এছিয়ান গেমছ ২০২৬ত বিজয়ৰ যোগেদি অভিযান আৰম্ভ কৰিলেও ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ জাৰ্চীৰ ৰঙক লৈ অব্যাহত আছে বিতৰ্ক। হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কীয়ে ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে এছিয়ান গেমছত ভাৰতীয় দলৰ প্ৰাথমিক জাৰ্চীৰ ৰং নীলা হ’ব বুলি ঘোষণা কৰিছিল যদিও ২০ ছেপ্টেম্বৰ, দেওবাৰে দুয়োটা দলে গেৰুৱা ৰঙৰ পোছাক পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হয়। দলটোৰ বিদায়কালীন অনুষ্ঠানত সভাপতি তিৰ্কীয়ে উল্লেখ কৰিছিল যে ভাৰতীয় অলিম্পিক সংস্থাই (আইঅ’এ) প্ৰদান কৰা বিকল্পসমূহৰ ভিতৰত হকী ইণ্ডিয়াই নীলা ৰঙক প্ৰথম পচন্দ আৰু কমলা ৰঙক দ্বিতীয় পচন্দ হিচাপে নিৰ্বাচন কৰিছে।
প্ৰকাশিত তথ্য অনুসৰি, এছিয়ান গেমছত ভাৰতৰ প্ৰাথমিক জাৰ্চীৰ ৰং গেৰুৱায়েই থাকিব আৰু দলটোৰ দ্বিতীয় বিকল্প হিচাপে বগা আৰু আকাশী নীলা ৰং নিৰ্ধাৰণ কৰা হৈছে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই প্ৰতিযোগিতাখনৰ বাবে দলটোৰ কোনো সম্পূৰ্ণ নীলা ৰঙৰ জাৰ্চী নাই। হকী ইণ্ডিয়াৰ এক সূত্ৰই সংবাদ সংস্থাটোক জানিবলৈ দিয়া মতে, এছিয়ান গেমছৰ বাবে ভাৰতীয় দলৰ দুটা পোছাকৰ ৰং ক্ৰমে গেৰুৱা আৰু বগা-আকাশী নীলাৰ মিশ্ৰণ হিচাপে পূৰ্বতেই নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াত স্বয়ং হকী ইণ্ডিয়াৰ সভাপতিগৰাকীয়ে অনুমোদন জনাইছিল। তেনেস্থলত সভাপতিগৰাকীয়ে কিয় দলটোৱে সম্পূৰ্ণ নীলা জাৰ্চী পৰিধান কৰিব বুলি মন্তব্য কৰিছিল, সেয়া এক ৰহস্যৰ বিষয় বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।
আগষ্ট মাহত অনুষ্ঠিত হকী বিশ্বকাপৰ পূৰ্বেও জাৰ্চীৰ ৰং সলনি কৰা কাৰ্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু বিভিন্ন মহলৰ পৰা এই সিদ্ধান্তৰ সমালোচনা কৰা হৈছিল। সেই সময়ত হকী ইণ্ডিয়াৰ সভাপতি তিৰ্কীয়ে এই সিদ্ধান্তৰ বিষয়ে তেওঁক অৱগত কৰা হোৱা নাছিল বুলি দাবী কৰিছিল। শেহতীয়াকৈ হকী ইণ্ডিয়াৰ সঞ্চালক প্ৰধান কমাণ্ডাৰ আৰ কে শ্ৰীবাস্তৱক তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ আঁৰৰ অন্যতম মুখ্য কাৰণ হিচাপে এই জাৰ্চীৰ ৰং সলনি কৰা বিষয়টোকেই চিহ্নিত কৰা হৈছে।
জাৰ্চীৰ ৰং পৰিৱৰ্তন কৰা সন্দৰ্ভত হকী ইণ্ডিয়াই পূৰ্বে স্পষ্টীকৰণ দি দাবী কৰিছিল যে নীলা ৰঙৰ এষ্ট্ৰ’-টাৰ্ফত নীলা জাৰ্চী পৰিধান কৰি খেলিলে খেলুৱৈসকলে বলটো দেখা পোৱাত অসুবিধাৰ সন্মুখীন হয়। ক্ৰীড়াসুলভ কাৰণতেই এই পৰিৱৰ্তন কৰা বুলি কৰ্তৃপক্ষই যুক্তি দৰ্শাইছিল যদিও এছিয়ান গেমছৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ সময়ত শীৰ্ষ বিষয়াবৰ্গৰ পৰস্পৰবিৰোধী মন্তব্য আৰু কৰ্মকাণ্ডই এতিয়া ক্ৰীড়া প্ৰশাসনৰ অভ্যন্তৰীণ বিচিংখলতাক উন্মোচিত কৰিছে।


