• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2026 6:23 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা কৃষক ভাৰতী কো-অপাৰেটিভ লিমিটেড চমুকৈ কৃভকোৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্ৰতিষ্ঠানটোৱে এক বৃহৎ সফলতাৰ কথা ৰাজহুৱা কৰিছে। ভাৰতৰ অন্যতম অগ্ৰণী সাৰ উৎপাদনকাৰী এই সমবায় প্ৰতিষ্ঠানটোৱে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৮২৪.৬৮ কোটি টকাৰ কৰ-পূৰ্ব লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেৱল সেয়াই নহয়, এই অভাবনীয় সাফল্যৰ পাছতে প্ৰতিষ্ঠানটোৱে ইয়াৰ সদস্য সমবায়সমূহৰ মূলধনৰ ওপৰত ২০ শতাংশ লভ্যাংশও ঘোষণা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে কৃভকোৰ অধ্যক্ষ ভি সুধাকৰ চৌধুৰীয়ে। দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত এই সভাতেই বাৰ্ষিক হিচাপ-নিকাচতো অনুমোদন জনোৱা হয়।

 

Apply Now

যোৱা বিত্তীয় বৰ্ষটোত কৃভকোৱে উৎপাদনৰ দিশতো এক অভিলেখ সৃষ্টি কৰিছে। প্ৰতিষ্ঠানটোৱে এই সময়ছোৱাত ২১.৩৪ লাখ মেট্ৰিক টন ইউৰিয়া আৰু ১২.৩৯ লাখ মেট্ৰিক টন এমোনিয়া উৎপাদন কৰি নিজৰ উৎপাদন ক্ষমতাৰ ক্ৰমে ৯৭.২৬ শতাংশ আৰু ৯৯.৩৬ শতাংশ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। কৃষকসকলৰ সুবিধাৰ্থে প্ৰতিষ্ঠানটোৱে নিম-কোটেড ইউৰিয়া, জৈৱ সাৰ, উন্নত মানৰ বীজ, জিংক ছালফেটকে ধৰি বহুতো অত্যাৱশ্যকীয় সামগ্ৰী বজাৰত উপলব্ধ কৰিছে। এই বিত্তীয় বৰ্ষত কৃভকোৱে সৰ্বমুঠ ৪৫.৩৭ লাখ মেট্ৰিক টন সাৰ বিক্ৰী কৰি কৃষকৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে।

 

মূল প্ৰতিষ্ঠানটোৰ লগতে ইয়াৰ সহযোগী প্ৰতিষ্ঠানসমূহেও ব্যৱসায়িক ক্ষেত্ৰত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। কৃভকো ফাৰ্টিলাইজাৰ্ছ লিমিটেডে এই বৰ্ষত ১১.০২ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি ১৪.৪০ কোটি টকাৰ লভ্যাংশ ঘোষণা কৰিছে। একেদৰে, কৃভকো এগ্ৰি বিজনেছ লিমিটেডে অভিলেখসংখ্যক ১,৯১৯.৩৫ কোটি টকাৰ ব্যৱসায় কৰিছে, য’ত ঘৰুৱা আৰু ৰপ্তানি দুয়োটা খণ্ডতেই বৃহৎ উত্থান দেখা গৈছে। আনহাতে, কৃভকো গ্ৰীণ এনাৰ্জী প্ৰাইভেট লিমিটেডে গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত স্থাপন কৰি থকা নতুন উদ্যোগ দুটা অহা ২০২৬-২৭ বৰ্ষত কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। সভাত পৰিচালন সঞ্চালক এছ এছ যাদৱে এই সকলোবোৰ কাৰ্যকৰী সফলতাৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক বিস্তাৰিতভাৱে অৱগত কৰে।

 

কেৱল ব্যৱসায়িক লাভালাভেই নহয়, গ্ৰাম্য উন্নয়ন আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো কৃভকোৱে গ্ৰামীণ বিকাশ ট্ৰাষ্টৰ জৰিয়তে পিছপৰা শ্ৰেণীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। ভাৰত চৰকাৰৰ ‘সহকাৰ সে সমৃদ্ধি’ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে সমবায় খণ্ডক অধিক শক্তিশালী কৰি তুলিছে। এই উৎকৃষ্ট সেৱাৰ বাবেই প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বহুতো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই সাধাৰণ সভাৰ মজিয়াতে সমবায় আন্দোলনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে গুজৰাটৰ শংকৰভাই চৌধুৰীক সহকাৰিতা শিৰোমণি বঁটা আৰু মধ্যপ্ৰদেশৰ ভগৱান সিং যাদৱক সহকাৰিতা বিভূষণ বঁটাৰে সন্মানিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd