মধ্যপ্ৰদেশৰ আগাৰ মালৱা জিলাৰ নলখেডাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে নিশা প্ৰায় ১:৪৫ বজাত তীৰ্থযাত্ৰী কঢ়িওৱা এখন গাড়ী খৰস্ৰোতা সুঁতিত পৰি কমেও ৮ জন লোকৰ মৃত্যু হয়।
তীৰ্থযাত্ৰীসকল মা বাগলামুখী মন্দিৰত প্ৰাৰ্থনা কৰি উভতি আহিছিল।সুঁতিটোৰ সোঁতে উটুৱাই লৈ যোৱা গাড়ীখন ডুব যায়। মৃতকৰ তালিকাত আছে দুগৰাকী মহিলা, তিনিগৰাকী পুৰুষ আৰু ৩টা শিশু।
আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে গোটেই নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সুঁতিটোত পানীৰ প্ৰচণ্ড সোঁত বৈছিল। গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে গাড়ীখন সুঁতি পৰা উলিয়াই আনিবলৈ চেষ্টা চলাইছে। গাড়ীৰ ভিতৰত আৰু কোনোবা আছে নে নাই সেইটো জানিবলৈ চেষ্টা অব্যাহত আছে।
আগাৰ মালৱা জিলাৰ আৰক্ষী অধীক্ষক দিলীপ কুমাৰ ছোনীয়ে জনোৱা মতে, তীৰ্থযাত্ৰীসকলৰ ৭জন ওড়িশাৰ বাসিন্দা। চালকজন মধ্যপ্ৰদেশৰ। উজ্জয়িনৰ পৰা মা বাগলামুখী মন্দিৰত পূজা দিবলৈ গৈছিল তীৰ্থযাত্ৰীসকল।
প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে চালকজনে সুঁতিটো পাৰ হ’বলৈ খৰখেদা কৰি দুৰ্ঘটনা সংঘটিত কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, মৃত লোকসকলৰ নাম আৰু পৰিচয় জানিবলৈ চেষ্টা অব্যাহত আছে।
নলখেডাৰ বগলামুখী মন্দিৰত বছৰজুৰি বহু তীৰ্থযাত্ৰীয়ে দৰ্শন কৰে। মধ্যপ্ৰদেশৰ উপৰিও আন ৰাজ্যৰ ভক্তৰ ভিৰও গোটেই বছৰটো থাকে। লখুন্দৰ নদীৰ পাৰত এই মন্দিৰটো অৱস্থিত।
আৰক্ষীৰ মতে, বগলামুখী মন্দিৰত উপস্থিত হ’বলৈ হ’লে এটা কালভাৰ্ট পাৰ হ’ব লাগে। আন কোনো ৰাস্তা নাই। সেই কালভাৰ্টটোৰ তলৰ ফালৰ পৰা দ্ৰুতগতিত এটা সুঁতি বৈ গৈছে। যোৱা ২৪ ঘন্টাত অঞ্চলটোত ৪ ইঞ্চি বৰষুণ হৈছে। ফলত সুঁতিটোৰ মাজেৰে প্ৰবল সোঁতত পানী বৈ আহিছিল। আৰক্ষীয়ে ৰাতি খৰখেদাকৈ কালভাৰ্ট পাৰ হৈ যাওঁতে চালকজনে গাড়ীখন সুঁতিত পেলাই দিয়াৰ সন্দেহ কৰিছে।





