ফ্ৰীজত হঠাৎ বিস্ফোৰণ ঘটিল। তাৰ পাছত নিমিষতে জুই গোটেই ঘৰখনতে বিয়পি পৰিল। টোপনিৰ মাজতে আবদ্ধ হৈ পৰিল পৰিয়ালৰ লোকসকল। এই মৰ্মান্তিক ঘটনাত একেটা পৰিয়ালৰ ৪ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত আৰু ২ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কৰ্ণাটকৰ বেলাগাভিত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে মাজ নিশা বেলাগাভিৰ চাভাত গল্লী অঞ্চলত সংঘটিত হয় এই ঘটনা। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ঘৰৰ ভিতৰৰ ফ্ৰীজত বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে গোটেই ঘৰখনতে জুই বিয়পি পৰিল। ভিতৰৰ বাসিন্দাসকলে ওলাই অহাৰ সুযোগেই নাপালে।
আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে।ইয়াৰ ভিতৰত আছে গজানন ধামোনে (৬৫), ৰোশন ধামোনে (২১), সাৰদা ধামোনে (৪৫) আৰু ভাৰতী ধামোনে (৫০) (৫০)। আনহাতে, প্ৰিয়া ধামোনে (২৮) আৰু গংগা ধামোনে (২৫) গুৰুতৰভাৱে আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
অৱশ্যে বিভিন্ন প্ৰতিবেদনত মৃত আৰু আহতসকলৰ নামত কিছু পাৰ্থক্য দেখা গৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এতিয়াও তদন্ত অব্যাহত আছে।
আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে ফ্ৰীজ বিস্ফোৰণৰ পিছতে জুইৰ সূত্ৰপাত হৈছিল। কেই মুহূৰ্তমানৰ ভিতৰতে ঘৰৰ বিভিন্ন অংশত জুই বিয়পি পৰে। জুইত আবদ্ধ হৈ পৰে পৰিয়ালৰ লোকসকল। পিছত স্থানীয় বাসিন্দাসকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কামত সহায় কৰে।
আন এক খবৰ অনুসৰি বিস্ফোৰণৰ শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। গুৰুতৰভাৱে আহত দুজন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিস্ফোৰণৰ ফলত ঘৰটোৰ গাঁথনিৰো ব্যাপক ক্ষতিসাধন হয়।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত পৰিয়ালটোৱে গণেশ চতুৰ্থী উপলক্ষে ঘৰটোত এটা গণেশ মূৰ্তি ৰাখিছিল। ৰাতিৰ আহাৰ খোৱাৰ পিছতে পৰিয়ালৰ লোক টোপনি যায়। তাৰ পিছতে ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয়।
ফ্ৰীজত বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ফ্ৰীজৰ যান্ত্ৰিক বিসংগতি, শ্বৰ্ট চাৰ্কিট বা আন কোনো কাৰণত বিস্ফোৰণ ঘটিছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বেলাগাভিৰ মাৰ্কেট থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ ফৰেনছিক তদন্তও গুৰুত্বপূৰ্ণ হৈ পৰিছে।





