শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে। নিৰ্বাচন আয়োগক দাখিল কৰা হিচাপত দলটোৱে উল্লেখ কৰিছে যে অসম, কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা মুঠ প্ৰায় ৫২৯.৩৮ কোটি টকা ব্যয় কৰা হৈছে।
ইয়াৰে সৰ্বাধিক ধন পশ্চিম বংগৰ নিৰ্বাচনত ব্যয় কৰা হৈছিল – প্ৰায় ২৮৬ কোটি। হিচাপসমূহ ৰাজহুৱা হোৱাৰ লগে লগে ৰাজনৈতিক মহলত দলটোৰ নিৰ্বাচনী খৰচ আৰু বিপুল চান্দাক লৈ এক নতুন চৰ্চা আৰম্ভ হৈছে।
ৰাজ্যভিত্তিক হিচাপবোৰ চালে ছবিখন অধিক স্পষ্ট হৈ পৰে। পশ্চিম বংগৰ পিছত অসমত বিজেপিৰ খৰচ প্ৰায় ৯৬.২৬ কোটি। কেৰালাত ৮২.৬৭ কোটি, তামিলনাডুত ৫১.৫৬ কোটি আৰু পুডুচেৰীত ১১.৮৯ কোটি ব্যয় কৰে। অৰ্থাৎ পাঁচখন ৰাজ্যৰ ভিতৰত পশ্চিমবংগত নিৰ্বাচনী খৰচ সৰ্বাধিক।
পশ্চিমবংগৰ ক্ষেত্ৰত প্ৰায় ২৮৬ কোটি টকাৰ ভিতৰত ২১৭.১৬ কোটি টকা দলৰ সাধাৰণ নিৰ্বাচনী প্ৰচাৰত ব্যয় হৈছিল। প্ৰাৰ্থীৰ বাবে আৰু ৬৯.৮৩ কোটি টকা ব্যয় কৰা হয়। ইয়াৰে ৫৮.৮০ কোটি টকা পোনপটীয়াকৈ প্ৰাৰ্থীসকলক দিয়া হৈছিল। ইয়াৰ ভিতৰত প্ৰচাৰ, সভা, ভ্ৰমণ আৰু বিভিন্ন নিৰ্বাচনী খৰচো অন্তৰ্ভুক্ত।
কিন্তু নিৰ্বাচনী খৰচৰ লগতে দলটোৱে লাভ কৰা ধনৰ পৰিমাণো কম আশ্চৰ্যজনক নহয়। নিৰ্বাচন আয়োগক দাখিল কৰা তথ্য অনুসৰি ১৫ মাৰ্চৰ পৰা ৬ মে’লৈ নিৰ্বাচনৰ সময়ছোৱাত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ে প্ৰায় ১৪৭২.৮ কোটি টকা লাভ কৰিছিল।
এই ধন মূলতঃ চান্দা আৰু অন্যান্য নিৰ্বাচনী সাহায্যৰ হিচাপৰ অংশ। কিন্তু পাঁচখন ৰাজ্যৰ আটাইকেইটা ৰাজ্যিক কাৰ্যালয়ৰ অনুদান লাভ আৰু খৰচৰ সম্পূৰ্ণ হিচাপ একেলগে প্ৰকাশ কৰা হোৱা নাই। ফলত বিজেপিৰ সামগ্ৰিক নিৰ্বাচনী আয়ত সামান্য পাৰ্থক্য থাকিব পাৰে।
ইপিনে, নিৰ্বাচনৰ পূৰ্বে আৰু পিছত দলটোৰ হাতত থকা ধনৰ হিচাপেও দৃষ্টি আকৰ্ষণ কৰিছে। ১৫ মাৰ্চত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ বেংকত থকা নগদ ধন আৰু ধনৰ পৰিমাণ আছিল প্ৰায় ৬,৭২২.৬ কোটি টকা। ৬ মে’ত নিৰ্বাচনৰ সময়সীমা শেষ হোৱাৰ পিছত সেই সংখ্যা বৃদ্ধি পাই প্ৰায় ৭,৬২৭.২ কোটি টকা হ’ল। অৰ্থাৎ নিৰ্বাচনী ব্যয়ৰ বৃহৎ পৰিমাণৰ মাজতো সেই সময়ত দলৰ হাতত থকা ধনৰ পৰিমাণ প্ৰায় ৯০৪.৬ কোটি টকা বৃদ্ধি পালে।
অৱশ্যে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে। নিৰ্বাচনৰ সময়ত দলটোৱে লাভ কৰা ধন আৰু নিৰ্বাচনত ব্যয় কৰা ধনৰ প্ৰত্যক্ষ তুলনা কৰাটো সঠিক নহয়। কিয়নো দলৰ পূৰ্বৰ সঞ্চয়, বিভিন্ন বিভাগৰ হিচাপ আৰু নিৰ্বাচনী ব্যয়ৰ বিভিন্ন হিচাপ পৃথকে পৃথকে বিবেচনা কৰা হয়। ফলত বেংকত ধন বৃদ্ধিৰ অৰ্থ নিৰ্বাচনী অনুদানৰ সমান পৰিমাণৰ সঞ্চয় বুলি সিদ্ধান্ত ল’ব নোৱাৰি।
বিজেপিৰ ইমান বৃহৎ নিৰ্বাচনী পুঁজিৰ উৎসক লৈ এতিয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে ইমান বৃহৎ পৰিমাণৰ ধন ক’ৰ পৰা আহিল আৰু কোনে এই ধন দিলে সেয়া অধিক স্পষ্ট হোৱাটো প্ৰয়োজন। আনহাতে, ৰাজনৈতিক দলসমূহে নিয়ম অনুসৰি আয়-ব্যয়ৰ হিচাপ নির্বাচন আয়োগক দাখিল কৰিব লাগে, আৰু সেই প্রক্রিয়াৰ অংশ হিচাপে বিজেপিয়েও নথি-পত্র দাখিল কৰিছে৷
মুঠতে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ আৰ্থিক শক্তিৰ ছবি এই হিচাপৰ পৰাই ওলাই পৰিছে। এফালে ৫২৯ কোটিতকৈও অধিক নিৰ্বাচনী ব্যয়, আনফালে কেন্দ্ৰীয় নিৰ্বাচনী অনুদান লাভ প্ৰায় ১৫০০ কোটি টকা – এই দুটা পৰিসংখ্যা এতিয়া ৰাজনৈতিক বিতৰ্কৰ বিষয়।





