবা লক্ষণবোৰ অতি সোনকালে তীব্ৰতৰ হৈ পৰে আৰু কিছু সময়ৰ পিছত লাহে লাহে কমি যায়।
আনহাতে, হাৰ্ট এটেকত বুকুৰ মাজভাগত চাপ, চেপি ধৰা বা গধুৰ লগা আদি অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। এই অস্বস্তি কেইমিনিটমান থাকিব পাৰে, তাৰ পিছত কিছু সময়ৰ বাবে কমি আহি পুনৰ আৰম্ভ কৰিব পাৰে। বিষ বা অস্বস্তি এখন বা দুয়োখন হাত, পিঠি, ডিঙি, কান্ধ বা পেটলৈ বিয়পিব পাৰে। ইয়াৰ লগত উশাহ লোৱাত কষ্ট, ঠাণ্ডা ঘাম, বমি বমি ভাৱ বা মূৰ ঘূৰোৱা আদি লক্ষণো দেখা দিব পাৰে।
বিশেষকৈ মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণসমূহ সদায় বৰ স্পষ্ট নহ’বও পাৰে। বুকুৰ অস্বস্তিৰ উপৰিও অস্বাভাৱিক ভাগৰ, উশাহ লোৱাত কষ্ট, বমি বমি ভাৱ বা পিঠি, কান্ধ বা ডিঙিত অস্বস্তি অনুভৱ কৰিব পাৰে। ফলত এই লক্ষণসমূহ কেৱল গেছ বা এংজাইটি বুলি ভাবি আওকাণ কৰাটো বিপদজনক হ’ব পাৰে।
ঘৰতে নিশ্চিতভাৱে কোৱা সম্ভৱ নহয় যে সেয়া এংজাইটি নে হাৰ্ট এটেক। বিশেষকৈ যদি আপোনাৰ নতুনকৈ বুকুৰ বিষ, উশাহ-নিশাহৰ কষ্ট, ঠাণ্ডা ঘাম, মূৰ ঘূৰোৱা, বা শৰীৰৰ ওপৰৰ অংশত বিষ হয় তেন্তে তৎক্ষণাত জৰুৰী চিকিৎসা গ্ৰহণ কৰা উচিত। সন্দেহ থাকিলেও অপেক্ষা নকৰাটোৱে নিৰাপদ। কাৰণ হাৰ্ট এটেক হ’লে সোনকালে চিকিৎসা আৰম্ভ কৰাটো অতি প্ৰয়োজনীয়।
বুকুৰ লক্ষণসমূহ ‘কেৱল এংজাইটি’ বুলি ধৰি ল’ব নালাগে আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক। সময়মতে আৰু সঠিক পৰীক্ষা তথা চিকিৎসাই গুৰুতৰ বিপদৰ পৰা হাত সৰাৰ আটাইতকৈ নিৰাপদ উপায়।





