• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2026 9:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ জলবায়ুৰ ভয়ংকৰ বৈপৰীত্যৰ বাবে ক্ৰমান্বয়ে জটিল হৈ পৰিছে। ১৯৭১ চনৰ পৰা ২০২২ চনলৈকে বিগত ৫২ বছৰ ধৰি দেশৰ বতৰ নিৰীক্ষণ কৰি প্ৰস্তুত কৰা এক নতুন ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিবেদনে এই উদ্বেগজনক ছবিখন পোহৰলৈ আনিছে। প্ৰতিবেদনখনৰ মতে উত্তৰ-পূৰ্বাঞ্চল এতিয়া দুটা চৰম বিপৰীতমুখী সংকটৰ মাজত আৱদ্ধ হৈ পৰিছে। এফালে মাত্ৰ এদিনৰ ভিতৰতে হোৱা অস্বাভাৱিক মুষলধাৰ বৰষুণ আৰু আনফালে বৰষুণহীন দীঘলীয়া খৰাং সদৃশ বতৰৰ সৃষ্টি হৈছে। অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমকে ধৰি সমগ্ৰ অঞ্চলটোৱেই এতিয়া প্ৰকৃতিৰ এই চৰম তাণ্ডৱৰ সন্মুখীন হৈছে।

 

Apply Now

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু নেচনেল চেণ্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্টিং চমুকৈ এনচিএমআৰডব্লিউএফৰ বিজ্ঞানীসকলে যৌথভাৱে এই ঐতিহাসিক গৱেষণাটো সম্পন্ন কৰিছে। থোটা মোহন, এম ৰাজীৱন, স্মৃতিশ্ৰী লেংকা আদি গৱেষকসকলৰ দ্বাৰা প্ৰস্তুত কৰা এই গৱেষণা পত্ৰখন আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত ইণ্টাৰনেচনেল জাৰ্নেল অৱ ক্লাইমেট’লজীত প্ৰকাশ পাইছে। বিগত ৫২ বছৰৰ তথ্যসমৃদ্ধ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে ইণ্ডিয়া ক্লাইমেট এক্সট্ৰিমছ ইনডেক্স নামৰ এক সুকীয়া সূচকাংক প্ৰস্তুত কৰিছে। দিনৰ ভাগৰ প্ৰচণ্ড উত্তাপ, অস্বস্তিকৰ গৰম, ভয়াৱহ তাপপ্ৰৱাহ আৰু শুকান খৰাঙকে ধৰি সাতটাকৈ পৃথক প্ৰাকৃতিক দুৰ্যোগৰ তথ্যক এই সূচকাংকত সন্নিৱিষ্ট কৰা হৈছে। বতৰৰ এই পৰিৱৰ্তনৰ ধাৰা প্ৰখ্যাত মান-কেণ্ডেল পদ্ধতি প্ৰয়োগ কৰি অতি নিখুঁতভাৱে পৰীক্ষা কৰা হৈছে।

 

এই অধ্যয়নে পোহৰলৈ আনিছে যে সমগ্ৰ দেশৰ ভিতৰত কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই এদিনৰ অতি প্ৰবল মুষলধাৰ বৰষুণৰ ঘটনা আটাইতকৈ বেছিকৈ বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে উত্তপ্ত হৈ পৰা বংগোপসাগৰ, বায়ুমণ্ডলত বৃদ্ধি পোৱা জলীয় বাষ্পৰ পৰিমাণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জটিল ভৌগোলিক অৱস্থানৰ সৈতে এই অস্বাভাৱিক বৰষুণৰ পোনপটীয়া সম্পৰ্ক আছে। ইয়াৰ সমান্তৰালভাৱে অঞ্চলটোত বৰষুণহীন শুকান দিনৰ ব্যৱধান আৰু খৰাং সদৃশ পৰিস্থিতিও ক্ৰমান্বয়ে বাঢ়ি আহিছে। বতৰৰ এনে অস্বাভাৱিক উত্থান-পতনক গৱেষকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশত মৌচুমী বায়ুৰ ক্ৰমবৰ্ধমান অস্থিৰতাৰ স্পষ্ট প্ৰতিফলন হিচাপে চিহ্নিত কৰিছে। গৱেষণাটোৰ মুখ্য লেখক থোটা মোহনৰ মতে দেশৰ অন্য প্ৰান্তত দেখা পোৱা উৎকট গৰম আৰু খৰাঙৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ এই চৰম বতৰৰ স্থিতি সম্পূৰ্ণ ব্যতিক্ৰম। একেদৰে বাংগালুৰুৰ এট্ৰিয়া বিশ্ববিদ্যালয়ৰ গৱেষক তথা এই অধ্যয়নৰ সহ-লেখক এম ৰাজীৱনেও বতৰৰ এই ভয়ংকৰ সংমিশ্ৰণে অঞ্চলটোত মৌচুমী বায়ুৰ অস্থিৰতাকেই উদঙাই দিয়া বুলি উল্লেখ কৰিছে আৰু আগতীয়া পৰিকল্পনাৰ ওপৰত জোৰ দিছে।

 

জলবায়ুৰ এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বান প্ৰস্তুতি অধিক শক্তিশালী কৰা আৰু বৰষুণৰ তাৰতম্য ব্যৱস্থাপনাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে গৱেষকসকলে। কৃষি, জলসম্পদ ব্যৱস্থাপনা, স্বাস্থ্য আৰু আন্তঃগাঁথনিকে ধৰি সকলো গুৰুত্বপূৰ্ণ খণ্ডই একেলগ হৈ এক সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। অঞ্চলটোৰ গড় বতৰৰ তথ্যই বান আৰু খৰাং সৃষ্টি কৰা স্থানীয় চৰম সংকটসমূহ ঢাকি ৰাখিব পাৰে, সেয়েহে ক্ষুদ্ৰ তথা অঞ্চলভিত্তিক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। প্ৰকৃতিৰ এনে সংকটজনক চাপ প্ৰতিবছৰে জুখি চাবলৈ সংশ্লিষ্ট সংস্থাসমূহক নতুন সূচকাংকটো এক কাৰ্যকৰী ব্যৱস্থা হিচাপে প্ৰয়োগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে ভৱিষ্যতৰ ভয়ংকৰ দুৰ্যোগৰ পৰা ৰাইজক ৰক্ষা কৰিব পৰা যায়। উল্লেখ্য যে, এই সমগ্ৰ প্ৰকল্পটো আচাৰ ছচিয়েল ইমপেক্ট এডভাইজাৰ্ছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত চিম্প্লিফাইং চাইন্স কাৰ্যসূচীৰ এক অংশ হিচাপে মানুহৰ মাজত জলবায়ু পৰিৱৰ্তনৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd