হৃদৰোগে তেওঁৰ প্ৰাণ কাঢ়ি নিলে। ঝাৰখণ্ডৰ উচ্চ শিক্ষা আৰু প্ৰযুক্তি মন্ত্ৰী সুদীব্য কুমাৰ চনুৰ হাৰ্ট এটেকত মৃত্যু হয়। শনিবাৰে মাজ নিশা ৫৬ বছৰ বয়সত গিৰিডিহৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।
ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে পৰিচিত আছিল সুদীব্য চনু। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
গিৰিডিহৰ দুবাৰৰ বিধায়কগৰাকীয়ে নিজৰ বাসগৃহত অসুস্থ অনুভৱ কৰাত ততাতৈয়াকৈ গিৰিডিহৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
হেমন্ত ছ’ৰেন নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰত তেওঁ নগৰ উন্নয়ন, পৰ্যটন, কলা আৰু সংস্কৃতি তথা ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা আদি গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বও পালন কৰিছিল।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে তেওঁৰ শোক বাৰ্তাত কয়, “যোৱা মাজ নিশা মোৰ জ্যেষ্ঠ ভাই আমাৰ প্ৰিয় সুদীব্য কুমাৰ চনু জীৰ মৃত্যুৰ হৃদয় বিদাৰক খবৰ পাইছো। এই খবৰটো মোৰ বাবে মানি লোৱাটো অতি কঠিন। চনু ভাইৰ বিদায়ে মোৰ জীৱনত এক শূন্যতাৰ সৃষ্টি কৰিছে যিটো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। চনু ভাই মোৰ বাবে কেৱল এগৰাকী জ্যেষ্ঠ সহকৰ্মী বা ৰাজনৈতিক সহযোগী নাছিল, তেওঁ আছিল এজন ডাঙৰ ভাতৃৰ দৰে…মৰমিয়াল আৰু পথ প্ৰদৰ্শক, যিয়ে প্ৰতিটো কঠিন সময়ত মোৰ কাষত অটলভাৱে থিয় দিছিল… আপোনাৰ অভাৱ সদায় অনুভৱ কৰিম। আপোনাৰ মৰম, আপোনাৰ সংগ্ৰাম আৰু ঝাৰখণ্ডৰ প্ৰতি আপোনাৰ নিষ্ঠা মই চিৰদিন লগত লৈ আগবাঢ়িম।’
জে এম এমে তেওঁলোকৰ জ্যেষ্ঠ নেতাগৰাকীৰ হঠাৎ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, ‘ঝাৰখণ্ড মুক্তি মৰ্চাৰ নিষ্ঠাবান কৰ্মী তথা ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী সুদীব্য কুমাৰ চনুৰ অকাল মৃত্যুত জে এম এম পৰিয়াল স্তম্ভিত আৰু দুখী।’ দলৰ তৰফৰ পৰা কোৱা হৈছে, ‘’তেওঁৰ সংগ্ৰাম, সেৱা আৰু অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব। ভগৱানে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক আৰু এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়াল আৰু সকলো সতীৰ্থক শক্তি প্ৰদান কৰক।’’





