আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ (NASA) ‘কচি’ (COSI – Compton Spectrometer and Imager) অভিযানৰ আধাৰত প্ৰস্তুত কৰা এক বিশেষ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত অংশগ্ৰহণ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যখনৰ দুই প্ৰতিভাৱান শিল্পীয়ে। প্ৰখ্যাত গায়ক তথা সুৰকাৰ জয় বৰুৱা আৰু এনিমেচন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই ‘কচমিক ৰেপচ’ডি’ নামৰ এই অভিনৱ প্ৰকল্পটোত নিজৰ সৃষ্টিশীলতাৰ উত্কৃষ্ট নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে, জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ ঘটা এই প্ৰকল্পটোৰ সৈতে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ (বাৰ্কলে) মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ মুখ্য গৱেষক জন টমচিকৰ নেতৃত্বত চলি থকা নাছাৰ কচি অভিযানৰ গভীৰ বৈজ্ঞানিক সম্পৰ্ক আছে।
কচমিক ৰেপচ’ডি প্ৰকল্পটো মূলতঃ কাহিনীকাৰ আৰু গীতিকাৰ যুটি ড° ছুজান লিম আৰু ক্ৰিষ্টিনা টিন্জ তানৰ সৃষ্টি। সমগ্ৰ প্ৰকল্পটোৰ মুখ্য সুৰকাৰ আৰু সংগীত সংযোজক হিচাপে দায়িত্ব পালন কৰিছে ফৰাচী সংগীতজ্ঞ মনু মাৰ্টিনে। এই প্ৰকল্পত জয় বৰুৱাই ষ্টাৰ এমং দ্য কচমিক ক্লাউডছ আৰু কনফেটি ষ্টৰ্ম নামৰ দুটা গুৰুত্বপূৰ্ণ গীতৰ সুৰ কৰাৰ লগতে মনু মাৰ্টিনৰ সৈতে যুটীয়াভাৱে কনফেটি ষ্টাৰ-আয়ন গীতটোৰ সুৰ কৰিছে। আনহাতে, অসমৰে সন্তান সমুদ্ৰ কাজল শইকীয়াই গীতসমূহৰ চিনেমেটিক এনিমেচন আৰু দৃশ্যসজ্জা প্ৰস্তুত কৰিছে। বিজ্ঞান, সংগীত আৰু এনিমেচনৰ এক বিৰল সংমিশ্ৰণেৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ মূল কাহিনীভাগত পৃথিৱীৰ ক্ৰমবৰ্ধমান পৰিৱেশীয় সংকটৰ সমাধান বিচাৰি এজন মানৱ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা কাল্পনিক যাত্ৰাক বৰ্ণনা কৰা হৈছে।
প্ৰকল্পটোৰ সৃষ্টিকৰ্তাসকলে মহাকাশ বিজ্ঞান পৰীক্ষাগাৰ দৰ্শন কৰাৰ সময়ত আৱিষ্কাৰ কৰিছিল যে মৃতপ্ৰায় তৰাৰ বিস্ফোৰণ আৰু তাৰ ফলত মহাজাগতিক ধূলিকণা পৃথিৱীলৈ নামি অহাৰ যি ধাৰণা কচমিক ৰেপচ’ডিৰ গীতসমূহত প্ৰকাশ পাইছে, সেয়া নাছাৰ কচি অভিযানৰ সৈতে সম্পূৰ্ণৰূপে মিলি যায়। কচি অভিযানে ছুপাৰন’ভাৰ ফলত লো আৰু এলুমিনিয়ামৰ দৰে ৰাসায়নিক মৌলসমূহ কেনেদৰে সৃষ্টি হয়, তাৰ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ চফ্ট গামা ৰশ্মিৰ অন্বেষণ কৰি আছে। জয় বৰুৱাই জানিবলৈ দিয়া মতে, আৱেগ আৰু কবিতাৰ আধাৰত সৃষ্টি হোৱা গীতসমূহে জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ বাস্তৱিক তথ্যসমূহ প্ৰতিফলিত কৰা বিষয়টোৱে সমগ্ৰ দলটোক উৎসাহিত কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৈজ্ঞানিক সফলতা আৰু ভাৰতীয় সংস্কৃতিত মহাকাশৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিজ্ঞান আৰু পৰিৱেশন কলা একত্ৰিত হ’লে সমগ্ৰ ব্ৰহ্মাণ্ডখনেই এখন কেনভাছ হৈ পৰে। লগতে, একেখন ৰাজ্যৰ দুগৰাকী শিল্পীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰকল্পৰ শ্ৰাব্য আৰু দৃশ্যগত দিশটোক সজাই তোলাৰ বিষয়টো অসমৰ বাবে এক বিশেষ সাংস্কৃতিক মাইলৰ খুঁটি বুলি তেওঁ মন্তব্য কৰে।
আগন্তুক সময়ত এই বিশেষ প্ৰকল্পটোৰ সৈতে দুটা বৃহৎ অনুষ্ঠান জড়িত হৈ আছে। অহা ২০২৭ চনৰ ২৭ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছস্থিত বিখ্যাত হলিউড বাউল মঞ্চত লছ এঞ্জেলছ ফিলহাৰম’নিক আৰু প্ৰখ্যাত পিয়ানোবাদক জ্যাঁ-ইভছ থিব’ডৰ অংশগ্ৰহণেৰে কচমিক ৰেপচ’ডিৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ব। ইয়াৰ পাছতেই ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা নাছাৰ কচি অভিযানৰ আনুষ্ঠানিক মহাকাশ যাত্ৰা আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছে।





