দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠি চালনাৰ অভিযোগক লৈ সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে এই ঘটনাই তেওঁক গভীৰভাৱে বিচলিত কৰিছে।
দিল্লীত প্ৰাক্তন নিৰাপত্তা সচিব যশোবৰ্ধন আজাদৰ ‘পুলিচিং দ্য ৰিপাব্লিক’ নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত তেওঁ কয় যে ‘এয়া গভীৰ উদ্বেগৰ বিষয়’। আৰক্ষীৰ ওপৰত ৰাজনৈতিক নিয়ন্ত্ৰণৰ বিৰুদ্ধেও তেওঁ সকীয়াই দিয়ে।
নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ এটা অংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পৰাই তেওঁলোকে ‘চলো সংসদ’ অভিযান আৰম্ভ কৰে। অভিযোগ অনুসৰি তেতিয়াই শিক্ষাৰ্থীসকলৰ ওপৰত লাঠি চালনা কৰা হৈছিল।
ন্যায়াধীশ ভূঞাৰ ভাষাত ‘যুৱ আৰক্ষী বিষয়াসকলে ব্যক্তিগতভাৱে প্ৰতিবাদকাৰীসকলৰ ওপৰত জপিয়াই পৰা দেখি মই হতাশ হৈছো।’ একে সময়তে আৰক্ষীৰ পৰা নিৰপেক্ষতা বাঞ্ছনীয় বুলিও তেওঁ মন্তব্য কৰে।
ন্যায়াধীশগৰাকীয়ে কয় যে, “আৰক্ষীৰ পৰা আশা কৰা নিৰপেক্ষতা আৰু সংযম যেন কেনেবাকৈ হেৰাই গৈছে। এইটো গভীৰ উদ্বেগৰ বিষয়।”
ন্যায়াধীশ ভূঞাই বিশ্বাস কৰে যে অতিৰিক্ত বল প্ৰয়োগ নকৰাকৈও আইন-শৃংখলা বজাই ৰাখিব পাৰি। তেওঁ কয়, “হুইচেল আৰু লাঠি লৈ ৰাজপথত থিয় হৈ থকা আৰক্ষীসকলে সাধাৰণ জনতাৰ বাবে ৰাষ্ট্ৰৰ প্ৰতীক। যদি তেওঁলোকে অনুভৱ কৰে যে কাৰোবাৰ লগত অন্যায় হৈছে, তেন্তে তেওঁলোকে আৰক্ষীৰ ওচৰলৈ যায়।” ন্যায়াধীশগৰাকীৰ মতে, “সেইবাবেই আৰক্ষীয়ে বিশ্বাসযোগ্যতা বজাই ৰাখিব লাগে।” একে সময়তে তেওঁ আইনৰ শাসন প্ৰতিষ্ঠাৰ কথাও কয়।
ন্যায়াধীশ ভূঞাই আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ ভাষাত “এয়া এক জঘন্য অপৰাধ।” ন্যায়াধীশগৰাকীয়ে লগতে সোঁৱৰাই দিয়ে যে “আইনৰ শাসন” বজাই ৰাখিবলৈ হ’লে সততা আৰু ধৰ্মনিৰপেক্ষতাৰ লগতে সংবিধান মানি চলা, নিৰপেক্ষতা বজাই ৰখা, পেছাদাৰী ভূমিকা পালন কৰাটো প্ৰয়োজনীয়। একে সময়তে তেওঁ আৰক্ষী ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজনীয়তা আছে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে যোৱা দেওবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই কৈছিল যে, “কোনো বিষয়ত ভিন্ন মতামত প্ৰকাশ বা প্ৰশ্ন কৰা শিক্ষাৰ্থীক শাস্তিৰ ভাবুকি দিব নোৱাৰি”। তেওঁ এনে কাৰ্যক অসাংবিধানিক আৰু ক্ষমতাৰ অপব্যৱহাৰ বুলিও গণ্য কৰে।
দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত স্নাতকোত্তৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ লগতে কৈছিল যে, “বিশ্ববিদ্যালয়সমূহ এনে এখন ঠাই হ’ব লাগে য’ত প্ৰতিষ্ঠিত মতামত আৰু ধাৰণাক প্ৰশ্ন কৰাৰ সুযোগ থাকে। মতানৈক্যক শত্ৰুতাৰ দৃষ্টিৰে চোৱা উচিত নহয়।”





