• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2026 8:41 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাৰদোইত সংঘটিত হৈছে এক অতিশয় চাঞ্চল্যকৰ আৰু শিহৰণকাৰী ঘটনা। বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ সন্দেহতে এগৰাকী স্বামীয়ে নিজৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল হত্যা কৰাই নহয়, শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছে পাষাণ স্বামীয়ে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ নাম হৈছে নাগমা আৰু তেওঁৰ বয়স ২৮ বছৰ। প্ৰায় ১২ বছৰ পূৰ্বে পাৰভেজ নামৰ যুৱকজনৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল। শেহতীয়াকৈ পাৰভেজে নিজৰ পৈতৃক বাসগৃহ বিক্ৰী কৰি দিছিল। যোৱা প্ৰায় ডেৰ মাহ ধৰি ইছলামনগৰ টিলিয়া অঞ্চলত পত্নীৰ সৈতে এটা ভাড়াগড়ত বসবাস কৰি আছিল পাৰভেজে। অভিযোগ অনুসৰি, এই ভাড়াগড়লৈ অহাৰ পিছৰে পৰা পাৰভেজে পত্নীৰ আন পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত কেইবাবাৰো তীব্ৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। যোৱা ৯ ছেপ্টেম্বৰৰ নিশা নাগমা যেতিয়া গভীৰ টোপনিত আছিল, তেতিয়াই খঙৰ ভমকত পাৰভেজে এখন চোকা চুৰিৰে পত্নীৰ ওপৰত আক্ৰমণ চলায়। পত্নীক ঘপিয়াই হত্যা কৰাৰ পিছত তেওঁৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰি পেলায় বুলি জঘন্য অভিযোগ উত্থাপন হৈছে।

Apply Now

এই ভয়ংকৰ কাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। তেজৰে লুতুৰি-পুতুৰি হৈ থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পত্নীক হত্যা কৰাৰ পিছত পাৰভেজে নিজেই গৈ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আৰু নিজৰ অপৰাধ স্বীকাৰ কৰি লয়। আনহাতে, মৃত নাগমাৰ ভগ্নী ছাব্বুৱে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, যোৱা এসপ্তাহ ধৰি নাগমাই স্বামীৰ হাতত চৰম নিৰ্যাতন আৰু মাৰপিটৰ বলি হ’বলগীয়া হৈছিল। পাৰভেজে প্ৰায়ে নাগমাক ডিঙি কাটি হত্যা কৰাৰ ভাবুকি দিছিল বুলিও ভগ্নীগৰাকীয়ে প্ৰকাশ কৰিছে। এই সমগ্ৰ ঘটনাত পাৰভেজৰ মাতৃ আৰু ভগ্নীও জড়িত থকা বুলি তেওঁ দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd