আন্তঃৰাষ্ট্ৰীয় সংস্থা ‘স্কলাৰ্ছ এট ৰিস্ক’য়ে এক প্ৰতিবেদনত কয় যে ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’। ‘ফ্ৰী টু থিংক-২০২৬ ’ শীৰ্ষক প্ৰতিবেদনত এই দাবী কৰা হৈছে।
তেওঁলোকে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক গাঁথনিৰ পৰা আৰম্ভ কৰি নিযুক্তিলৈকে সকলোতে তেওঁলোকৰ প্ৰভাৱ বৃদ্ধি পাইছে, আনহাতে মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ বা কেম্পাছত প্ৰশ্ন উত্থাপন কৰাৰ অধিকাৰ কমি আহিছে।
এই প্ৰতিবেদনত ২০২৫ চনৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ৩০ জুনৰ ভিতৰত ৫৯খন দেশৰ উচ্চ শিক্ষানুষ্ঠানত ৩৮২টা আক্ৰমণৰ কথাও উল্লেখ কৰা হৈছে।
প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা দশকত ১৭৯খন দেশৰ ভিতৰত ৫০খন দেশত শিক্ষা খণ্ডৰ স্বাধীনতা হ্ৰাস পোৱাৰ বিপৰীতে মাত্ৰ ৯খন দেশতহে এই ক্ষেত্ৰত উন্নতি হৈছে। স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতক ‘অত্যন্ত নিয়ন্ত্ৰিত’ (Severely restricted) শ্ৰেণীত স্থান দিয়া হৈছে।
ভাৰতৰ লগতে হংকং, ইণ্ডোনেছিয়া, পাকিস্তান, পশ্চিম পাৰ আৰু ইউক্ৰেইনৰ নামো এই তালিকাত আছে। আৰু যিবোৰ দেশত স্বাধীনতাৰ একেবাৰেই অভাৱ, সেইবোৰ দেশৰ ভিতৰত আছে চীন, আফগানিস্তান, ইৰাণ, ৰাছিয়া, তুৰস্ক, ছিৰিয়া, ভেনিজুৱেলা, জিম্বাবুৱে আৰু গাজা।
প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে শাসকীয় বিজেপি দলে ভাৰতৰ উচ্চ শিক্ষাৰ ওপৰত “চৰকাৰী নিয়ন্ত্ৰণৰ মূল আহিলা” হিচাপে বিশ্ববিদ্যালয় অনুদান আয়োগক ব্যৱহাৰ কৰিছে।
শেহতীয়াকৈ ইউজিচিৰ বিভিন্ন নীতিক লৈ প্ৰশ্ন উত্থাপন হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত উপাচাৰ্য নিযুক্তিৰ শৈক্ষিক অৰ্হতাৰ মাপকাঠী শিথিল কৰা আৰু অস্থায়ী ঠিকাভিত্তিক শিক্ষকৰ সৰ্বোচ্চ ১০ শতাংশ সীমা আঁতৰাই শিক্ষকতাত ঠিকাভিত্তিক নিযুক্তি বৃদ্ধিৰ পথ প্ৰশস্ত কৰা ইত্যাদি আছে।





