• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 3:12 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ ১৩ বছৰৰ আইনী যুঁজৰ অন্তত অৱশেষত আদালতত আত্মসমৰ্পণ কৰিলে ‘তেহেলকা’ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সম্পাদক তৰুণ তেজপালে। সহকৰ্মীক ধৰ্ষণৰ গোচৰত বোম্বে উচ্চ ন্যায়ালয়ে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সোমবাৰে পুৱা গোৱাৰ মাপুসা আদালতত উপস্থিত হৈ আত্মসমৰ্পণ কৰে তেজপালে।

ইয়াৰ পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠে গোৱাৰ অধিৱেশন আদালতৰ ৰায় বাতিল কৰি তেজপালক দোষী সাব্যস্ত কৰিছিল। অধিৱেশন আদালতে ২০২১ চনত তেওঁক সকলো অভিযোগৰ পৰা মুক্তি দিছিল। কিন্তু সেই ৰায়ক সম্পূৰ্ণৰূপে বাতিল কৰি উচ্চ ন্যায়ালয়ে তেজপালক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি দিয়ে।

Apply Now

উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে তেজপালে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কিন্তু ২৫ আগষ্টত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আবেদনখনৰ শুনানি হোৱাৰ পূৰ্বে তেজপালে তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। ২১ ছেপ্টেম্বৰৰ ভিতৰত আত্মসমৰ্পণৰ সৈতে জড়িত নথি আদালতত দাখিল হোৱাৰ পাছতহে ২২ ছেপ্টেম্বৰত তেওঁৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰা হ’ব বুলি শীৰ্ষ আদালতে জনাইছিল। সেই নিৰ্দেশ মানি সোমবাৰে আদালতত উপস্থিত হয় তেজপাল।

এই গোচৰৰ সূচনা হৈছিল ২০১৩ চনত। গোৱাৰ এখন পাঁচতৰকা হোটেলৰ লিফ্টত তেতিয়াৰ প্ৰভাৱশালী সম্পাদক তেজপালৰ বিৰুদ্ধে তেওঁৰ এগৰাকী যুৱতী সহকৰ্মীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাটোৱে দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰাৰ পাছত ২০১৪ চনত গোৱা আৰক্ষীৰ অপৰাধ শাখাই প্ৰায় ৩,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছিল। একে বছৰৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল তেজপালে।

পৰৱৰ্তী সময়ত ২০১৭ চনত গোৱাৰ অধিৱেশন আদালতে তেজপালৰ বিৰুদ্ধে ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আনুষ্ঠানিকভাৱে গোচৰ চলোৱাৰ পথ মুকলি কৰে। ২০১৯ চনত গোচৰটো বাতিল কৰাৰ বাবে তেজপালে কৰা আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।

অৱশেষত ২০২১ চনত গোৱাৰ অধিৱেশন আদালতে তেজপালক সকলো অভিযোগৰ পৰা মুক্তি দিয়ে। কিন্তু সেই সিদ্ধান্তৰ বিৰুদ্ধে দাখিল হোৱা আবেদনৰ ভিত্তিত বোম্বে উচ্চ ন্যায়ালয়ে সেই ৰায় বাতিল কৰি তেজপালক দোষী সাব্যস্ত কৰে আৰু ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে। এতিয়া উচ্চতম ন্যায়ালয়ত তেওঁৰ আবেদনত পৰৱৰ্তী শুনানি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd