বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব। কেৱল লাভ অৰ্জনৰ লক্ষ্যৰে কোনো বেচৰকাৰী বিশ্ববিদ্যালয় চলিব নোৱাৰিব। বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত এই কথা স্পষ্ট কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। একে সময়তে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অহা ছয় সপ্তাহৰ ভিতৰত নিজ নিজ অঞ্চলত থকা প্ৰতিখন বেচৰকাৰী বিশ্ববিদ্যালয়ৰ আয়-ব্যয়, পুঁজি ব্যৱহাৰ, মাচুল সংগ্ৰহ আৰু আন আন আৰ্থিক তথ্যৰ বিশদ হিচাপ দাখিল কৰিবলৈ নিৰ্দেশ দিছে আদালতে।
ন্যায়াধীশ আহছানউদ্দিন আমানুল্লাহ আৰু ন্যায়াধীশ এন ভি অঞ্জাৰিয়াৰ বিচাৰপীঠে কয় যে শিক্ষা ব্যৱস্থা মূলতঃ জনসাধাৰণৰ স্বাৰ্থৰ বাবেই। সেয়ে শিক্ষা প্ৰতিষ্ঠানসমূহক কেৱল লাভৰ বাবে উদ্যোগ বা ব্যৱসায় হিচাপে চলাবলৈ দিব নোৱাৰি। বেচৰকাৰী বিশ্ববিদ্যালয়ৰ মূল লক্ষ্য হ’ব লাগিব উন্নত শিক্ষা প্ৰদান আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰা।
এই কঠোৰ পদক্ষেপৰ আঁৰত আছে অ্যামিটি বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এক গোচৰ। নিজৰ নাম বিশ্ববিদ্যালয়ৰ নথিত শুধৰাবলৈ আবেদন কৰা এগৰাকী শিক্ষাৰ্থীয়ে দীঘলীয়া হয়ৰানিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছিল। বিষয়টো আদালতৰ দৃষ্টিগোচৰ হোৱাৰ পাছত ২০২৫ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা বেচৰকাৰী বিশ্ববিদ্যালয়সমূহৰ গঠন, চৰকাৰী সুবিধা, ভূমি বা আন ৰেহাই আৰু ‘লাভ নকৰা, লোকচানো নকৰা’ নীতি মানি চলা হৈছে নে নাই, তাৰ বিষয়ে বিশদ তথ্য বিচাৰিছিল।
গোচৰটোৰ শুনানিৰ সময়ত আদালতে অনুভৱ কৰে যে কেৱল সাধাৰণ তথ্য সংগ্ৰহ কৰাই যথেষ্ট নহয়। বেচৰকাৰী বিশ্ববিদ্যালয়সমূহৰ আৰ্থিক ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত অধিক কঠোৰ নজৰদাৰিৰ প্ৰয়োজন আছে। আদালতে স্পষ্ট কৰি দিয়ে যে এই প্ৰতিষ্ঠানসমূহক কেৱল লাভৰ উদ্দেশ্যে উদ্যোগ বা ব্যৱসায় চলোৱাৰ অনুমতি দিব নোৱাৰি।
উচ্চতম ন্যায়ালয়ে এতিয়া বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীৰ পৰা ঠিক কিমান মাচুল সংগ্ৰহ কৰিছে, নামভৰ্তিৰ সময়ত আৰু পাঠ্যক্ৰম চলাকালীন কোন কোন শিতানত কিমান ধন লোৱা হৈছে, তাৰ সম্পূৰ্ণ তথ্য বিচাৰিছে। শিক্ষক আৰু আন কৰ্মচাৰী নিয়োগৰ দায়িত্বত কোন আছে, তেওঁলোকৰ দৰমহা, ভাট্টা আৰু সেৱাৰ চৰ্ত কি, সেই বিষয়েও তথ্য দাখিল কৰিব লাগিব।
ইয়াৰ উপৰি প্ৰতিখন বিশ্ববিদ্যালয়ে সংগ্ৰহ কৰা পুঁজি ক’ত আৰু কেনেকৈ ব্যৱহাৰ কৰিছে, বিশ্ববিদ্যালয়ৰ কামৰ সৈতে পোনপটীয়াকৈ জড়িত নোহোৱা লোকক কোনো ধৰণৰ ধন দিয়া হৈছে নে নাই, সেই সকলো কথাৰ হিচাপো পৰীক্ষিত প্ৰতিবেদনসহ দাখিল কৰিব লাগিব। বিশ্ববিদ্যালয়সমূহে লাভ কৰা মাটি, চৰকাৰী সুবিধা, কৰ বা আন কোনো আইনী ৰেহাইৰ কথাও স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
বিশ্ববিদ্যালয়ৰ ওচৰত থকা অতিৰিক্ত পুঁজি বা উদ্বৃত্ত ধন কেনেকৈ ব্যৱহাৰ কৰা হৈছে আৰু ক’ত বিনিয়োগ কৰা হৈছে, তাৰো পৃথক হিচাপ বিচাৰিছে আদালতে। কোনো তথ্য গোপন কৰি ৰখা নহ’বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰয়োজন সাপেক্ষে নিজৰ আইনী ক্ষমতা ব্যৱহাৰ কৰি সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
শিক্ষাৰ মানৰ ক্ষেত্ৰতো আদালতে কঠোৰ নজৰ ৰাখিছে। নামভৰ্তি প্ৰক্ৰিয়া, প্ৰশ্নকাকত প্ৰস্তুত কৰা, উত্তৰপত্ৰ পৰীক্ষা কৰা আদি কামত কোনে দায়িত্ব পালন কৰে আৰু বিশ্ববিদ্যালয়ৰ পৰিচালনাৰ সৈতে জড়িত লোকসকলৰ ভূমিকা কিমান, সেই বিষয়ে তথ্য বিচৰা হৈছে। বিগত এবছৰত শিক্ষাদানৰ বাবে শিক্ষকসকলক কিমান সময় নিৰ্ধাৰণ কৰা হৈছিল আৰু বাস্তৱতে তেওঁলোকে কিমান সময় পাঠদান কৰিছিল, তাৰো হিচাপ দিব লাগিব।
শিক্ষক নথকাকৈ কোনো বিকল্প ব্যৱস্থা কৰা হৈছিল নে নাই, যাতে শিক্ষাৰ্থীৰ পঢ়া-শুনাত বাধা নপৰে, সেই বিষয়েও আদালতে জানিব বিচাৰিছে। অৰ্থাৎ কেৱল মাচুল আৰু টকাৰ হিচাপেই নহয়, শিক্ষাৰ্থীয়ে বাস্তৱতে কেনেধৰণৰ শিক্ষা লাভ কৰিছে, সেয়াও আদালতৰ পৰ্যবেক্ষণৰ ভিতৰত আহিছে।
এই গোচৰত আদালতক সহায় কৰিবলৈ প্ৰাক্তন আইন সেৱা বিষয়া আৰ এম শৰ্মাক ‘এমিকাছ কিউৰি’ হিচাপে নিযুক্ত কৰা হৈছিল। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা অহা তথ্য একত্ৰিত কৰি তেওঁ নামভৰ্তি প্ৰক্ৰিয়া, অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু ‘লাভ নকৰা, লোকচানো নকৰা’ নীতিৰ ক্ষেত্ৰত থকা বিভিন্ন অসংগতি আদালতৰ সন্মুখত দাঙি ধৰিছিল।
ইয়াৰ লগতে নেচনেল মেডিকেল কমিছন, নেচনেল ডেণ্টেল কমিছন, ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, এলাইড আৰু হেল্থকেয়াৰ সংস্থা, বাৰ কাউন্সিল অৱ ইণ্ডিয়া, ফাৰ্মাচি কাউন্সিল, ভেটেৰিনাৰী কাউন্সিল আৰু ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিনৰ ৰাষ্ট্ৰীয় আয়োগৰ দৰে নিয়ন্ত্ৰক সংস্থাসমূহকো তেওঁলোকৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ পৰিদৰ্শন আৰু স্বীকৃতি সম্পৰ্কীয় তথ্য আদালতত দাখিল কৰিবলৈ কোৱা হৈছে। শিক্ষক আৰু আন সহায়ক কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্যও বিচৰা হৈছে।
পৰিদৰ্শনৰ সময়ত কোনো প্ৰতিষ্ঠানত ত্ৰুটি বা খামতি ধৰা পৰিছিল নে নাই আৰু পিছত সেই খামতিসমূহ শুধৰোৱা হৈছিল নে নাই, সেই বিষয়েও প্ৰতিবেদনত উল্লেখ কৰিব লাগিব।
আনহাতে, মূল গোচৰৰ শিক্ষাৰ্থীগৰাকীৰ সৈতে আচলতে কি ঘটিছিল, তাৰ অনুসন্ধানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক তথা আইপিএছ বিষয়া অশোক প্ৰসাদৰ নেতৃত্বত গঠিত সমিতিক প্ৰাথমিক অনুসন্ধান কৰি তথ্য-প্ৰমাণ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বিশ্ববিদ্যালয়ৰ সৈতে কেইবাবাৰো যোগাযোগ আৰু একাধিক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কেইবাগৰাকী সাক্ষী আগবাঢ়ি নহাৰ কথা আদালতক জনোৱা হয়। বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সকলো পক্ষক অনুসন্ধানত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছে।
ইফালে, গোচৰটো ৰুজু কৰা শিক্ষাৰ্থীগৰাকীৰ সুৰক্ষাৰ বিষয়টোও আদালতে গুৰুত্বসহকাৰে লৈছে। শিক্ষাৰ্থীগৰাকীৰ অধিবক্তাই আদালতক জনোৱা অনুসৰি তেওঁ দৈনন্দিনভাৱে সামাজিক আৰু মানসিক হয়ৰানিৰ সন্মুখীন হৈ আছে। সামাজিক মাধ্যমত তেওঁক লক্ষ্য কৰি আপত্তিজনক আৰু কুৎসামূলক লেখা আৰু সংযোগো প্ৰচাৰ কৰা হৈছে।
এই অভিযোগৰ পাছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ পৰা এই ধৰণৰ আপত্তিজনক সংযোগ আঁতৰোৱাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটো বৰ্তমানো আদালতৰ বিচাৰৰ অধীনত থকাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে বিষয়টোত সাৱধানতা অৱলম্বন কৰিবলৈও আদালতে ইংগিত দিছে।
বেচৰকাৰী বিশ্ববিদ্যালয়ক লৈ উচ্চতম ন্যায়ালয়ৰ এই কঠোৰ স্থিতিয়ে দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত জবাবদিহিতা, স্বচ্ছতা আৰু শিক্ষাৰ্থীৰ অধিকাৰক নতুনকৈ কেন্দ্ৰলৈ আনিছে। এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে আদালতৰ নিৰ্দেশ অনুসৰি দাখিল কৰিবলগীয়া তথ্যৰ পৰাই স্পষ্ট হ’ব, কোনখন বিশ্ববিদ্যালয়ত ধন কেনেকৈ আহে, ক’ত ব্যয় হয় আৰু শিক্ষাৰ নামত সংগৃহীত পুঁজিৰ আচল ব্যৱহাৰ কিদৰে হয়। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব।


