প্ৰথম পত্নীৰ সৈতে স্বামীৰ যোগাযোগ আছিল। ইয়াৰ বাবেই স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, লোকজনৰ বৰ্তমানৰ পত্নীয়ে প্ৰেমিকৰ সৈতে গোপন পৰিকল্পনা কৰি হত্যাকাণ্ড সংঘটিত কৰিছিল।
এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত লক্ষ্ণৌত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত সেই মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকও আছে।
আৰক্ষীয়ে জনোৱা মতে, মৃত লোকজনৰ নাম ৰামকিশোৰ বাল্মীকি। প্ৰায় চাৰি বছৰ আগতে তেওঁৰ সৈতে চুফিয়া বানুৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুবছৰ পূৰ্বে চুফিয়াক বিয়া কৰাইছিল ৰামকিশোৰে। কিন্তু তাৰ পিছতো ৰামকিশোৰে প্ৰথম পত্নীৰ লগত যোগাযোগ ৰাখিছিল।
আনহাতে চুফিয়াৰ মুন্না ওৰফে মুচহাদৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। ৰামকিশোৰে সেই কথা গম পাইছিল। ইয়াকে লৈ দম্পতীহালৰ মাজত সঘনাই কাজিয়া আৰু তৰ্ক-বিতৰ্ক হৈছিল। বিশেষকৈ যেতিয়া ৰামকিশোৰে প্ৰথম পত্নী কবিতা দেৱীৰ সৈতে পুনৰ যোগাযোগ আৰম্ভ কৰি আৰ্থিক সহায় আগবঢ়াবলৈ আৰম্ভ কৰিলে, তেতিয়া বানুৱে আপত্তি কৰে।
লক্ষ্ণৌ দক্ষিণৰ ডিচিপি মহম্মদ মুস্তাকে কয় যে চুফিয়াই বিবাদৰ বাবে স্বামীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। প্ৰেমিক আৰু প্ৰেমিকৰ সহযোগীৰ সৈতে স্বামীক হত্যা কৰাৰ পিছত মৃতদেহটো লুকুৱাই ৰখাত তেওঁলোকক সহায় কৰিছিল।
শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, ৰামকিশোৰৰ মৃতদেহ ঘৰৰ পৰা বহু দূৰত থকা এটা খালৰ সমীপত এটা ট্ৰাংকৰ পৰা উদ্ধাৰ কৰা হয়। মৃতদেহটো উদ্ধাৰ কৰাৰ দুদিন পিছতে অভিযুক্ত মহিলাগৰাকী, প্ৰেমিক আৰু প্ৰেমিকৰ সহযোগী বাছিৰ আহমেদকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। মহিলাগৰাকীৰ নাবালক পুত্ৰকো গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে দাবী কৰিছে যে চুফিয়াই মুন্না আৰু বাছিৰৰ সৈতে বহি স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। সেই পৰিকল্পনা অনুসৰি চুফিয়াই ১৪ তাৰিখৰ নিশা দুয়োকে ঘৰলৈ মাতি আনে। দুৱাৰখনো খোলা ৰখা হৈছিল যাতে সিহঁতে সহজে সোমাব পাৰে। ইয়াৰ পিছত শুই থকা ৰামকিশোৰক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হয়। মজিয়াত থকা তেজ মচি মচি প্ৰমাণ নষ্ট কৰাৰ চেষ্টাও কৰা হৈছিল।
ইয়াৰ পিছত চুফিয়াৰ ১৬ বছৰীয়া পুত্ৰকো মাতি অনা হয়। চাৰিওজনে বিচনাৰ তলত কাঠৰ বাকচ এটাত ৰামকিশোৰৰ মৃতদেহটো লুকুৱাই ৰাখিছিল। পিছত ই-ৰিক্সাত মৃতদেহটো লৈ গৈ কানখৰৰ ভৱাখড়াৰ সমীপৰ এখন খালৰ দলঙৰ তলত পেলাই দিয়ে। কবিতা দেৱীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি হত্যাকাণ্ডৰ শুংসূত্ৰ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।





