• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2026 1:37 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ বস্তাৰৰ ঝিৰামঘাটীত ২০১৩ চনত সংঘটিত ভয়ংকৰ মাওবাদী আক্ৰমণৰ গোচৰত ১৩ বছৰৰ পাছত ৰায়দান কৰিছে নিয়া(NIA)ৰ বিশেষ আদালতে। জগদলপুৰৰ বিশেষ নিয়া আদালতে এই গোচৰত দোষী সাব্যস্ত হোৱা ১০জন মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

২০১৩ চনৰ ২৫ মে’ত বস্তাৰৰ দৰভা অঞ্চলৰ ঝিৰামঘাটীত কংগ্ৰেছৰ ‘পৰিবৰ্তন যাত্ৰা’ৰ কনভয়ত মাওবাদীয়ে আক্ৰমণ চলাইছিল। আক্ৰমণত তদানীন্তন ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি নন্দকুমাৰ পেটেল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিদ্যাচৰণ শুক্ল, মহেন্দ্ৰ কৰ্মা, উদয় মুদলিয়াৰসহ কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছ নেতা নিহত হৈছিল। বিভিন্ন চৰকাৰী আৰু সংবাদসূত্ৰত নিহতৰ সংখ্যা ২৭ বা ২৯ বুলি উল্লেখ কৰা হৈছে; নিয়া-ৰ গোচৰ-ৰেকৰ্ডৰ ভিত্তিত সাম্প্ৰতিক প্ৰতিবেদনত ২৭জন নিহত আৰু ৩৮জন আহত হোৱা বুলি উল্লেখ আছে।

Apply Now

গোচৰটোৰ তদন্তৰ দায়িত্ব লাভ কৰিছিল ৰাষ্ট্ৰীয় তদন্ত সংস্থা, অৰ্থাৎ নিয়া-য়ে। ১৫০ৰো অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ১১জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও বিচাৰৰ সময়তে এজন অভিযুক্তৰ মৃত্যু হয়। অৱশেষত বাকী ১০জনক আদালতে দোষী সাব্যস্ত কৰে। ২০২৬ চনৰ ৫ ছেপ্টেম্বৰত আদালতে তেওঁলোকক দোষী ঘোষণা কৰাৰ পাছত ১৬ ছেপ্টেম্বৰত শাস্তি ঘোষণা কৰা হয়।

দোষী সাব্যস্ত হোৱা ১০জনৰ ভিতৰত দুগৰাকী মহিলাও আছে। আদালতে তেওঁলোকক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA), ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু বিস্ফোৰক পদাৰ্থ আইনকে ধৰি বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰিছিল।

আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰাৰ সুযোগ আছে। নিয়াৰ বিশেষ আদালতে দোষীসকলক ৰায়ৰ বিৰুদ্ধে আপীলৰ বাবে ৩০ দিনৰ সময় দিছে।

উল্লেখ্য যে ঝিৰামঘাটীৰ এই আক্ৰমণ ছত্তীশগড়ৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ মাওবাদী আক্ৰমণ হিচাপে পৰিগণিত। ১৩ বছৰৰ দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত ১০জন অভিযুক্তক মৃত্যুদণ্ড দিয়াৰ পাছত এতিয়া গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া উচ্চ ন্যায়ালয়ত কেনেদৰে আগবাঢ়ে, সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd