চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (চি-টেট) পৰীক্ষাৰ সময়সূচী সলনি কৰা হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২২ সংখ্যক পৰীক্ষাৰ সংশোধিত সূচী প্ৰকাশ কৰিছে। এই সন্দৰ্ভত নতুন অধিসূচনা জাৰি কৰা হৈছে।
প্ৰকাশিত অধিসূচনা অনুসৰি অহা ১২ আৰু ১৩ ডিচেম্বৰত সমগ্ৰ দেশতে আয়োজন কৰা চি-টেট পৰীক্ষা দুটা ভাগত, পুৱা ৯:৩০ বজাৰ পৰা ১২:০০ বজালৈ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা ৫:০০ বজালৈ অনুষ্ঠিত হ’ব। এই পৰীক্ষা দুঘণ্টা ৩০ মিনিটৰ হ’ব, প্ৰতিখন কাকতৰ বাবে ১৫০ নম্বৰ আবণ্টন দিয়া হ’ব। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ৯০ নম্বৰৰ প্ৰয়োজন হ’ব।
অফলাইনত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাৰ ১৫ দিন আগতে পৰীক্ষাৰ্থীয়ে নিজৰ পৰীক্ষাৰ তাৰিখ আৰু আবণ্টিত পৰীক্ষা কেন্দ্ৰৰ বিষয়ে (চিটি ইনটিমেচন স্লিপৰ জৰিয়তে) জানিব পাৰিব। পৰীক্ষাৰ দুদিন পূৰ্বে এডমিট কাৰ্ড মুকলি কৰা হ’ব। সকলো তথ্য পৰীক্ষাৰ অফিচিয়েল ৱেবছাইট ctet.nic.in ত পোৱা যাব।
পূৰ্বৰ ঘোষণা অনুসৰি অহা ৬ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে পৰীক্ষা স্থগিত ৰখা হয়। পৰীক্ষা স্থগিত ৰখাৰ বাবে চিবিএছইয়ে ইচ্ছুক পৰীক্ষাৰ্থীৰ আবেদনৰ বাবে পুনৰ মুকলি কৰে আবেদন পৰ্টেল। ২০২৬ চনৰ ২৫ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ পুনৰ আৱেদন গ্ৰহণ কৰা হৈছে।





