দেশৰ ভোটাৰ তালিকাত ডিজিটেল নিয়ন্ত্ৰণ কাৰ হাতত থাকিব? যিসকলৰ আইনগতভাৱে নাম অন্তৰ্ভুক্ত, শুধৰণি বা বাদ দিয়াৰ ক্ষমতা আছে, সেই নিৰ্বাচন পঞ্জীয়ন বিষয়া (ই আৰ অ’)ৰ সিদ্ধান্তত প্ৰযুক্তিগতভাৱে বাধা দিব পাৰেনে নিৰ্বাচন আয়োগৰ কোনো আই টি বিষয়াই? এই প্ৰশ্নই নিৰ্বাচন আয়োগৰ ভিতৰত এক অভূতপূৰ্ব বিতৰ্কৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ কেন্দ্ৰবিন্দুত আছে আয়োগৰ সঞ্চালক প্ৰধান (আই টি) সীমা খান্না।
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদন অনুসৰি নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে সীমা খান্নাৰ ভোটাৰ তালিকাৰ ছফটৱেৰত ই আৰ অ’ৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ কোনো আইনী ক্ষমতা আছে নেকি?
নিৰ্বাচন আয়ুক্ত দুগৰাকীৰ এই আপত্তিৰ পিছত এতিয়া বিতৰ্ক কেৱল কাৰিকৰী বিষয়তে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ লগত বিধিগত ক্ষমতা, ভোটাৰৰ তথ্য নিয়ন্ত্ৰণ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ প্ৰশ্নসমূহো সংযোজিত হৈছে।
কোন এই সীমা খান্না?
সীমা খান্না বৰ্তমান নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান (আই টি)। তেওঁৰ বিভাগটোৱে আয়োগৰ বিভিন্ন ডিজিটেল আৰু প্ৰযুক্তিগত ব্যৱস্থাৰ দায়িত্বত আছে। ২০২৫ চনত নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ বা এন আই চিৰ পৰা ডেপুটেচনত নিৰ্বাচন আয়োগত তেওঁ যোগদান কৰে।
তেওঁৰ বিভাগটো আয়োগৰ গুৰুত্বপূৰ্ণ ডিজিটেল আন্তঃগাঁথনিৰ সৈতে জড়িত, য’ত আছে ইচিনেট আৰু ইৰ’নেট, যিবোৰ ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধনৰ বাবে ব্যৱহাৰ কৰা হয়। ২০২৬ চনৰ ২২ জানুৱাৰীত মুকলি কৰা ইচিনেটৰ জৰিয়তে নিৰ্বাচন আয়োগৰ ৪০টাতকৈও অধিক এপ আৰু পৰ্টেল এটা ব্যৱস্থাৰ অধীনলৈ অনা বুলি দাবী কৰা হৈছিল। সেই সময়ত সীমা খান্নাই কৈছিল যে এই নতুন প্লেটফৰ্মে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা, বিশ্বাসযোগ্যতা আৰু জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব।
কিন্তু এতিয়া ভোটাৰ তালিকাৰ তথ্যকোষৰ নিয়ন্ত্ৰণ ক্ৰমান্বয়ে দিল্লীত আয়োগৰ আই টি বিভাগৰ হাতত কেন্দ্ৰীভূত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেইবাবেই প্ৰশ্ন হয় – প্ৰযুক্তিগত নিয়ন্ত্ৰণ গ্ৰাউণ্ড পৰ্যায়ৰ বিধিগত বিষয়াসকলৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পথত বাধা হৈ পৰিছে নেকি?
আইনত ই আৰ অ’সকলৰ ক্ষমতা কি?
জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ১৩বি ধাৰাত প্ৰতিটো সমষ্টিৰ নিৰ্বাচনী তালিকা প্ৰস্তুত আৰু সংশোধনৰ দায়িত্ব সংশ্লিষ্ট ই আৰ অ’ক দিয়া হৈছে। ই আৰ অ’ৰ ভূমিকা হ’ল নিৰ্ধাৰিত পদ্ধতি অনুসৰি নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰা, সংশোধন কৰা, হস্তান্তৰ কৰা বা বাদ দিয়া।
নিৰ্বাচন আয়োগে নিজৰ ইৰ’নেটৰ বৰ্ণনাত এইটোও উল্লেখ কৰিছে যে এই ব্যৱস্থাটো ই আৰ অ’ৰ পঞ্জীয়ন, ভোটাৰৰ পৰীক্ষণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ বাবে ডিজাইন কৰা হৈছে। অৰ্থাৎ ছফট্ ৱেৰে সিদ্ধান্ত গ্ৰহণত সহায় কৰিব—ই সিদ্ধান্ত লোৱা বিধিগত বিষয়াজনৰ ঠাই ল’ব নোৱাৰে।
এতিয়া বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা প্ৰশ্নটো হ’ল দিল্লীৰ কোনো প্ৰযুক্তি বিষয়াই ই আৰ অ’ৰ বিধিগত সিদ্ধান্তক ছফটৱেৰৰ জৰিয়তে বাধা দিব পাৰেনে?
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গোৱাৰ সংশ্লিষ্ট ই আৰ অ’ সমূহে ৯৭ জন ভোটাৰক তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছিল। কিন্তু অভিযোগ উত্থাপন হৈছে যে ডাটাবেছত প্ৰয়োজনীয় প্ৰৱেশৰ অভাৱত সেই নামসমূহ নিৰ্বাচনী তালিকাত যোগ কৰিব পৰা নগ’ল।
প্ৰতিবেদনত দাবী কৰা হৈছে যে গোৱাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ১১ৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত ৮বাৰকৈ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি সমস্যা সমাধান আৰু পূৰ্বৰ অৱস্থা পুনৰ ঘূৰাই আনিবলৈ কাৰিকৰী সহায় বিচাৰিছিল। জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীলৈ প্ৰেৰণ কৰা চিঠিসমূহৰ প্ৰতিলিপি সীমা খান্নাকো প্ৰদান কৰা হয়।
অভিযোগ অনুসৰি, উপ-নিৰ্বাচন আয়ুক্ত সঞ্জয় কুমাৰে ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৪ নৱেম্বৰ আৰু ২০২৬ চনৰ ২ জানুৱাৰীত সীমা খান্নালৈ পত্ৰ প্ৰেৰণ কৰিছিল। পিছত তেওঁক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত যাতে এই ছফটৱেৰে বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হয়।
নিৰ্বাচনী নিয়মত স্পষ্ট কৰি দিয়া হৈছে যে আবেদন আৰু আপত্তিসমূহ বিবেচনা কৰাৰ পিছত সংশ্লিষ্ট পঞ্জীয়ন বিষয়াই সন্তুষ্ট হ’লে নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত, বাদ দিয়া বা সংশোধনৰ নিৰ্দেশ দিব।
আয়োগৰ ভিতৰতেই আপত্তি কিয়?
ঘটনাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল এই আপত্তি কেৱল বিৰোধী ৰাজনৈতিক দলে উত্থাপন কৰা নাই। এই বিষয়ত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু কেবিনেট সচিব টি ভি সোমানাথনলৈ পত্ৰ প্ৰেৰণ কৰিছে।
তেওঁলোকে কয় যে ই আৰ অ’ৰ ক্ষমতা বা ছফটৱেৰত তেওঁলোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ কোনো আইনী অধিকাৰ ডি জি (আই টি)ৰ নাই। ক্ষেত্ৰ পৰ্যায়ৰ নিৰ্বাচন বিষয়াসকলৰ সম্পূৰ্ণ ডিজিটেল প্ৰৱেশ পুনৰ ঘূৰাই অনাৰ পক্ষত থকা বুলিও তেওঁলোকে দাবী কৰে।
এই আপত্তি গুৰুত্বপূৰ্ণ কাৰণ নিৰ্বাচন আয়োগৰ ডিজিটেল ব্যৱস্থা পৰিচালনা আৰু ভোটাৰ তালিকাৰ বিধিগত সিদ্ধান্ত লোৱাৰ মাজত কৰ্তৃত্বৰ সীমৰেখা ক’ত আছে সেই প্ৰশ্নটো চৰ্চালৈ আহিছে।
সীমা খান্না আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লক্ষ্য কৰি লৈছে কংগ্ৰেছ, তৃণমূল, সমাজবাদী পাৰ্টি আৰু আম আদমী পাৰ্টিয়ে। বিৰোধীৰ এটা অংশই অভিযোগ কৰিছে যে ভোটাৰ ছফটৱেৰৰ বেকএণ্ড নিয়ন্ত্ৰণ কৰি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভোটাৰ তালিকা প্ৰভাৱিত কৰা বা নাম বাদ দিয়া হ’ব পাৰে।
অৱশ্যে এই অভিযোগ ৰাজনৈতিক। এতিয়ালৈকে সেইবোৰ প্ৰমাণিত তথ্য নহয়। সীমা খান্নাই ব্যক্তিগতভাৱে কোনো অবৈধ কার্য সংঘটিত কৰাৰ কোনো প্রমাণ পোৱা হোৱা নাই৷
গতিকে বিতৰ্কটো সমাধান কৰিবলৈ তিনিটা বিষয় স্পষ্ট কৰিব লাগিব— ভোটাৰ ডাটাবেছৰ ওপৰত কাৰ চূড়ান্ত নিয়ন্ত্ৰণ আছে, ই আৰ অ’সকলৰ ছফট্ ৱেৰ এক্সেছ কেতিয়া আৰু কাৰ আদেশত নিষিদ্ধ কৰা হৈছিল, আৰু কাৰিকৰী ত্ৰুটিৰ বাবে যদি কোনো বৈধ সিদ্ধান্ত কাৰ্যকৰী নহয় তেন্তে কোন দায়বদ্ধ।
ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা অধিক ডিজিটেল হৈ পৰাৰ লগে লগে এই প্ৰশ্নটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে —প্ৰযুক্তিয়ে বিধিবদ্ধ বিষয়াজনক সহায় কৰিব নে ছফ্টৱেৰ নিয়ন্ত্ৰণেই শেষত তেওঁৰ আইনী ক্ষমতাৰ সীমা নিৰ্ধাৰণ কৰিব?





