অসমৰ সমসাময়িক ৰাজনৈতিক ঘটনা প্ৰবাহ আৰু বিৰোধী দলসমূহৰ পাৰস্পৰিক কন্দলক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ ২০০ৰো অধিক বিশিষ্ট শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী আৰু সমাজৰ সচেতন নাগৰিকে। ‘অসম নাগৰিক সন্মিলন’ৰ তৰফৰ পৰা প্ৰকাশিত এক যৌথ গোহাৰিত বিৰোধী দলসমূহক দলীয় সংকীৰ্ণতা পৰিহাৰ কৰি শাসকীয় বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে এক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছে।
গোহাৰিটোত উল্লেখ কৰা অনুসৰি, বিগত বিধানসভা নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত বিৰোধীয়ে নিজৰ ভুল-ত্ৰুটিসমূহ পৰ্যালোচনা কৰি ন ৰূপত ৰাইজৰ ওচৰ চাপিব বুলি আশা কৰা হৈছিল। কিন্তু নিৰ্বাচনী ব্যৰ্থতাৰ কাৰণসমূহ গভীৰভাৱে অনুধাৱন কৰাৰ পৰিৱৰ্তে তেওঁলোকে কেৱল আনুষ্ঠানিকতাতে সকলো সামৰিলে।
একেদৰে, শেহতীয়াকৈ উজনি অসমত সৃষ্টি হোৱা অভূতপূৰ্ব বান বিভীষিকাৰ সময়তো বিৰোধী দলসমূহক ঐক্যবদ্ধভাৱে পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা নগ’ল। বানপীড়িতক সহায় কৰাত সাধাৰণ ৰাইজ আৰু স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিৰোধীয়েও হাত আগবঢ়াইছিল যদিও, চৰকাৰৰ প্ৰাৰম্ভিক পূতৌজনক ভূমিকাৰ বিৰুদ্ধে জৱাবদিহি কৰাত আৰু বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক হেঁচা দিয়াত বিৰোধী ব্যৰ্থ হ’ল বুলি গোহাৰিটোত উল্লেখ কৰা হৈছে।
গোহাৰিখনত বিৰোধী শিবিৰৰ ভিতৰচ’ৰাৰ খামখেয়ালিক লৈ তীব্ৰ অসন্তোষ প্ৰকাশ কৰা হৈছে। বিশেষকৈ, ৰাইজৰ দলৰ সভাপতিয়ে কংগ্ৰেছ দল আৰু ইয়াৰ সভাপতিক কৰা আক্ৰমণৰ পাছত বিৰোধী দলসমূহে শাসকীয় পক্ষক জৱাবদিহি কৰাৰ পৰিৱৰ্তে নিজৰ মাজতে বোকা ছটিওৱাত ব্যস্ত হৈ পৰা কাৰ্যক গৰিহণা দিয়ে।
এই সন্দৰ্ভত অসমৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁয়ে কৰা মন্তব্যৰ বাবে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে তেওঁক নানা ধৰণে ককৰ্থনা কৰা কাৰ্যত অসন্তোষ প্ৰকাশ কৰি বিশিষ্ট নাগৰিকসকলে প্ৰশ্ন কৰে— “বিগত এক দশকধৰি কেন্দ্ৰ বা ৰাজ্য ক’তো শাসনত নথকা কংগ্ৰেছৰ পুৰণি দুৰ্নীতিৰ কথা কৈ বৰ্তমান বিজেপিৰ অপশাসন আৰু আনুষ্ঠানিক ভ্ৰষ্টাচাৰক ঢাকি ৰাখিব বিচৰা হৈছে নেকি?”
গোহাৰিটোত স্পষ্ট কৰি দিয়া হৈছে যে বৰ্তমান চৰকাৰখনে ভূমিপুত্ৰ আৰু আদিবাসীসকলৰ মাটি কাঢ়ি কৰ্পোৰেট সংস্থাক গতাই দিছে। ইয়াৰ উপৰিও তীব্ৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, শিক্ষা খণ্ডৰ অৱক্ষয় আৰু বানপানীৰ দৰে জ্বলন্ত সমস্যাই সাধাৰণ মানুহৰ জীৱন দুর্বিসহ কৰি তুলিছে। এনে সময়ত বিৰোধীয়ে নিজৰ মাজত অৰিয়াঅৰি কৰি থাকিলে সময়ে কাকো ক্ষমা নকৰিব।
বিৰোধী দলসমূহক আত্মসমালোচনা কৰি বিবেকী সিদ্ধান্ত ল’বলৈ আৰু জনসাধাৰণক লগত লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী জনজাগৰণ গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছে।
অসম নাগৰিক সন্মিলনৰ হৈ এই গোহাৰিত ৰাজ্যৰ ২০০ৰো অধিক বিশিষ্ট ব্যক্তিয়ে স্বাক্ষৰ কৰি সমৰ্থন জনাইছে।
স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে- হৰেকৃষ্ণ ডেকা, অজিৎ কুমাৰ ভূঞা, থমাচ মেনমপৰমপিল, অপূৰ্ব শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, লক্ষ্মীনাথ তামুলী, কমল নয়ন চৌধুৰী, পৰমানন্দ মহন্ত, মুনীন বায়ন, অৰূপ বৰবৰা, মনোৰমা শৰ্মা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ, ইন্দ্ৰাণী দত্ত, আব্দুল মান্নান, প্ৰভাত বৰা, দেৱব্ৰত দাস, লোকনাথ গোস্বামী,নীলিম কুমাৰ, জ্ঞান পূজাৰী, জ্ঞানেন বৰকাকতী, চম্পক বৰবৰা, এলেন ব্ৰুক, জ্যোতিশংকৰ চলিহা, ৰাজেন কলিতা, মাইনী মহন্ত, পূৰ্ণেশ্বৰ নাথ, জ্যোতিপ্ৰসাদ চলিহা, অৱনী বৰা, হেমন্ত দাস, দেৱব্ৰত শৰ্মা, দীপক গোস্বামী, শিৱানন্দ কাকতি, অজিত চন্দ্ৰ তালুকদাৰ, ৰবীন দত্ত, কৌস্তভমণি শইকীয়া, দেৱকান্ত সন্দিকৈ, ৰণেন কুমাৰ গোস্বামী, ৰাণাপ্ৰসাদ হাজৰিকা, আবচাৰ হাজৰিকা, নীৰেন্দ্ৰনাথ ঠাকুৰীয়া, শংকৰ শইকীয়া, গৌতম বৰা, জুনু বৰা,, মহেশ ডেকা, অৰূপ কুমাৰ গোস্বামী, উজ্জ্বল ভৌমিক, প্ৰশান্ত কুমাৰ কলিতা, শৰৎ চন্দ্ৰ নেওগ, বিপুলদেৱ শৰ্মা, বিজয়া গগৈ, পাৰুল বৰুৱা, কেশৱ শইকীয়া, পদ্মপাণি, শিৱানন্দ চৌধুৰী, অক্ষয় কুমাৰ ঠাকুৰীয়া, গুণীন চৌধুৰী, ড° হাফিজ আহমেদ, ডাঃ ভৰেশ ভাগৱতী, শান্তনু শৰ্মা, প্ৰণৱজ্যোতি ডেকা, বৰ্ণালী বৰুৱা, কৌশিক দাস, দিলীপ ৰায়চৌধুৰী, ফখৰুদ্দিন আহমেদ, জমশ্বেৰ আলী, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, নজিবুদ্দিন আহমেদ, কুলেশ চন্দ্ৰ শৰ্মা, মনোমোহন ৰাজবংশী, বিমল চৌধুৰী, অঞ্জন গোস্বামী, দেৱেন তামুলী, ৰাজীৱ ফুকন, পদ্মলোচন নাথ, প্ৰেম গগৈ, ইমৰানআ হুছেইন, ৰেজা মাহমুদ, ডাঃ অনিল চৌধুৰী, ময়ূৰ বৰা, দুদুলমণি শৰ্মা, বংশীধৰ বেজবৰুৱা, মদদ্দৰ হুছেইন, চফিউৰ ৰহমান শইকীয়া, তিলক মহন, ভবেন্দ্ৰ নাথ মহন, গোপাল চন্দ্ৰ বৰ্মন, উদিত বৰুৱা, নিৰঞ্জন মহন্ত, অনুপমা বসুমতাৰী, দীপংকৰ শৰ্মা, গজেন কলিতা, নয়নজ্যোতি ভূঞা, উমেশ গোস্বামী, দিবাকৰ গোস্বামী, উত্তম দুৱৰা, প্ৰফুল্ল কুমাৰ দাস, ময়ূৰ গোস্বামী, চক্ৰেশ্বৰ কছাৰী, অসীম বৰপাত্ৰগোহাঁই, জয়ন্ত বৰগোহাঁই, বংকিম চন্দ্ৰ গগৈ, সুভাষ সেন, নিৰন্ত গোহাই, ৰাজকুমাৰ শৰ্মা, ৰূপেশ্বৰ কুমাৰ, মানৱ চেতিয়া, ৰাণা চাংমাই, অঞ্জনা বৰ্মন, পূৰবী কলিতা শইকীয়া, ৰূপালীম দত্ত, লয়নু দাস কলিতা, ৰমণীমোহন দাস, বিজন দাস, গৰ্গ তালুকদাৰ, অৱনী কুমাৰ সূত্ৰধৰ, চামচুল বাৰিক, আজাহাৰুল ইছলাম, জিতেন্দ্ৰলাল শৰ্মা, টিমকেন্দ্ৰ বাহাদুৰ সিংহ, বিমল দাস, উদয় শংকৰ শইকীয়া, শৈলেন বৰকটকী, ডাঃ দণ্ডেশ্বৰ দত্ত, আব্দুল কালাম নেওগ, জগন্নাথ ফুকন, পিনাকী সেনগুপ্ত, মৃদুল কুমাৰ বৰা, প্ৰমোদ চন্দ্ৰ মহন্ত, ত্ৰিদিৱ দত্ত, অশোক কুমাৰ বৰুৱা, পবিত্ৰ প্ৰাণ গোস্বামী, যশোদা ৰঞ্জন দাস, দ্বিপেন কাকতি, কোকিল শইকীয়া, ডাঃ প্ৰবীণ কুমাৰ নেওগ, দিলীপ ফুকন, দিলীপ বৰদলৈ, ৰজন চৌধুৰী, কৌশিক দাস, বৰ্ণালী বৰুৱা, ত্ৰিদীৱ নিলীম দত্ত, অমিতাভ বৰুৱা, মুজিবুৰ ৰহমান, প্ৰমোদ চাগ্ৰা, আব্দুল ওৱাদুদ সেখ, মহচিন আহমেদ, জুৱেল আহমেদ, গোবিন্দ ৰাভা, পক্ষীৰাজ ৰাভা, আদিত চন্দ্ৰ ৰাভা, ইন্দ্ৰেশ্বৰ ৰাভা, অৰুণ দিয়া ৰাভা, গজেন ৰাভা, আদিত্য নাগ, নৃপেন চাংমা, কমল ৰাভা, মনা ৰাভা, বিকাশজ্যোতি শইকীয়া, বৈকুণ্ঠ দাস, মানস তামুলী, দিবাকৰ শেনচোৱা, নিৰঞ্জন চেতিয়া, চামচুল জামান হাজৰিকা, ছাজেৰ ৰহমান, আনচাৰউদ্দিন বৰা, ব্ৰজেন ফুকন, আছাদ উল্লাহ, বকুল বৰঠাকুৰ, খাইৰতদ্দিন আহমদ, কল্পজ্যোতি শইকীয়া, অঞ্জুমান ভৰদ্বাজ, অজিত খাটনিয়াৰ, প্ৰাঞ্জল ৰাজগুৰু, সুব্ৰত তালুকদাৰ,দীপজ্যোতি গগৈ, অৰুণ বৰা, বিকাশ বৰদলৈ, ফজলুল হক মৰল, ডাঃ ৰিয়াজ উদ্দিন আহমেদ, ডাঃ ৰেজাউল কৰিম, আবু বাক্কাৰ ছিদ্দিক, দ্বীজেন বৰ্মন, খবিৰ আহমেদ, জিতুমণি দাস, আব্দুল আজিজ আহমেদ, নৰেন্দ্ৰ মহন্ত, জমিৰ উদ্দিন তালুকদাৰ, ফয়জুল হক, নেৱাজ আহমদ, ৰুহুল আমিন, ইছমাইল আলি, কৃষ্ণ গগৈ, জয়গোবিন্দ শইকীয়া, কেৰামত আলী শ্বেখ, ড° অহিজুদ্দিন শ্বেখ, ইছমাইল হুছেইন, জিয়াউদ্দিন মনৱাৰুল হক, চাইদুল হক, আনোৱাৰ হুছেইন, এথেন্স মিন্স, ফাইজুল হক, ফ্লোৰেন্স মিন্স, হিপ্পো টপ্পো, পৰিধি ধ্ৰুৱজ্যোতি শইকীয়া, এন ইছলাম, হৰ্ষবৰ্ধন বুমন।

