চিকিৎসকৰ পৰামৰ্শ আৰু প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰী ৰোধ কৰিবলৈ দেশত নতুন নিয়ম অনাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। প্ৰেছক্ৰিপচন-ভিত্তিক ঔষধৰ বেআইনী বিক্ৰী বন্ধ কৰা, ঔষধ বিক্ৰীৰ ক্ষেত্ৰত স্বচ্ছতা অনা আৰু পাছত প্ৰয়োজন হ’লে বিক্ৰীৰ সম্পূৰ্ণ তথ্য পৰীক্ষা কৰিব পৰা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে ঔষধৰ দোকানত চিচিটিভি নজৰদাৰী বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা খচৰা অধিসূচনাত কোৱা হৈছে যে চিকিৎসকৰ প্ৰেছক্ৰিপচনৰ ভিত্তিত ঔষধ বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়া লাইচেন্সপ্ৰাপ্ত ঔষধৰ দোকান বা বিক্ৰী কেন্দ্ৰত চিচিটিভি কেমেৰাৰ নজৰদাৰীৰ মাজত সম্পন্ন কৰিব লাগিব। অৰ্থাৎ কোনে, কেতিয়া আৰু কোনখন প্ৰেছক্ৰিপচনৰ ভিত্তিত ঔষধ ক্ৰয় কৰিলে, সেই তথ্য পৰৱৰ্তী সময়ত পৰীক্ষা কৰাৰ সুযোগ থাকিব।
প্ৰস্তাৱিত নিয়ম অনুসৰি কেৱল চিচিটিভি কেমেৰা স্থাপন কৰিলেই দায়িত্ব শেষ নহ’ব। দোকানৰ চিচিটিভি-ৰ দৃশ্যাংশ কমেও ৯০ দিন সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰাখিব লাগিব। চৰকাৰৰ ঔষধ পৰিদৰ্শকে প্ৰয়োজন অনুসৰি সেই দৃশ্যাংশ পৰীক্ষা কৰি কোনো ঔষধ বৈধ প্ৰেছক্ৰিপচনৰ ভিত্তিত বিক্ৰী কৰা হৈছিল নে নাই, সেয়া নিৰ্ধাৰণ কৰিব পাৰিব।
এই ব্যৱস্থাৰ জৰিয়তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ ইচ্ছামতে ঔষধ গ্ৰহণ কৰাৰ প্ৰৱণতা কমোৱাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিশেষকৈ শিশুক প্ৰাপ্তবয়স্কৰ বাবে নিৰ্ধাৰিত কফৰ ঔষধ বা অধিক শক্তিশালী ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে দিয়াৰ দৰে ঘটনাতো নিয়ন্ত্ৰণ আনিব পৰা যাব বুলি ধৰা হৈছে।
অৱশ্যে প্ৰস্তাৱিত চিচিটিভি বাধ্যবাধকতাৰ পৰা পাইকাৰী ঔষধ বিক্ৰেতাসকলক বাদ দিয়া হৈছে। অৰ্থাৎ এই নিয়ম মূলতঃ খুচুৰা পৰ্যায়ত ঔষধ বিক্ৰী কৰা লাইচেন্সপ্ৰাপ্ত দোকান আৰু বিক্ৰেতাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
এই নতুন ব্যৱস্থা ‘ড্ৰাগছ ৰুলছ, ১৯৪৫’-ৰ ৬৫ নম্বৰ নিয়মত নতুন উপ-নিয়ম সংযোজনৰ জৰিয়তে অনাৰ প্ৰস্তাৱ দিয়া হৈছে। বৰ্তমান শিডিউল এইচ, শিডিউল এইচ-১ আৰু শিডিউল এক্সৰ বহু ঔষধ প্ৰেছক্ৰিপচন অবিহনে বিক্ৰী কৰিব নোৱাৰাৰ নিয়ম আছে। কিন্তু প্ৰস্তাৱিত চিচিটিভি ব্যৱস্থাটো কেৱল এই কেইটা শ্ৰেণীৰ ঔষধতেই সীমাবদ্ধ নাথাকিব। চিকিৎসকৰ প্ৰেছক্ৰিপচন প্ৰয়োজন হোৱা যিকোনো ঔষধৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব পাৰে।
ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ নিয়মত পৰিৱৰ্তন আনি কিছুমান কফৰ ঔষধৰ ক্ষেত্ৰত থকা প্ৰেছক্ৰিপচন-সম্পৰ্কীয় ৰেহাই বাতিল কৰিছে। তাৰ পাছতে প্ৰকাশ পোৱা চিচিটিভি সম্পৰ্কীয় এই খচৰা অধিসূচনাই ঔষধ বিক্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰৰ কঠোৰ নজৰদাৰীৰ ইংগিত দিছে।
অৱশ্যে এই নিয়ম এতিয়াই বলবৎ হোৱা নাই। বৰ্তমান ই কেৱল খচৰা প্ৰস্তাৱৰ পৰ্যায়ত আছে। অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত সাধাৰণ নাগৰিক, ঔষধ ব্যৱসায়ী আৰু সংশ্লিষ্ট বিশেষজ্ঞসকলৰ পৰা মতামত, আপত্তি আৰু পৰামৰ্শ বিচৰা হৈছে। সেই মতামতসমূহ পৰ্যালোচনা কৰাৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত নিয়ম জাৰি কৰিব। চূড়ান্ত অধিসূচনাত নিয়ম কাৰ্যকৰী হোৱাৰ তাৰিখো উল্লেখ কৰা হ’ব।
নিয়মটো যদি চূড়ান্ত ৰূপত কাৰ্যকৰী হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে প্ৰেছক্ৰিপচন-প্ৰয়োজনীয় ঔষধ ক্ৰয়-বিক্ৰীৰ ওপৰত অধিক নিয়ন্ত্ৰণ আহিব। একে সময়তে ঔষধ বিক্ৰীৰ ক্ষেত্ৰত জবাবদিহি বৃদ্ধি পোৱাৰ লগতে অনিয়মীয়া বিক্ৰী আৰু ভুৱা ঔষধৰ বিৰুদ্ধে ব্যৱস্থা লোৱাতো এই নতুন ব্যৱস্থাই সহায় কৰিব পাৰে।


