দিল্লীৰ সত্যনিকেতনত অতিথিশালা (হোষ্টেল) খহি সাতজন লোকৰ মৃত্যু হোৱা ঘটনাৰ পিছতেই এতিয়া পোহৰলৈ আহিছে বহিতো তথ্য। আৰক্ষীৰ এজাহাৰ অনুসৰি, পুৰণি আৰু দুৰ্বল ভেটিৰ কথা জানিও কেৱল অধিক ভাড়া উপাৰ্জনৰ আশাত অট্টালিকাটোত অতিৰিক্ত মহলা নিৰ্মাণ কৰা হৈছিল। এই অভিযোগে ঘটনাটো সাধাৰণ দুৰ্ঘটনা নহয়, বৰং অবহেলা আৰু অধিক উপাৰ্জনৰ লোভৰ ভয়ংকৰ পৰিণতি হ’ব পাৰে বুলি প্ৰশ্ন তুলিছে।
সত্যনিকেতনত থকা ‘HostelDaze’ নামৰ পিজি হোষ্টেলটো দেওবাৰে হঠাতে খহি পৰে। অট্টালিকাটো প্ৰায় ৫০ বছৰ পুৰণি আছিল। অভিযোগ অনুসৰি, মালিক হৰিৰাম বংশাল ওৰফে গুপ্তা আৰু তেওঁৰ ভাতৃয়ে পুৰণি গাঁথনিটোৰ ওপৰত অতিৰিক্ত চাৰিটা মহলা নিৰ্মাণ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ ওচৰত হোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে পিজি হিচাপে ব্যৱহাৰ কৰি অধিক ভাড়া উপাৰ্জন কৰাই আছিল ইয়াৰ অন্যতম উদ্দেশ্য বুলি এজাহাৰত উল্লেখ কৰা হৈছে।
এজাহাৰ অনুসৰি, মালিক পক্ষই অট্টালিকাটোৰ পুৰণি ভেটি অতিৰিক্ত ওজন বহন কৰিব পৰাকৈ শক্তিশালী নহয় বুলি জানিছিল। তথাপিও অতিৰিক্ত নিৰ্মাণৰ কাম চলিবলৈ দিয়া হৈছিল বুলি আৰক্ষীৰ অভিযোগ। ফলত অট্টালিকাটোৰ গাঁথনি আৰু ভাৰবহন ক্ষমতাৰ ওপৰত অত্যধিক চাপ পৰে। দশকজোৰা পুৰণি অট্টালিকাটো ক্ৰমাৎ নিজৰ সীমা অতিক্ৰম কৰাৰ পিছতেই ভয়ংকৰ পৰিণতি নামি আহে।
আৰক্ষীৰ মতে, অট্টালিকাটো খহি পৰাৰ সময়ত তলৰ মহলাত নিৰ্মাণৰ কাম চলি আছিল। তাৰ মাজতে বৰষুণৰ পানী বেছিকৈ জমা হৈ তলৰ অংশটো পানীত ডুব যায়। ইয়াৰ পাছতে হঠাতে সমগ্ৰ অট্টালিকাটো খহি পৰে আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে।
দেওবাৰৰ পৰা সোমবাৰৰ সন্ধিয়ালৈকে ধ্বংসাৱশেষৰ মাজৰ পৰা অন্তত ১২জন লোকক উদ্ধাৰ কৰা হয়। কিন্তু ইয়াৰে সাতজনৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত অধিকাংশই আছিল ছাত্ৰ। নিহতসকলৰ ভিতৰত আছিল ২০ বছৰীয়া অভিষেক, ২০ বছৰীয়া যুৱৰাজ ছোনি, ১৭ বছৰীয়া পৱন, ১৯ বছৰীয়া অৰ্পিত জাজাজ আৰু ১৮ বছৰীয়া অক্ষত সিং যাদৱ। ইয়াৰ উপৰি ৭৫ বছৰীয়া শ্ৰমিক সুৰিন্দৰ সিঙেও প্ৰাণ হেৰুৱায়। সপ্তমজন মৃত লোকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
এই দুৰ্ঘটনাত আহত পাঁচজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। আহতসকল হ’ল ৩০ বছৰীয়া অসমগৰ আলী, ১৯ বছৰীয়া নীৰজ বাৱান, ১৯ বছৰীয়া আদিত্য কুমাৰ, ১৯ বছৰীয়া নীতিশ চিব আৰু ১৮ বছৰীয়া মহম্মদ আয়ান। তেওঁলোকৰ দিল্লীৰ এইমছ ট্ৰমা চেণ্টাৰ আৰু ছফদৰজং চিকিৎসালয়ত চিকিৎসা চলি আছে। আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই ঘটনাক লৈ দক্ষিণ কেম্পাছ আৰক্ষী থানাত দেওবাৰে নিশা এজাহাৰ পঞ্জীয়ন কৰা হয়। ১৫৩/২০২৬ নম্বৰৰ এই গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫, ২৯০ আৰু ১২৫(এ) ধাৰা প্ৰয়োগ কৰা হৈছে। এই ধাৰাসমূহৰ ভিতৰত হত্যাৰ সমপৰ্যায়ৰ নহোৱা দোষজনিত মৃত্যু, অট্টালিকা ভাঙনি, মেৰামতি বা নিৰ্মাণৰ ক্ষেত্ৰত অৱহেলা আৰু আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষাৰ প্ৰতি বিপদ সৃষ্টি কৰাৰ দৰে অভিযোগৰ বিধান আছে।
ঘটনাৰ পাছতে আৰক্ষীয়ে ৮১ বছৰীয়া হৰিৰাম গুপ্তাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰকো আটক কৰিছে। হৰিৰাম গুপ্তা ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত ছাৰ্জেণ্ট বুলি জানিব পৰা গৈছে।
এতিয়া এই ঘটনাই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে—অট্টালিকাটোৰ ভেটি দুৰ্বল বুলি জানিও কেনেকৈ অতিৰিক্ত মহলা নিৰ্মাণ কৰা হ’ল? কেৱল অধিক ভাড়া উপাৰ্জনৰ বাবে যদি এটা পুৰণি অট্টালিকাৰ ওপৰত সীমাৰ বাহিৰত ওজন জাপি দিয়া হৈছিল, তেন্তে সেই সিদ্ধান্তৰ মূল্য সাতটা জীৱনে দিবলগীয়া হ’ল নেকি? দিল্লীৰ এই ভয়ংকৰ ঘটনাই নগৰাঞ্চলৰ পুৰণি অট্টালিকা, অবৈধ নিৰ্মাণ আৰু সুৰক্ষা ব্যৱস্থাক লৈ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন স্পষ্ট কৰি তুলিছে।





